গুৱাহাটী : গুৱাহাটী প্ৰেছ ক্লাবৰ সমীপতে উশৃংখল যুৱকৰ এটা দলে এগৰাকী মহিলা সাংবাদিকক অশালীন ব্যৱহাৰ কৰাৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে ‘জাৰ্ণালিষ্টছ ফ’ৰাম অসম’(জেএফএ)এ৷ সাংবাদিকগৰাকীয়ে অভিযোগ কৰা মতে যোৱা ১০ ফেব্ৰুৱাৰীৰ সন্ধিয়া তেওঁ ‘ৰবীন্দ্ৰ ভৱন’ত অনুষ্ঠান চাই ঘৰমুৱা হোৱাৰ সময়তে প্ৰেছ ক্লাবৰ সমীপতে পাৰ্কিং কৰা অৱস্থাত থকা এখন গাড়ীৰ ভিতৰৰ পৰা কেইজনমান যুৱকে তেওঁক অশ্লীল মন্তব্য কৰে , কিন্তু সাংবাদিকগৰাকীয়ে এই ঘটনাৰ প্ৰতিবাদ কৰি গাড়ীখনৰ নম্বৰপ্লেটৰ ফটো উঠাওতেই গাড়ীখন সেই ঠাইৰ পৰা পলাই পত্ৰং দিয়ে৷ ‘জেএফএ’ই সন্ধিয়াপৰতেই প্ৰেছ ক্লাবৰ সমীপত ঘটা এনে ঘটনাত উদ্বেগ প্ৰকাশ কৰি কয় যে এয়া মহানগৰীৰ মহিলা বা নাৰীসমাজৰ নিৰাপত্তা বা সুৰক্ষাৰ দিশত এটি নেতিবাচক আৰু দুশ্চিন্তাজনক বাৰ্তা কঢ়িয়াই আনিছে৷ এই ক্ষেত্ৰত চৰকাৰ বা সংশ্লিষ্ট প্ৰশাসনীয় কৰ্তৃপক্ষই শীঘ্ৰেই ঘটনাৰ যথাযথ তদন্ত প্ৰক্ৰিয়া সম্পন্ন কৰি মহানগৰীত মহিলাৰ সুৰক্ষাৰ দিশটোক শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰিব লাগে বুলি ‘জেএফএ’ই দাবী জনায়৷