Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:37 am

Home » আঞ্চলিক » বড়ো ৰাজনীতিত ক্রমাৎ এঘৰীয়া হাগ্রামা : বি টি আৰত হ’ব বিজেপিৰ নতুন মিত্র

বড়ো ৰাজনীতিত ক্রমাৎ এঘৰীয়া হাগ্রামা : বি টি আৰত হ’ব বিজেপিৰ নতুন মিত্র

গুৱাহাটী : বড়ো ৰাজনীতিত ক্রমাৎ এঘৰীয়া হোৱাৰ উপক্রম হৈছে বি পি এফ তথা দলটোৰ মুৰববী হাগ্রামা মহিলাৰী৷ নিখিল বড়ো ছাত্র সন্থা (এবছু) আৰু এন ডি এফ বিৰ আটাইকেইটা গোটৰ লগত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পাছত অঞ্চলটোত ৰাজনৈতিক পট পৰিৱর্তন হোৱাটো নিশ্চিত হৈছে৷ প্রায় এঘাৰটা বছৰ নেতৃত্বত থকা প্রমোদ বড়োৱে তামুলপুৰত অনুষ্ঠিত বিশেষ অধিৱেশনত এবছুৰ পৰা অব্যাহতি লোৱাৰ পাছত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফৰ বিকল্প হিচাপে নতুন দল গঠনৰ পৰিৱর্তে ইউ পি পি এলক শক্তিশালী ৰূপ দিয়াৰ সংকল্পৰ কথা আজি স্পষ্ট হৈ পৰিল৷ হাগ্রামা মহিলাৰীৰ বি পি এফ বিজেপি মিত্রজোঁটৰ অংশীদাৰ দল যদিও বিজেপিয়ে বড়োলেণ্ডৰ পৰিৱর্তিত ৰাজনীতিৰ প্রতি লক্ষ্য ৰাখি ইউ পি পি এলৰ লগতো যে মিত্রতাৰ কথা পাতিছে, সেই কথা স্পষ্ট হৈ আজি দলটোৰ নেতা উর্খাও গৌড়া ব্রহ্মৰ ভাষ্যত৷ 
বড়োলেণ্ডত হাগ্রামা মহিলাৰীৰ ৰাজনৈতিক প্রতিদ্বন্দ্বী উর্খাও গৌড়া ব্রহ্মক ৰাজ্য সভাৰ প্রার্থিত্ব দিয়াৰ লগতে প্রমোদ বড়োকো ৰাজনৈতিক টোপ দিয়াৰ কথা এতিয়া ক্রমাৎ পোহৰলৈ আহিছে৷ ৰাজ্যৰ ৰাজনীতিত চৰকাৰ গঠনত কিংমেকাৰৰ ভূমিকা লৈ অহা হাগ্রামা মহিলাৰীয়ে এইবাৰ প্রবল প্রত্যাহবানৰ সন্মুখীন হৈছে সেই কথা আজি সামৰণি পৰা এবছুৰ বিশেষ অধিৱেশনে স্পষ্ট কৰিছে৷এবছুৰ বিশেষ অধিৱেশনত উপস্থিত থাকে এন ডি এফ বিৰ দুটা গোটৰ নেতা ক্রমে গোবিন্দ বসুমতাৰী আৰু বি চাউৰাইগ্রা৷ আন দুটা গোটৰ নেতা ৰঞ্জন দৈমাৰী আৰু ধীৰেন বড়ো এবছুৰ অধিৱেশনত উপস্থিত নাছিল যদিও এবছু বা এন ডি এফ বিৰ আন দুটা গোটে গ্রহণ কৰা সিদ্ধান্তত সন্মতি থকাৰ কথা উল্লেখ কৰিছে বুলি জানিব পৰা গৈছে৷ 
উল্লেখযোগ্য যে বি টি চিৰ নির্বাচন অহা এপ্রিল মাহত অনুষ্ঠিত হ’ব৷ বি টি চিৰ নির্বাচনলৈ সৰহদিন নাই, সেয়েহে নতুন দল গঠনৰ পৰিৱর্তে ইউ পি পি এলক শক্তিশালী কৰিবলৈ সকলোকে যোগ দিয়াৰ আহবান জনাইছে দলটোৰ নেতা উর্খাও গৌড়া ব্রহ্মই৷ ব্রহ্মই আজি কয় যে হাগ্রামা মহিলাৰীয়ে বি টি চিৰ ক্ষমতা এৰি দিয়াটো নৈতিক দায়িত্ব৷ তেওঁ আৰু কয় যে মিত্রতা সম্পর্কত বিজেপিৰ লগত আলোচনা হৈছে৷ এবছু ত্যাগ কৰিয়ে ৰাজনীতি কৰাৰ কথা পোনপটীয়াকৈ উল্লেখ কৰা নাই যদিও এবছুৰ নৱনির্বাচিত সভাপতি দ্বীপেন বড়োৱে কয় যে পূর্বৰ বি পি পি এফ, গোবিন্দ বসুমতাৰী নেতৃত্বাধীন এন ডি এফ বি আৰু প্রমোদ বড়ো নেতৃত্বত থকাৰ সময়তে এবছুৱে ইউ পি পি এল গঠন কৰিছিল, সেয়েহে এই দলটোক শক্তিশালী কৰিব লাগে৷ 
এবছুৰ অধিৱেশনত শান্তি চুক্তি স্বাক্ষৰকাৰী সংগঠনকেইটাই আনুষ্ঠানিকভাৱে কোনো সিদ্ধান্ত গ্রহণ কৰা নাই যদিও এবছু আৰু এন বি এফ বিৰ আটাইকেইটা গোটে কম দিনৰ ভিতৰতে সিদ্ধান্ত ৰাজহুৱা কৰিব বুলি জানিব পৰা গৈছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি