গুৱাহাটী : অপৰাধৰ সৈতে জড়িত ৰাজনৈতিক নেতাক টিকট দিয়াক লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ।এই নিৰ্দেশ অমান্য কৰিলে উচিত ব্যৱস্থা গ্ৰহণ কৰিব ন্যায়ালয়ে।সকলো ৰাজনৈতিক দলে নিজৰ প্ৰাৰ্থীৰ অপৰাধজনিত ঘটনাৰ তথ্য অফিচিয়েল ৱেবছাইট,ফেচবুক আৰু টুইটাৰ একাউণ্টত আপলোড কৰিব লাগিব।দাগী প্ৰাৰ্থীক টিকট দিলে তাৰ কাৰণ জনাব লাগিব ৰাজনৈতিক দলে।যদি ৰাজনৈতিক দলে অপৰাধৰে জড়িত ব্যক্তিক টিকট দিয়ে, তেন্তে দলে ইয়াৰ কাৰণো দৰ্শাব লাগিব।