Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 12:47 pm

Home » আঞ্চলিক » জমিয়ত আহলে হাদীছ অসমৰ সভাপতি জামাল উদ্দিন ছালাফীৰ মৃত্যুঃ বিভিন্ন দল-সংগঠনৰ শোক

জমিয়ত আহলে হাদীছ অসমৰ সভাপতি জামাল উদ্দিন ছালাফীৰ মৃত্যুঃ বিভিন্ন দল-সংগঠনৰ শোক

হাউলী : বৰপেটা জিলাৰ হাউলীৰ ওচৰৰ কাউৰপাৰা গাঁৱৰ বিশিষ্ট নাগৰিক,সমাজ কৰ্মী,ইছলামিক পণ্ডিত,কাবিলপুৰ ছিনিয়ৰ মাদ্ৰাছাৰ অৱসৰ প্ৰাপ্ত অধীক্ষক,জমিয়তে আহলে হাদীছ অসমৰ সভাপতি মৌলানা জামাল উদ্দিন ছালাফিৰ আজি আবেলি দুই বজাত বাৰ্ধক্য জনিত কাৰণত নিজ বাস ভৱনত পৰলোক প্ৰাপ্তি ঘটে |মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৩ বছৰ|  তেওঁ মৃত্যুৰ আগমূহুৰ্তলৈকে অঞ্চলটোৰ বিভিন্ন সামাজিক তথা ধৰ্মীয় অনুষ্ঠাণ-প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোত ভাবে জড়িত আছিল |

 তেখেতে ২০০১ চনত হাউলীৰ ওচৰৰ ইটাৰভিটা- হেলেনাৰপামৰ জামিয়া ইছলামীয়া ছালাফীয়া আৰবী কলেজ স্থাপন কৰি তেতিয়াৰ পৰা পৰিচালনা সমিতিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল | ছালাফীৰ মৃত্যুত অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে | তেখেতৰ মৃত্যুত বৰপেটা জিলা আমছুৰ সভাপতি নজৰুল ইছলাম,আমছুৰ প্ৰাক্তন সভাপতি আঃছামাদ আহমেদ,ইউডিএফৰ বৰপেটা জিলা সমিতিৰ মূখ্য আহ্বায়ক স্বামচ উদ্দিন কাচেমী,পটা-মাজগাঁও ছিনিয়ৰ মাদ্ৰাছাৰ অৱসৰ প্ৰাপ্ত অধীক্ষক মৌলানা মাইনুল হক,বৰপেটা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ছামচুল আলম,হাউলী আঞ্চলিক আমছুৰ প্ৰক্তন সাধাৰণ সম্পাদক দিদাৰ হুছেইন সহ বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে | বৃহস্পতিবাৰে জহুৰৰ নামাজৰ পিছত হাউলীৰ ইটাৰভিটা-হেলেনাৰপাম জামিয়া ইছলামীয়া ছালাফীয়া আৰবী কলেজ চৌহদত ছালাফীৰ জানাজা সম্পন্ন কৰা হ’ব বুলি পৰিয়ালৰ সুত্রত প্ৰকাশ |

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি