কোকৰাঝাৰ : বিটিএডি/বিটিআৰৰ ধৰ্মীয় সংখ্যালঘু আৰু অন্যান্য জনগোষ্ঠীয় লোকৰ বিভিন্ন সমস্যা সম্পৰ্কে আলোচনা কৰাৰ বাবে আজি দিনৰ ২ বজাৰ পৰা বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী আৰু বিটিচিৰ প্ৰধান সচিব সমন্বিতে বিভিন্ন বিভাগৰ বিষয়াবৰ্গৰ উপস্থিতিত আমছুৰ নেতৃত্বৰ লগত এক আনুষ্ঠানিক বৈঠক কোকৰাঝাৰৰ বিটিচি সচিবালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। আমছুৰ প্ৰতিনিধি দলে ১৫ দফীয়া দাবী সম্বলিত এখন স্মাৰকপত্ৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ হাতত অৰ্পণ কৰি সমস্যা সমূহৰ সমাধানৰ দাবী উত্থাপন কৰে। আমছুৰ প্ৰতিনিধি দলত উপদেষ্টা আজিজুৰ ৰহমান, সভাপতি ৰেজাউল কৰিম সৰকাৰ, কাৰ্য্যকৰী সভাপতি আইনুদ্দিন আহমেদ, সাধাৰন সম্পাদক আব্দুৰ ৰহমান বিশ্বাস, উপসভাপতি ৰফিকুল ইছলাম, সহকাৰী সাধাৰন সম্পাদক মিন্নাতুল ইছলাম, জয়নাল আলী, সাংগঠনিক সম্পাদক আনোৱাৰ হুছেইন, আমছুৰ কোকৰাঝাৰ, পশ্চিম কোকৰাঝাৰ, চিৰাং, বিজনী, বাক্সা আৰু ওদালগুৰি জিলা সমিতিৰ সভাপতি সকল উপস্থিত আছিল।আলোচনাকালত হাগ্ৰামা মহিলাৰীয়ে পৰ্যায়ক্ৰমে সমস্যা সমূহ সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰে, বিশেষকৈ বিটিএডিৰ লগতে সমগ্ৰ অসমত বড়ো আৰু অন্যান্য জনগোষ্ঠীয় লোকৰ মাজত সমন্বয় গঢ়াত তেখেত সকলে আগভাগ লব বুলি আমছু নেতৃত্বৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰে।