Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 4:11 am

Home » আঞ্চলিক » বড়োলেণ্ডৰ ৰাজনীতিত নতুন সমীকৰণ : বেলি মাৰ যোৱাৰ দিশে হাগ্রামাৰ ৰাজনীতি

বড়োলেণ্ডৰ ৰাজনীতিত নতুন সমীকৰণ : বেলি মাৰ যোৱাৰ দিশে হাগ্রামাৰ ৰাজনীতি

গুৱাহাটী : নিখিল বড়ো ছাত্র সন্থা (এবছু) আৰু এন ডি এফ বিৰ চাৰিটা গোটৰ মাজত সম্পাদিত় বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন ( বি টি আৰ) চুক্তিয়ে বড়োলেণ্ডৰ ৰাজনীতিত নতুন সমীকৰণ সৃষ্টি কৰাটো স্পষ্ট হৈ পৰিছে৷ বি টি চি চুক্তিৰ দ্বাৰা ধাৰাবাহিকভাৱে বি পি এফে বি টি চি দখল কৰাৰ লগতে ৰাজ্যত চৰকাৰ গঠনত মুখ্য ভূমিকা লৈ কিংমেকাৰ হোৱা হাগ্রামা মহিলাৰীৰ ৰাজনীতিৰ বেলি মাৰ যোৱাৰ দিশে উপক্রম হৈ পৰিছে৷ উল্লেখযোগ্য যে বড়োলেণ্ডৰ প্রসংগত পূর্বে হোৱা কোনোখন চুক্তি এবছুৰ উপস্থিতিত হোৱা নাছিল৷

এইবাৰেই পোন প্রথমবাৰৰ বাবে এবছুৰ লগত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে বি টি আৰ চুক্তি স্বাক্ষৰ কৰিছে৷ এন ডি এফ বিৰ আটাইকেইটা গোটৰ লগত এবছুৱে চুক্তি স্বাক্ষৰ কৰাৰ পাছৰে পৰা বড়োলেণ্ডৰ ৰাজনীতিত নতুন ৰাজনৈতিক সমীকৰণ আৰম্ভ হৈছে৷ বি টি আৰ চুক্তি স্বাক্ষৰৰ পূর্বে বি পি এফৰ মুৰববী হাগ্রামা মহিলাৰীয়ে এবছুৰ লগত কিছুদিন পূর্বে বি টি চিৰ নির্বাচনত আসন এৰি দি একপ্রকাৰ সন্ধিৰ প্রস্তাৱ দিছিল যদিও সেই প্রস্তাৱ এবছুৱে অগ্রাহ্য কৰিছিল৷বি টি আৰ চুক্তি স্বাক্ষৰৰ পাছত কোকৰাঝাৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত অনুষ্ঠিত হোৱা সমাৱেশত হোৱা বিপুল সমাগমে এবছু, এন ডি এফ বিৰ গুৰুত্ব অঞ্চলটোত বৃদ্ধি কৰাত নতুন ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ আৰম্ভ হৈছে৷ বর্তমানে বিজেপি মিত্রজোঁটত বি পি এফ অংশীদাৰ দল যদিও পৰিৱর্তিত পৰিস্থিতিত বিজেপিৰ ওচৰত বি পি এফৰ গুৰুত্ব হ্রাস পাইছে৷

 বি পি এফৰ মুৰববী হাগ্রামা মহিলাৰীয়ে তেওঁৰ দলৰ কোনো নেতা বিজেপিত যোগদান নকৰে বুলি ঘোষণা কৰিছে যদিও এটা নির্ভৰযোগ্য সূত্রৰ পৰা জানিব পৰা মতে, বিজেপিয়ে কেইবাজনো বি পি এফৰ নেতাক বিজেপিত যোগদান কৰোৱাৰ প্রচেষ্টা অব্যাহত ৰাখিছে৷ বড়ো ৰাজনীতিত বি পি এফৰ অন্যতম প্রতিদ্বন্দ্বী আছিল উর্খাও গৌড়া ব্রহ্ম নেতৃত্বাধীন ইউনাইটেড পীপ৲লছ পার্টি (লিবাৰেশ্যন)৷ ইউ পি পি এল দলৰ সমর্থনত আছিল এবছু আৰু গোবিন্দ বসুমতাৰী নেতৃত্বাধীন এন ডি এফ বি৷

 বি পি এফৰ লগত ৰাজনৈতিক যঁুজত ইউ পি পি এল সফল হোৱা নাছিল যদিও এইবাৰ বি টি আৰ চুক্তিৰ পাছত বড়োলেণ্ডত হোৱা আৱেগৰ জোৱাৰৰ ওপৰত নির্ভৰ কৰিয়ে নতুন নামকৰণেৰে ৰাজনৈতিক দল গঠন কৰাৰ যো-জা কৰিছে এবছু আৰু এন ডি এফ বিয়ে৷ অৱশ্যে এবছু আৰু এন ডি এফ বিৰ আটাইকেইটা গোটে নতুন ৰাজনৈতিক দল গঠনৰ কথা পোনপটীয়াকৈ স্বীকাৰ কৰা নাই ৷ কাইলৈ তামুলপুৰত এবছুৰ অধিৱেশন অনুষ্ঠিত হ’ব৷ 
এই অধিৱেশনত এবছুৰ বর্তমানৰ নেতৃত্বই অব্যাহতি ল’ব৷ এবছুৰ সভাপতি প্রমোদ বড়োৱে কয় যে বি টি আৰ চুক্তিৰ দফাসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্রত কাইলৈৰ অধিৱেশনত আলোচনা হ’ব৷ পৰৱর্তী সময়ত বড়ো ৰাইজৰ ৰাজনৈতিক দল গঠন সম্পর্কত নির্দেশনা কি হ’ব, সেই বিষয়েও আলোচনা হ’ব বুলি জানিবলৈ দিয়ে এবছুৰ সভাপতি বড়োৱে৷ ইফালে এন ডি এফ বিৰ ( প্রগতিশীল) নেতা গোবিন্দ বসুমতাৰীয়ে কয় যে নতুন ৰাজনৈতিক দল সম্পর্কত তেওঁলোকৰ আটাইকেইটা গোটে আলোচনা কৰিছে৷
 এবছু, এন ডি এফ বিয়ে ৰাজনৈতিক দল গঠনৰ বিষয়টোক এবছু আৰু এন ডি এফ বিয়ে অস্বীকাৰ নকৰাৰ লগে লগে নতুন ৰাজনৈতিক শক্তি বড়োলেণ্ডত উত্থান হোৱাটো একপ্রকাৰ নিশ্চিত হৈছে৷ নির্ভৰযোগ্য সূত্রৰ পৰা জানিব পৰা মতে, বড়ো শান্তি চুক্তি স্বাক্ষৰ কৰাত এন ডি এফ বিৰ লগতে এবছুকো কেন্দ্র-ৰাজ্য দুয়োখন চৰকাৰে অধিক গুৰুত্ব দিছে৷ বড়োলেণ্ডৰ ৰাজনীতিত এবছু আৰু এন ডি এফ বি অধিক প্রাসংগিক হৈ পৰাত ক্রমাৎ গুৰুত্বহীন হৈ পৰিছে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি