গুৱাহাটী : কেন্দ্ৰীয় চৰকাৰে গঠন কৰা ৬ নং দফাক লৈ কমিটীখনৰ আজি অন্তিমখন বৈঠক। জুলাই মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বিপ্লব কুমাৰ শৰ্মাৰ অধ্যক্ষতাত কমিটীখন গঠন কৰা হৈছিল। অক্টোবৰ মাহৰ পৰা কমিটীখনে কাম আৰম্ভ কৰিছিল।এই কমিটিয়ে যুগুটোৱা প্ৰতিবেদন অহা ১৫ ফেব্ৰুৱাৰীত কমিটিয়ে দাখিল কৰিব কেন্দ্ৰ চৰকাৰক।সমিতিৰ সদস্য সকল ক্ৰমে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা, ৰমেশ বৰপাত্ৰগোঁহাই, সুভাষ দাস, পল্লব ভট্টাচাৰ্য, সুমন্ত চলিহা, ৱাচবিৰ হুছেইন, জয়কান্ত শৰ্মা, সৃষ্টিধৰ দত্ত আৰু নিলয় দত্ত। বৈঠকত উপস্থিত হৈছে আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য, লুৰিণজ্যোতি গগৈ আৰু দীপাংক নাথ
।