| | |

পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ল ‘ভিলেজ ৰকষ্টাৰ্ছ’

গুৱাহাটী : ৰাজ্যবাসীলৈ এক সুখবৰ। সপ্তম শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ল ৰীমা দাসৰ অস্কাৰ মনোনীত ছবি ভিলেজ ৰকষ্টাৰ্ছৰ কথা। এতিয়াৰ পৰা অসমৰ শিক্ষাৰ্থীয়ে সপ্তম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ পাঠ্যক্ৰমত পঢ়িবলৈ পাব ভিলেজ ৰকষ্টাৰ্ছৰ বিষয়ে। ৰাজ্য চৰকাৰৰ এই পদক্ষেপত ধন্যবাদ জ্ঞাপন কৰিছে ৰীমা দাসৰ মাতৃয়ে। এখন গীটাৰ, আৰু এই গীটাৰখনৰে ৰকষ্টাৰ্ছ হোৱাৰ সপোন দেখা ধুনু অৰ্থাৎ অন্যতম অভিনেত্ৰী ভনিতা দাসে কয় যে শিক্ষা সংসদৰ এই সিদ্ধান্তত যথেষ্ঠ আনন্দিত হৈছো, চিনেমাখনক লৈ ৰাজ্য চৰকাৰে এনে পদক্ষেপ লোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো।

বলীউডত কেইগৰাকীমান অসম সন্তান

বলীউডতে হিন্দী ভাষাত নির্মিত বাণিজ্যিক মূল সুঁতিৰ তথা কলাত্মক (আর্ট) চিনেমাত অভিনয় কৰিবলৈ দেশৰ লাখ লাখ যুৱক–যুৱতীয়ে সপোন দেখে৷ বলীউডত বছৰি তিনি শতাধিক হিন্দী চিনেমা নির্মাণ কৰা হয়৷ বলীউডৰ জনপ্রিয়তাৰ শীর্ষত থকা জনপ্রিয় ছবি পৰিচালক বিশেষকৈ ৰাজকুমাৰ হিৰাণী, অনুৰাগ কাশ্যপ, ৰোহিত ছেট্টী, ইমতিয়াজ আলী, মধুৰ ভাণ্ডাৰকাৰ, আদিত্য চোপ্রা আদিৰ পৰিচালনাত নির্মিত ছবিত অভিনয় কৰিবলৈ পোৱাটো এক সপোন৷ এইসকল পৰিচালকৰ ছবিত অভিনয় কৰিবলৈ সুযোগ পোৱাসকলক সৌভাগ্যৱান বুলিয়ে ক’ব লাগিব৷ বিশেষকৈ শ্বাহৰুখ খান, অক্ষয় কুমাৰ, ছলমান খান, অজয় দেৱগন, আমিৰ খান, ৰণবীৰ কাপুৰ তথা বিদ্যা বালান, দীপিকা পাডুকন, আলিয়া ভাট আদি তাৰকা অভিনেতা–ভিনেত্রীৰ দৰে প্রতিষ্ঠিত হ’ব নোৱাৰিলেও বহুতেই জীৱনত এবাৰলৈ হ’লেও বলীউডৰ ছবিত অভিনয় কৰি চাবলৈ হাবিয়াস কৰে৷ বহু যুৱক–যুৱতীয়ে আকৌ হিন্দী

কাইলৈৰ পৰা মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষা

কাইলৈৰ পৰা আৰম্ভ হ’ব মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষা ৰাজ্যৰ মুঠ ৪৬০টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা পৰীক্ষাগৃহত ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল ফোন পৰীক্ষাৰ্থীৰ সন্মুখত নিৰীক্ষকে খুলিব লাগিব প্ৰশ্নকাকত নকলক লৈও পূৰ্বতকৈ কঠোৰ ছেবা নকল কৰি ধৰা পৰিলে ৩ বছৰলৈ নিলম্বিত হ’ব পৰীক্ষাৰ্থী পৰীক্ষাৰ্থীয়ে ব্যৱহাৰ কৰিব লাগিব ক’লা চিয়াহী পৰীক্ষাকেন্দ্ৰসমূহত থাকিব CCTVৰ ব্যৱস্থা এইবাৰ পৰীক্ষাত অবতীৰ্ণ হ’ব ৩,৫৮,৪৪৬ গৰাকী পৰীক্ষাৰ্থী

বিশ্ব মহাবীৰ চিলাৰায় দিৱসঃ অৰ্জুন ভোগেশ্বৰ বৰুৱালৈ চিলাৰায় বঁটা

গুৱাহাটী : আজি মহাবীৰ চিলাৰায়ৰ ৫১০ সংখ্যক জন্মজয়ন্তী । ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে অদম্য সাহসৰ প্ৰতীক বীৰ চিলাৰায় দিৱস । কোচ ৰজাৰ নৰনাৰায়ণৰ ভাতৃ তথা সুদক্ষ সেনাপতি চিলাৰায়ৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ । চিলাৰ দৰে ৰণক্ষেত্ৰত জপিয়াই পৰাৰ বাবে এইগৰাকী পৰাক্ৰমী বীৰ চিলাৰায় ৰূপে পৰিচিত হৈছিল । মহান বীৰ পুৰুষজনৰ জন্মজয়ন্তী উপলক্ষে ৰাজ্যৰ ঠায়ে ঠায়ে বিভিন্ন দল-সংগঠনে আয়োজন কৰিছে চিলাৰায় দিৱস । অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত বঙাইগাঁও জিলা প্ৰশাসন আৰু কোচ ৰাজবংশী জনগোষ্ঠীয় সংগঠনসমূহৰ সহযোগত বঙাইগাঁৱৰ আই টি আই ফিল্ডত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে চিলাৰায় দিৱসৰ । চৰকাৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীতে প্ৰবীণ ক্ৰীড়াবিদ অৰ্জুন বঁটাপ্ৰাপক ভোগশ্বৰ বৰুৱাক ২০১৯ বৰ্ষৰ বীৰ চিলাৰায় বঁটাৰে সন্মানিত কৰা হ’ব