অৱশ্যে অন্যতম চর্ত ‘সাবভৌমত্ব’ আলফা স্বাধীনৰ নেতাজনে প্রত্যাহাৰ কৰা নাই৷ সেনাধ্যক্ষ পৰেশ বৰুৱাই আলোচনাৰ বাবে পূর্বে আৰোপ কৰা দুটা চর্ত পৰিহাৰ কৰাৰ কথা আজি জানিবলৈ দিছে একালৰ ঘনিষ্ঠ সাধাৰণ সম্পাদক অনুপ চেতিয়াই৷ অনুপ চেতিয়াই আজি জানিবলৈ দিয়ে যে পৰেশ বৰুৱাই তেওঁক দুটা চর্ত পৰিহাৰ কৰাৰ কথা জনাইছে৷ অসমত বা ভাৰতৰ কোনো ঠাইত আলোচনা হ’লেও আপত্তি নাই বুলিও পৰেশ বৰুৱাই অনুপ চেতিয়াক জনাইছে৷
চেতিয়াই আজি কয় যে আলফা স্বাধীন এতিয়া বেলেগ সংগঠন৷ গতিকে তেওঁলোকে প্রথম অৱস্থাত আলোচনা আগবঢ়াই নিবলৈ কাক কাক বিশ্বাসত লৈ দায়িত্ব দিয়ে সেয়া তেওঁলোকৰ ওপৰত নির্ভৰ কৰিব৷ যিয়েই নহওক আলোচনাৰ প্রক্রিয়া দীঘলীয়া নকৰি বিহুৰ পূর্বে আৰম্ভ কৰাৰ আহবান জনাইছে অনুপ চেতিয়াই৷ আলফা স্বাধীনৰ লগত ভাৰত চৰকাৰৰ আলোচনা প্রক্রিয়া কেনেদৰে গতি লাভ কৰিব সেই কথা পৰহি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অসম ভ্রমণৰ পাছতে স্পষ্ট হৈ পৰিব৷
আলফাই আৰোপ কৰা চর্ত সার্বভৌমত্বৰ ওপৰত গণতান্ত্রিকভাৱে নির্বাচিত এখন চৰকাৰে আলোচনা কৰিব পাৰিব নে নোৱাৰে সেই কথা কেন্দ্রীয় চৰকাৰৰ বিবেচনাৰ বিষয় বুলি উল্লেখ কৰিছিল ৰাজ্যৰ বিত্ত মন্ত্রী হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্রী শর্মাই অসম ভ্রমণৰ সময়ত আলফা স্বাধীন তথা সেনাধ্যক্ষ পৰেশ বৰুৱাই আলোচনাৰ বাবে দিয়া সঁহাৰি আৰু চর্তৰ বিষয়ে অৱগত কৰাৰ কথা ইতিপূর্বে ঘোষণা কৰিছে৷ সেয়েহে অহা ৭ ফেব্রুৱাৰীৰ পাছৰ পৰা আলোচনাৰ বিষয়টোৱে কেনে গতি লাভ কৰে সেই কথা নির্ণয় হ’ব৷