Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 9:14 pm

Home » আঞ্চলিক » বর্তমানৰ বৃহৎসংখ্যক বিধায়কে নাপাব ২০২১ৰ নির্বাচনত প্রার্থিত্ব

বর্তমানৰ বৃহৎসংখ্যক বিধায়কে নাপাব ২০২১ৰ নির্বাচনত প্রার্থিত্ব

গুৱাহাটী : নাগৰিকত্ব (সংশোধনী) আইন বাতিলৰ দাবীত ৰাজ্যত হৈ থকা আন্দোলনৰ কার্যসূচীৰ মাজতে বিজেপি মিত্রজোঁটে ২০২১ চনৰ বিধানসভা নির্বাচনত ১০০টা সমষ্টি দখল কৰাৰ লক্ষ্য আগত ৰাখি বৃহৎ সংখ্যক বিধায়কৰ প্রার্থিত্ব কর্তন আৰু মিত্র দলৰ মাজত নতুনকৈ আসন বুজাপৰাৰ বাবে সাজু হৈছে৷ বিশেষকৈ মিত্রজোঁটৰ অংশীদাৰ দল বিজেপি আৰু অগপই বর্তমানৰ বিধায়কৰ পৰিৱর্তে নতুন মুখক প্রার্থিত্ব প্রদান কৰাৰ বাবে গুণাগঁথা কৰিছে৷ তদুপৰি জয়ৰ লক্ষ্য আৰু ভোটৰ গাঁথনিৰ প্রতি লক্ষ্য কৰি বর্তমানে বিজেপি বা অগপৰ দখলত থকা সমষ্টিৰ ক্ষেত্রত নতুনকৈ বুজাবুজি হ’ব বুলি জানিব পৰা গৈছে৷

উল্লেখযোগ্য যে ‘কা’ বিৰোধী আন্দোলন ভৰপক হৈ থকাৰ সময়তে বিত্ত মন্ত্রী হিমন্ত বিশ্ব শর্মাই মিত্রজোঁটে এইবাৰ এশটা সমষ্টি দখল কৰিব বুলি ঘোষণা কৰিছিল৷ বৃহৎ সংখ্যক আসন দখল কৰাৰ লক্ষ্যতে পাৰদর্শিতা প্রদর্শন কৰিব নোৱৰা আৰু বিভিন্ন অভিযোগৰ ভিত্তিত বিজেপিৰ কমেও ২০গৰাকী প্রার্থী সলনি কৰিবলৈ দল সাজু হৈছে বুলি জানিব পৰা গৈছে৷ এটা নির্ভৰযোগ্য সূত্রৰ পৰা জানিব পৰা মতে দুই-এগৰাকী বর্তমানৰ বিধায়কক বর্তমানে থকা সমষ্টিৰ পৰা আন সমষ্টিত প্রক্ষেপ কৰাৰ বাবেও দলৰ শীর্ষ মহলত আলোচনা হৈছে৷

যোৱা লোক সভাৰ নির্বাচনত বিৰোধী দলতকৈ নিজ সমষ্টিত বিজেপিৰ প্রার্থীয়ে কমকৈ ভোট লাভ কৰা, সমষ্টিৰ কাম- কাজত পিঠি দিয়া, ৰাজহুৱা মন্তব্য কৰি দলক বিতর্কৰ মাজলৈ ঠেলি দিয়া আদি বিভিন্ন দিশ পর্যালোচনা কৰি বর্তমানৰ বৃহৎ সংখ্যক বিধায়কৰ প্রার্থিত্ব কর্তন কৰা হ’ব বুলি জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে ইয়াৰ মাজৰ পৰা কেইবাগৰাকী বর্তমানৰ বিধায়কে তেওঁক যে পৰৱর্তী নির্বাচনত দলীয় প্রার্থিত্ব নিদিয়ে তাৰ উমান ইতিমধ্যে পাইছে৷

সূত্রটোৰ পৰা জানিব পৰা মতে প্রার্থিত্বৰ অনিশ্চয়তাত থকা বর্তমানৰ বিধায়কসকল ক্রমে শিলচৰৰ দিলীপ পাল, বৰখলাৰ কিশোৰ নাথ, কাটিগড়াৰ অমৰ চান্দ জৈন, উদৰবন্দৰ মিহিৰ কান্তি সোম, হাফলঙৰ বি বি হাগজেৰ, বিলাসীপাৰা পশ্চিমৰ অশোক সিংহী, পলাশবাৰীৰ প্রণৱ কলিতা, দিছপুৰৰ অতুল বৰা, মঙলদৈৰ গুৰুজ্যোতি দাস, বৰচলাৰ গণেশ কুমাৰ লিম্বু, ৰহাৰ ডিম্বেশ্বৰ দাস, হোজাইৰ শিলাদিত্য দেব, লামডিঙৰ শিবু মিশ্র, বিহপুৰীয়াৰ দেৱানন্দ হাজৰিকা, মৰাণৰ চক্র গগৈ, হাজোৰ সুমন হৰিপ্রিয়া অন্যতম৷ বর্তমানৰ বিধায়িকা আঙুৰলতা ডেকাক বটদ্রৱাৰ পৰা আন সমষ্টিত প্রার্থিত্ব দিয়াৰ চিন্তা-চর্ আৰম্ভ হৈছে দলটোৰ শীর্ষ মহলত৷ অগপ বা বিজেপিৰ দখলত বর্তমানে থকা সমষ্টিত দুয়োটা দলে পুনৰ প্রতিদ্বন্দ্বিতা কৰিলে জয়ৰ সম্ভাৱনা কম থকাত কেইবাটাও সমষ্টিৰ ক্ষেত্রত নতুন বুজাপৰা কৰিবলৈ দুয়োটা দল সাজু হৈছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি