উত্তৰ কাছাৰৰ হাজাৰ কোটি টকীয়া কেলেংকাৰিৰ সৈতে উগ্রপন্থীৰ সম্পর্ক থকা বাবে সেই গোচৰৰ তদন্ত ‘নিয়া’ৰ বাবে দেশৰ প্রথমটো গোচৰ আছিল৷ পৰৱর্তী সময়ত নিয়াই অসমত জে এম বি, এন ডি এফ বি সম্বন্ধীয় কেইবাটাও গোচৰৰ তদন্ত চলাই থকাৰ সময়ত আই আই টি গুৱাহাটীৰ অধ্যাপক অৰূপজ্যোতি শইকীয়াক তিনিদিনকৈ জেৰা কৰাৰ আঁৰত মাওবাদীৰ সৈতে সম্পর্ক থকাৰ অভিযোগ উত্থাপন হ’ব ধৰিছে৷ যদিও ‘কা’ বিৰোধী আন্দোলনত অধ্যাপকগৰাকীয়ে উচটনি দিয়াৰ অভিযোগ চৰকাৰী পক্ষৰ পৰা উত্থাপন হৈছে, প্রকৃততে নিয়াই তেনে অভিযোগৰ ভিত্তিত তদন্ত নকৰে৷
উগ্রপন্থী বা সন্ত্রাসবাদী সম্বন্ধীয় গোচৰৰ তদন্তহে ‘নিয়া’ই কৰি আহিছে৷ ইফালে যিহেতু মাওবাদীৰে সম্পর্ক বা যোগাযোগ থকাৰ অভিযোগত কৃষক মুক্তি সংগ্রাম সমিতিৰ চাৰিজনকৈ নেতাক তদন্তকাৰী সংস্থাটোৱে গ্রেপ্তাৰ কৰিছে আৰু সেইসকল নেতাৰ তথ্যৰ ভিত্তিত অধ্যাপক শইকীয়াক তদন্তৰ আওতালৈ আনিছে, সেয়ে মাওবাদীৰ সৈতে অধ্যাপক শইকীয়াৰ কিবা যোগসূত্র আছিল নেকি বুলি প্রশ্ন উত্থাপন হ’বলৈ ধৰিছে৷ তিনি দিন ধৰি জেৰা কৰাক লৈ কোনো এটা পক্ষৰ পৰা স্থিতি স্পষ্ট হোৱা নাই যদিও নির্ভৰযোগ্য সূত্রৰ পৰা জানিব পৰা মতে মাওবাদীৰ সৈতে যোগসূত্র থকাৰ অভিযোগত অধ্যাপকজনক জেৰা কৰিছে৷ জেৰাৰ কালত নদীবান্ধ আন্দোলনৰ পৰা ‘কা’ বিৰোধী আন্দোলনলৈ বিভিন্ন প্রশ্নৰে তদন্তকাৰী সংস্থাটোৱে জবাবদিহি কৰা বুলি জানিব পৰা গৈছে৷