Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:56 am

Home » আঞ্চলিক » ৰামেশ্বৰ তেলীৰ বাসগৃহত আক্রমণ : মন্ত্রীৰ বিশ্বস্ত বিজেপি নেতাসহ তিনিজনক গ্রেপ্তাৰ

ৰামেশ্বৰ তেলীৰ বাসগৃহত আক্রমণ : মন্ত্রীৰ বিশ্বস্ত বিজেপি নেতাসহ তিনিজনক গ্রেপ্তাৰ

গুৱাহাটী : সৰিয়হৰ ডুলিতে ভূত৷ নাগৰিকত্ব (সংশোধনী) আইন-বিৰোধী প্রতিবাদত কংগ্রেছকে ধৰি আন ৰাজনৈতিক দলৰ প্রত্যক্ষ হাত আছে বুলি শাসনাধিষ্ঠিত বিজেপিয়ে বাৰম্বাৰ অভিযোগ কৰি থকাৰ সময়তে যেন বেজৰ নাকত খৰ হ’ল৷ দুলীয়াজানত কেন্দ্রীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলীৰ বাসগৃহত আক্রমণ কৰাৰ অভিযোগত এতিয়া দুজন বিজেপিৰ কর্মীসহ তিনিজনক ডিব্রুগড়ৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ ইয়াৰে এজন বিজেপি যুৱ মর্ৰ দুলীয়াজান আঞ্চলিকৰ অন্যতম শীর্ষ নেতা৷
তেওঁক মন্ত্রী তেলীৰ অতি ঘনিষ্ঠ দেৱজিত হাজৰিকা বুলি জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে যোৱা ১১ ডিচেম্বৰৰ নিশা কেন্দ্রীয় মন্ত্রী তেলীৰ দুলীয়াজানৰ টিপলিঙত থকা বাসগৃহত একাংশ লোকে আক্রমণ কৰি বিস্তৰ ক্ষতিসাধন কৰিছিল৷ কা-বাতিলৰ দাবীত একাংশ প্রতিবাদকাৰীয়ে তেলীৰ বাসগৃহত আক্রমণ কৰা ঘটনা সন্দর্ভত দুলীয়াজান থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি) ১৪৭১৪৮১৪৯১৫৩(এ) ৩৩৬৩৫৩১৮৮৩২৬৩০৭৪২৭৪৩৬ আৰু আর্মছ এক্টৰ অধীনত এক গোচৰ (৬২৬২০১৯) ৰুজু হৈছিল৷
এই গোচৰৰ আধাৰতে আৰক্ষীয়ে চি চি টিভিত আবদ্ধ ভিডিঅ’ৰ তথ্যৰ ভিত্তিত তিনিজন যুৱকক গ্রেপ্তাৰ কৰিছে৷ দেওবাৰে গ্রেপ্তাৰ কৰা তিনিজন হ’ল হৈছে দুলীয়াজানৰ পুৰণাঘাট অঞ্চলৰ প্রয়াত জিতেন হাজৰিকাৰ পুত্র দেৱজিত হাজৰিকা (২৯ বছৰ), উক্ত অঞ্চলৰে প্রয়াত মাহুৰ কাহাৰৰ পুত্র অৰূপ কাহাৰ আৰু দুলীয়াজানৰ অসম গেছ কোম্পানীৰ মেডিকেল কলনিৰ বিকি সোণাৰ৷ ইয়াৰে দেৱজিত হাজৰিকা আৰু বিকি সোণাৰ সক্রিয় বিজেপি কর্মী৷
দেৱজিত আকৌ মন্ত্রী তেলীৰ অতি বিশ্বস্ত আৰু সভাই-সমিতিয়ে অনবৰতে মন্ত্রীগৰাকীৰ কাষতে দেখা যায়৷ এতিয়া মন্ত্রীৰ বিশ্বস্ত আৰু সক্রিয় বিজেপি কর্মীয়েই কা-বিৰোধী আন্দোলনত জড়িত হৈ পৰা কার্য লক্ষণীয় হৈ পৰিছে৷ উল্লেখযোগ্য যে এতিয়ালৈকে তেলীৰ বাসগৃহত আক্রমণ কৰা ঘটনাৰ তদন্তৰ আধাৰত ১৫গৰাকী প্রতিবাদকাৰীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি