Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 9:11 pm

Home » আঞ্চলিক » বিধানসভাৰ প্রাক্তন অধ্যক্ষ প্রণৱ গগৈ আৰু নাই

বিধানসভাৰ প্রাক্তন অধ্যক্ষ প্রণৱ গগৈ আৰু নাই

গুৱাহাটী : খহি পৰিল ৰাজ্যৰ ৰাজনীতিৰ এক উজ্জল নক্ষত্ৰ । অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ তথা ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ বর্তমানৰ বিধায়ক প্রণৱ গগৈ আৰু নাই৷ হূদ, বৃক্ক আদি বিভিন্ন ৰোগত আক্রান্ত প্রবীণ কংগ্রেছী ৰাজনীতিকজনে আজি নিশা ১০.৪০ বজাত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে৷ তেওঁৰ বিয়োগৰ খবৰ বিয়পি পৰাৰ লগে লগে শোকস্তব্ধ হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্রখন৷ জানিব পৰা মতে ৰোগাক্রান্ত অৱস্থাত গগৈক আজি দিনৰ ১ বজাত গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় হেলথ চিটী হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ চিকিৎসকে তাৎক্ষণিকভাৱে গগৈৰ চিকিৎসাৰ সকলোধৰণৰ ব্যৱস্থা কৰে যদিও নিশা তেওঁৰ বিয়োগ ঘটে৷
উল্লেখ্য যে প্রয়াত গগৈৰ জন্ম হৈছিল ১৯৩৬ চনৰ ১৯ আগষ্টত ডিব্রুগড়ত৷ তেওঁৰ পিতৃ আছিল ৰাজ্য চৰকাৰৰ প্রাক্তন মন্ত্রী প্রয়াত গিৰীন্দ্র নাথ গগৈ আৰু মাতৃ আছিল প্রয়াত হিৰণ্যলতা গগৈ৷ ছাত্রাৱস্থাৰ পৰাই ৰাজনৈতিক ক্ষেত্রখনৰ সৈতে জড়িত প্রয়াত গগৈয়ে ১৯৬৪ চনৰ পৰা ১৯৬৮ চনলৈ শিৱসাগৰ যুৱ কংগ্রেছৰ সভাপতি হিচাপে কার্যনির্বাহ কৰে৷ ইয়াৰ সমান্তৰালভাৱে তেওঁ ১৯৬৮ চনৰ পৰা ১৯৭২ চনলৈ অসম প্রদেশ কংগ্রেছ কমিটীৰ সদস্য পদত আছিল৷ পৰৱর্তী সময়ত তেওঁ অসম প্রদেশ কংগ্রেছ কমিটীৰ সহকাৰী সম্পাদক, সাধাৰণ সম্পাদকৰ লগতে শিৱসাগৰ জিলা কংগ্রেছ কমিটীৰ সভাপতিৰ দায়িত্বও পালন কৰিছিল৷ তেওঁ ৰাষ্ট্রীয় পর্যায়ৰ শ্রমিক সংগঠন আই এন টি ইউ চিৰ বিভিন্ন বিষয়বাবত থকাৰ লগতে শিৱসাগৰ বাৰ এছ’চিয়েচনৰ সভাপতি হিচাপেও কার্যনির্বাহ কৰিছিল৷ এজন ক্রীড়া সংগঠক হিচাপেও আত্মপ্রকাশ ঘটিছিল প্রয়াত গগৈৰ৷ তেওঁ ১৯৭৪ চনৰ পৰা ১৯৭৮লৈ শিৱসাগৰ জিলা ক্রীড়া সন্থাৰ সভাপতি আছিল৷ পেছাত অধিবক্তা প্রয়াত গগৈয়ে ২০০১ চনত প্রথমবাৰৰ বাবে অসম বিধানসভালৈ নির্বাচিত হৈছিল৷ ২০০৬ চনত তেওঁ দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে নির্বাচিত হয় আৰু তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ আইন, হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগৰ মন্ত্রী হিচাপে কার্যনির্বাহ কৰে৷ ২০১১ চনত তৃতীয়বাৰৰ বাবে নির্বাচিত হোৱা প্রয়াত গগৈয়ে ২০১৬ চনপর্যন্ত অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষৰ আসন অলংকৃত কৰিছিল৷ এই সময়ছোৱাতে তেওঁ অসমীয়াৰ সংজ্ঞা নিৰূপণৰ বিশেষ উদ্যোগ গ্রহণ কৰে৷ বিভিন্ন দল–সংগঠনৰ সৈতে আলোচনামর্মে গ্রহণ কৰা এই উদ্যোগ অসমৰ ইতিহাসত প্রয়াত গগৈৰ খ্যাতি ৰূপে চিহ্ণিত হৈ ৰ’ব৷ ইয়াৰ পিছত ২০১৬ চনৰ বিধানসভা নির্বাচনতো তেওঁ জয়ী হয়৷
প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ২০০১ চনৰ পূর্বে প্রয়াত গগৈয়ে ১৯৭৮, ১৯৯১ আৰু ১৯৯৬ চনৰ বিধানসভা নির্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰিছিল যদিও তিনিওবাৰেই তেওঁ পৰাজিত হৈছিল৷ থাইলেণ্ড, ছিংগাপুৰ, গ্রেট–ব্রিটেইন, ফ্রান্স, ছুইজাৰলেণ্ড, শ্রীলংকাকে ধৰি কেইবাখনো বিদেশী ৰাষ্ট্র ভ্রমণ কৰাৰ অভিজ্ঞতাৰে পুষ্ট প্রয়াত গগৈ আছিল এজন প্রখ্যাত আইনজ্ঞও৷ মৃত্যুৰ সময়ত তেওঁ পত্নী মোহিনী গগৈ আৰু তিনি পুত্রক এৰি যায়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি