গুৱাহাটী : ভাৰতীয় ৰে’ল সেৱা, আৰক্ষী বিভাগ, ডাক বিভাগত বৃদ্ধি কৰিব কৰ্মচাৰীৰ সংখ্যা।আগন্তুক বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে।লোকসভাত দাখিল কৰা বিত্তীয় বাজেট অনুসৰি ২০২১ চনৰ মাৰ্চ মাহলৈকে কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীৰ সংখ্যা ৩৫,৩৫,৩৮৮ লৈকে বৃদ্ধি কৰিব।সেইদৰে আগন্তুক বিত্তীয় বৰ্ষৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰিবলৈও চৰকাৰে সিদ্ধান্ত লৈছে। আগন্তুক বিত্তীয় বৰ্ষত চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ অধিনস্থ বিভিন্ন বিভাগত ২৪,৪৭৭গৰাকী নতুন কৰ্মচাৰী নিয়োগ কৰিব।