Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:47 pm

Home » আঞ্চলিক » অসমীয়া জাতিয়ে জাতীয় চেতনাক লৈ সংগ্রাম কৰাৰ সময় সমাগত : কুলধৰ শইকীয়া

অসমীয়া জাতিয়ে জাতীয় চেতনাক লৈ সংগ্রাম কৰাৰ সময় সমাগত : কুলধৰ শইকীয়া

শুৱালকুছি : অসম সাহিত্য সভা অসমৰ জাতীয় জীৱনৰ এক বিজয় শোভাযাত্রা৷ ইয়াত সন্মিলিত হৈছে ৰাজ্যৰ বাৰেৰহণীয়া জাতি-জনগোষ্ঠী আৰু হৈ পৰিছে এক জাতীয় কণ্ঠস্বৰ, আকাশ-বতাহ বিদীর্ণ কৰি নিনাদিত হৈছে মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন৷ অসম সাহিত্য সভা বুঢ়া লুইতৰ গতিধাৰা, ই সমৃদ্ধ কৰিছে অসমৰ ভিন্ন গোষ্ঠীৰ সভ্যতা-সংস্কৃতিৰ অমূল্য সম্পদ, আৰু সেই বৰ লুইতৰ সবল সোঁতত তৰংগায়িত হৈছে ব্রজ নিনাদ ‘জয় আই অসম’ বোল৷– এই ভাষ্য আজি দায়িত্ব লোৱা অসম সাহিত্য সভাৰ নৱনির্বাচিত সভাপতি ড০ কুলধৰ শইকীয়াৰ৷
শুৱালকুছিৰ বালি চাপৰিৰ জ্যোতিক্ষেত্রত অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম শুৱালকুছি অধিৱেশনৰ সাহিত্যাচার্য চৈয়দ আব্দুল মালিক সোঁৱৰণী প্রথম মুকলি অধিৱেশনত আগন্তুক দুটা বর্ষৰ বাবে সভাপতিৰ দায়িত্ব গ্রহণ কৰি দিয়া ভাষণত ড০ শইকীয়াই পুনৰ কয় যে অসমীয়া জাতিৰ স্বাভিমান আছে৷ বিভিন্ন ভাষা-ভাষী, জাতি-জনজাতিৰে ভৰা বর্ণিল কৃষ্টি-সংস্কৃতি ৰাজ্যৰ গৌৰৱ৷ সেয়ে আমি গৌৰৱান্বিত৷ সম্প্রতি আমাৰ এই আত্মগৌৰৱবোধ অসমীয়া জাতিয়ে জাতীয় চেতনাক লৈ সংগ্রাম কৰাৰ সময় সমাগত৷
সেয়ে ৰসৰাজ বেজবৰুৱাৰ বাণীৰে ৰাইজক উদ্বুদ্ধ হ’বলৈ আহবান জনায়৷ সভাপতিৰ অভিভাষণত অসম সাহিত্য সভাৰ নির্দেশত থকা শাখাসমূহে অসম মাতৃক অর্চনা কৰাৰ নিত্য-নতুন প্রয়াস বুলিও সদৰী কৰে৷ তেওঁ কয় যে আজিৰ যুৱ প্রজন্ম তথ্য-প্রযুক্তিৰেও আগ বাঢ়িছে৷ বহু যুৱক-যুৱতীয়ে ভিন্ন ক্ষেত্রত সুনাম কঢ়িয়াই ৰাজ্যৰ নাম জিলিকাই তোলাটো ৰাজ্যবাসীৰে গৌৰৱ৷ সাহিত্য ক্ষেত্রখনৰ কথা উল্লেখ কৰি গদ্য সাহিত্যত অসমীয়া মানুহৰ বুৰঞ্জী, চাহ জনগোষ্ঠীৰ সামূহিক জীৱন, অন্যান্য জনগোষ্ঠীৰ ৰীতি-নীতি প্রত্যক্ষ কৰি সুখ অনুভৱ কৰা বুলি কয়৷
তদুপৰি কবিতাৰ ভাষাৰে ‘প্রতিনিয়ত আমি থিয় হওঁ যুগৰ নতুন ধ্যান-ধাৰণা, শংকা-সংশয় সম্ভাৱনাপূর্ণ প্রত্যাহবানৰ৷ এইবোৰৰ মাজেৰেও প্রৱাহিত সত্যৰ সন্ধান আৰু মানৱতাৰ বিজয় গানৰ স্রোতধাৰাত সাহিত্যৰ সৃষ্টিকাৰীয়ে অৱগাহন কৰি সমাজলৈ আগ বঢ়াব লাগিব অজেয় মানুহৰ জীৱন-যাত্রাক মহিমাময় কৰি ৰখাৰ দস্তাবেজ৷ বিশ্বাস আৰু সংশয়ৰ দোমোজাত ব্যাহত নহওক সাহিত্যৰ মানৱীয় কাঠামো, সত্যৰ সৰলতাই হওক সাহিত্যৰ অন্বেষণ৷– এইদৰে ৩৬ পৃষ্ঠাৰ অভিভাষণ পাঠ কৰে সভাপতি শইকীয়াই৷
বহু পলমকৈ শোভাযাত্রা শেষ কৰি মূল মণ্ডপৰ অতুল চন্দ্র বৰুৱা মঞ্চ পোৱাৰ লগে লগে ৰাইজৰ হষোর্ল্লাসেৰে জনাকীর্ণ সভাই আদৰণি জনায়৷ লগে লগে আদৰণী সমিতিয়ে বৃহৎ আকাৰৰ জাপি, শৰাই, গামোচা, চেলেং, কিতাপৰ টোপোলা, স্মাৰক আদিৰে বিপুল সম্বর্ধনা জনায়৷ তাৰ পাছতে বিদায়ী সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে সাহিত্য সভাই জাতীয় জীৱনৰ বাবে নতুন গতি লাভ কৰাৰ কামনা কৰি সভাপতিক আনুষ্ঠানিকভাৱে দায়িত্ব অর্পণ কৰে৷
ইয়াৰ পূর্বে ৰংমিলিৰ হঁাহিৰ স্রষ্টা, প্রাক্তন সভাপতি ৰংবং তেৰাঙে আদৰণী ভাষণত কয় যে শুৱালকুছিৰ অধিৱেশনে জ্যোতির্ময় ৰূপ লৈছে৷ হয়তো ইয়াৰ গৰিমা কোনেও ম্লান কৰিব নোৱাৰিব৷ অসম সাহিত্য সভা বৃন্দাবনী বস্ত্রৰ দৰে সমুজ্জ্বল হৈ থাকিব৷ মুকলি অধিৱেশনত খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ গোবিন্দ টাইদ, তিৱা সাহিত্য সভাৰ লালসিং মাজাৰ, মণিপুৰীৰ লক্ষীন্দৰ সিংহ, চাহ জনগোষ্ঠীৰ মনোমতী কুর্মি আদি, বানে কেবাঙৰ আবাম দাই, কোঁচ ৰাজবংশীৰ ড০ দ্বিজেন্দ্র নাথ ভকত, মৰাণ সাহিত্য সভাৰ তৰুণ বৰুৱা মৰাণ আদি বিভিন্ন সাহিত্য সভাৰ লগতে অসম সাহিত্য সভাৰ অলেখ বিষয়ববীয়া উপস্থিত থাকে৷
পুৱা অসম সাহিত্য সভাৰ মূল পতাকা (সোঁমাজত) বিদায়ী সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে উত্তোলন কৰে৷ চাৰিওকাষে ৭৫খন আৰু চতুর্দিশে ১০২খনসহ মুঠ ১৭৭খন পতাকা বিভিন্ন ক্ষেত্রৰ লোকে উত্তোলন কৰা নান্দনিক দৃশ্যই ৰাইজক পুলকিত কৰে৷ অন্যহাতে অসমৰ জাতীয় আন্দোলনত আত্মত্যাগ কৰা শ্বহীদলৈ শ্রদ্ধাঞ্জলি অনুষ্ঠানত ‘আই তোক কিহেৰে পূজিমে’ৰ মুখ্য বন্তি প্রজ্বলন কৰে ঈশ্বৰ শ্রীশ্রী হাটী সত্রৰ সত্রাধিকাৰ ভগ্নেশ্বৰ মহন্তই৷ মুখ্য তর্পক আছুৰ সহঃসম্পাদক প্রকাশ দাসে শ্রদ্ধাঞ্জলি তর্পণ কৰে৷ অসম তথা ভাৰতৰ বিশিষ্ট ব্যক্তিৰ স্মৃতিচাৰণ কৰে মুক্তিযুঁজাৰু ভাৰত চন্দ্র বৈশ্যই৷ ইফালে ড০ ভূপেন হাজৰিকা মঞ্চত কবি সন্মিলন, মূল মঞ্চত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি