দিল্লীত প্রার্থীৰ ১৩৩গৰাকীৰ প্রার্থীৰ আছে অপৰাধ গোচৰ

দিল্লী : দিল্লী বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা আপৰ ২৫ শতাংশ প্রার্থীৰ বিৰুদ্ধে আছে অপৰাধ গোচৰ৷ আনফালে বিজেপিৰ ২০ শতাংশ প্রার্থী অপৰাধ গোচৰত জড়িত বুলি প্রার্থীসকলে মনোনয়নৰ সময়ত দাখিল কৰা শপতনামাত উল্লেখ কৰিছে৷ এছ’চিয়েচন ফৰ ডেম’ক্রেটিক ৰিফর্মছ (এডিআৰ)ৰ বিশ্লেষণত পোহৰলৈ আহিছে এই তথ্য৷ সংস্থাটোৰ প্রতিবেদন অনুসৰি কংগ্রেছৰ ১৫ শতাংশ প্রার্থীয়ে নিজৰ বিৰুদ্ধে অপৰাধ গোচৰ থকা বুলি শপতনামাত উল্লেখ কৰিছে৷ উল্লেখনীয় যে এইবাৰ দিল্লী বিধানসভা নির্বাচনত ৭০টা সমষ্টিত মুঠ ৬৭২গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে৷ ২০১৫ৰ নির্বাচনতকৈ এজন কমকৈ প্রার্থীয়ে এইবাৰৰ নির্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ লক্ষণীয়ভাৱে ৬৭২গৰাকী প্রার্থীৰ ভিতৰত ১৩৩গৰাকীৰ বিৰুদ্ধে অপৰাধ গোচৰ থকা বুলি এডিআৰে উল্লেখ কৰিছে৷ অর্থাৎ মুঠ প্রার্থীৰ ২০ শতাংশই হৈছে অপৰাধ গোচৰত জড়িত৷ ২০১৫ৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা ১৭ শতাংশ প্রার্থীৰ বিৰুদ্ধে

অসমীয়া জাতিয়ে জাতীয় চেতনাক লৈ সংগ্রাম কৰাৰ সময় সমাগত : কুলধৰ শইকীয়া

শুৱালকুছি : অসম সাহিত্য সভা অসমৰ জাতীয় জীৱনৰ এক বিজয় শোভাযাত্রা৷ ইয়াত সন্মিলিত হৈছে ৰাজ্যৰ বাৰেৰহণীয়া জাতি-জনগোষ্ঠী আৰু হৈ পৰিছে এক জাতীয় কণ্ঠস্বৰ, আকাশ-বতাহ বিদীর্ণ কৰি নিনাদিত হৈছে মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন৷ অসম সাহিত্য সভা বুঢ়া লুইতৰ গতিধাৰা, ই সমৃদ্ধ কৰিছে অসমৰ ভিন্ন গোষ্ঠীৰ সভ্যতা-সংস্কৃতিৰ অমূল্য সম্পদ, আৰু সেই বৰ লুইতৰ সবল সোঁতত তৰংগায়িত হৈছে ব্রজ নিনাদ ‘জয় আই অসম’ বোল৷– এই ভাষ্য আজি দায়িত্ব লোৱা অসম সাহিত্য সভাৰ নৱনির্বাচিত সভাপতি ড০ কুলধৰ শইকীয়াৰ৷ শুৱালকুছিৰ বালি চাপৰিৰ জ্যোতিক্ষেত্রত অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম শুৱালকুছি অধিৱেশনৰ সাহিত্যাচার্য চৈয়দ আব্দুল মালিক সোঁৱৰণী প্রথম মুকলি অধিৱেশনত আগন্তুক দুটা বর্ষৰ বাবে সভাপতিৰ দায়িত্ব গ্রহণ কৰি দিয়া ভাষণত ড০ শইকীয়াই পুনৰ কয়