Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:56 am

Home » আঞ্চলিক » লোকাৰণ্য শুৱালকুছি সাহিত্য সভাস্থলী

লোকাৰণ্য শুৱালকুছি সাহিত্য সভাস্থলী

শুৱালকুছি :অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনত ৰাইজৰ উছাহৰ ধল বৈছে৷ বস্ত্রনগৰী শুৱালকুছিৰ জ্যোতিক্ষেত্রত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত প্রকৃতিৰ বিধি-পথালিয়েও আনন্দোৎসৱ স্তিমিত কৰিব পৰা নাই৷ ঠেঁটুৱৈ লগা জাৰকো নেওচি ৰাইজে হিলদল ভাঙি ব্রহ্মপুত্রৰ সেউজ দলিচাৰ সাহিত্য সভাৰ পঞ্চ সপ্ততিতম অধিৱেশনৰ প্রায়বোৰ কার্যসূচীত অংশ লৈছে৷ 
বিশাল মঞ্চ আৰু দৃষ্টিনন্দনভাৱে সজাই-পৰাই তোলা মূল মণ্ডপস্থলীৰ পৰা প্রদর্শনী, গ্রন্থমেলা, নামঘৰ, বাণিজ্য মেলা, বস্ত্রমেলা, আনন্দ মেলা আদি সকলোতে বিৰ দি বাট নোপোৱা অৱস্থা৷ আদৰণী সমিতিয়ে অতি পৰিপাটীকৈ অধিৱেশনথলী সজাই -পৰাই তুলিছে৷ স্বচছতাৰ প্রতি লক্ষ্য ৰাখি বৃহত্তৰ শুৱালকুছিৰ লগতে অধিৱেশনথলীত স্বচছতা উপ-সমিতিৰ দ্বাৰা বিশেষ ব্যৱস্থা গ্রহণ কৰিছে৷
 নিৰাপত্তাৰ দিশৰ প্রতি লক্ষ্য ৰাখি পর্যাপ্ত আৰক্ষী, অর্ধসামৰিক বাহিনীৰ জোৱান, ১৫শ স্বেচছাসেৱকৰ লগতে তিনি শতাধিক চি চি কেমেৰাৰে নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে৷আমি অসমীয়া নাৰী বাবেই গৌৰৱান্বিত ঃ অঞ্জলি মহন্ত ঃ সাহিত্য সভাৰ দ্বিতীয় দিনৰ নলিনী বালা দেৱী সোৱৰণী নাৰী সন্মিলন ‘আকাশ’ অনুষ্ঠানত আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যৰ প্রথম মহিলা মেণ্ডোলিন বাদক অঞ্জলি মহন্তই কয় যে আমি নলিনী বালা দেৱী, চন্দ্র প্রভা শইকীয়ানী, কলকলতাৰ দেশত জন্ম গ্রহণ কৰাৰ বাবেই গৌৰৱবোধ কৰোঁ৷ আমাক যদি কোনোৱে বেলেগ ধর্ম ল’বলৈ কয় বা অসম এৰি অইন দেশত থাকিবলৈ দিয়ে, তেতিয়া দুখ লাগিব৷ যদি আমাৰ মাতৃভাষা বন্ধ কৰি দিয়ে তেতিয়া মৃত্যুবৰণ কৰিম৷
সেয়ে নাৰী সমাজ মানে মাতৃয়ে মাতৃভাষাৰ প্রতি সদায় সজাগ আৰু সচেতন৷ নাৰী শক্তি অবলা বা দুর্বলা নহয়৷ সকলোকে সাহসেৰে আগবাঢ়ি যাবলৈও তেওঁ পৰামর্শ দিয়ে৷ অনুষ্ঠানত অসম সন্তান লণ্ডন নিৱাসী মন্দিৰা চৌধুৰীয়ে বিদেশত থাকিও অসম আৰু অসমীয়াৰ বাবে কৰা ভিন্ন কামৰ উদাহৰণ দিয়ে৷ সভাত সভাপতিৰ বিশেষ নাৰী সন্মান ৰেখা বৰুৱাক প্রদান পৰা হয়৷ অন্যহাতে ভাষাবিদ ড০ ভগৱান মৰল মঞ্চত শিশুৰ প্রতিভা বিকাশৰ বাবে ‘কুহি’ অনুষ্ঠান অনুষ্ঠিত হয়৷ 
 বিশিষ্ট সাহিত্যিক এলি আহমেদে ভাষণত শিশুসকলৰ মনঃস্তত্ত্ব অধ্যয়ন কৰি তেওঁলোকৰ সুপ্ত প্রতিভা প্রদর্শন কৰাত শিক্ষানুষ্ঠান আৰু অভিভাৱকৰ দায়িত্ব অপৰিসীম বুলি উল্লেখ কৰে৷ জ্যোতি ক্ষেত্রৰ মূল মঞ্চৰ দাঁতিতে যুৱ প্রতিভাক উদ্বুদ্ধ আৰু আকর্ষিত কৰাৰ বাবে যুৱ সংসদৰ বিশেষ অনুষ্ঠান সম্পন্ন হয়৷ যুৱ সংসদত বিভিন্ন ক্ষেত্রৰ দহগৰাকী যুৱক-যুৱতীক সম্বর্ধনা জনোৱা হয়৷
 যুৱ সংসদ উপ-সমিতিৰ আহবায়ক ড০ ধ্রুৱজ্যোতি মালাকৰে পৰিচালনা কৰা অনুষ্ঠানত ৰাষ্ট্রীয় শিক্ষার্থী বাহিনীৰ পৰা অসম তথা ভাৰতক প্রতিনিধিত্ব কৰা ক্রমে নিহাৰিকা কাশ্যপ, মীনাক্ষি শইকীয়া, নেগো খৈৰাংসেন, আধুনিক বস্ত্র শিল্পৰ কাৰিকৰী শিক্ষাৰ বাবে নিপন গোস্বামী, নাট্য শিল্পৰ বাবে অনুভৱ নাথ, সাহিত্যত ড০ নিলোৎপল শর্মা, চিকিৎসা বিজ্ঞানত ডাঃ নমিতা বৈশ্য, নাট্য শিল্পত ধ্রুৱজ্যোতি বর্মন, ক্রীড়াত ৰূপ জ্যোতি চৌধুৰী আৰু যুৱ প্রতিভা শিতানত লহৰ জ্যোতি দাসক গামোচা, স্মাৰক আৰু জাপিৰে সম্বর্ধনা জনোৱা হয়৷ এই অনুষ্ঠানতে সোণালী সূতাৰ দেশ শুৱালকুছি শীর্ষক স্মৃতিগ্রন্থ উন্মোচন কৰে আদৰণী সমিতিৰ কার্যকৰী সভাপতি কমল কুমাৰ বৈশ্যই৷ উন্মোচনী ভাষণত বৈশ্যই কয় যে যুৱ শক্তি মহান শক্তি৷ অসমৰ যুৱ প্রতিভাই পৃথিৱীত সুনাম কঢ়িওৱাৰ খবৰ নৱ প্রজন্মৰ বাবে প্রেৰণাৰ প্রতীক৷ সেয়ে সকলো দিশত যুৱ প্রজন্মক আগুৱাই যাবলৈ তেওঁ আহবান জনায়৷
 অসমীয়া ভাষাৰ জয়যাত্রা মহাপুৰুষ শংকৰদেৱৰ দিনৰে পৰা অব্যাহত আছে– জনার্দন গোস্বামী ঃ ‘মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে তাহানিতে বৰ অসমত নৱ বৈষ্ণৱ ধর্মৰে অসমীয়া ভাষা, কৃষ্টি-সংস্কৃতিলৈ প্রভূত বৰঙণি আগবঢ়াই থৈছে৷ সাহিত্য সভায়ো ভাষা আৰু জাতিৰ সন্ধিক্ষণত সদায় মাত মাতি আহিছে৷ যাৰ বাবে মাতৃভাষাৰ জয়যাত্রা অব্যাহত আছে৷’ এই ভাষ্য মাজুলীৰ উত্তৰ কমলাবাৰী সত্রৰ অধিকাৰ জনার্দন গোস্বামীৰ৷ আজি অধিৱেশনৰ প্রথম কার্যসূচী অস্থায়ী নামঘৰ মুকলি কৰি আগবঢ়োৱা ভাষণত তেওঁ কয় যে সাহিত্যৰ মহামিলন উৎসৱ শুৱালকুছিবাসীৰ দীর্ঘদিনীয়া আশা আৰু প্রস্তুতিৰ ফল৷ 

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি