Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:16 am

Home » আঞ্চলিক » বিটিএডিত শেষ হ’ব অবড়োৰ ভৱিষ্যৎ : আনলা

বিটিএডিত শেষ হ’ব অবড়োৰ ভৱিষ্যৎ : আনলা

গুৱাহাটী : দিল্লীত কেন্দ্রীয় চৰকাৰৰ মধ্যস্থতাত অনুষ্ঠিত বডো শান্তি চুক্তিক লৈ বিভিন্ন দল–সংগঠনে অসন্তুষ্টি ব্যক্ত কৰি প্রতিবাদ অব্যাহত ৰখা সময়তে শেহতীয়াকৈ সদৌ আদিবাসী ৰাষ্ট্রীয় মুক্তি বাহিনী চমুকৈ ‘আনলা’ৰ যুদ্ধবিৰত গোটে তৃতীয় বডো শান্তি চুক্তিৰ সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিছে৷ বিবৃতিৰ জৰিয়তে ‘আনলা’ যুদ্ধবিৰত গোটৰ মুখ্য সেনাধ্যক্ষ পিটাৰ ডাং, সভাপতি জোৱাকিম এক্কা আৰু সাধাৰণ সেনাপ্রধান দ্বীপেন নায়কে কয় যে উগ্রপন্থী সমস্যা সমাধানৰ বাবে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে লোৱা ঐতিহাসিক পদক্ষেপক আমি আদৰণি জনাইছেছা৷ কিন্তু নতুনকৈ গঠিত হ’ব লগা বি টি আৰৰ অন্তর্গত আদিবাসী তথা অবডোসকলৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত নকৰাকৈ বডো শান্তি চুক্তিৰদ্বাৰাবডো জাতিৰ হাতত বি টি আৰৰ অধীনত অধিক ক্ষমতা প্রদান কৰাটো দুর্ভাগ্যজনক৷ কাৰণ বডো চুক্তিত বি টি আৰৰ অন্তর্গত অবডোৰ লগতে আদিবাসীসকলৰ ৮০শতাংশ ৰাজনৈতিক, অর্থনৈতিক, সামাজিক অধিকাৰ কাঢ়ি লোৱাৰ গভীৰ ষডযন্ত্র নিহিত হৈ আছে৷ গতিকে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে ইয়াৰ পুনৰ বিবেচনা কৰা উচিত অন্যথা বি টি আৰৰ অধিক ক্ষমতাই অবডোসকলৰ ভৱিষ্যৎ নিঃশেষ কৰি পংগু কৰি পেলাব৷ আনহাতে ২০১৪বর্ষৰ ২৩ ডিচেম্বৰত এন ডি এফ বি(স) গোটৰ আক্রমণত নিহত ৮৭জন আদিবাসী পৰিয়ালক ন্যায় প্রদান নকৰাকৈ নৰসংহাৰত জডিত এন ডি এফ বি(স)ৰ দোষী সাব্যস্ত হোৱা নেতাসকলে বডো চুক্তি স্বাক্ষৰ কৰাৰ সুবিধা প্রদান কৰা হ’ল৷ ইয়াৰ স্পষ্টীকৰণ ৰাজ্যৰ মুখ্যমন্ত্রী আৰু কেন্দ্রীয় চৰকাৰৰ গৃহমন্ত্রীয়ে ৰাজহুৱা কৰিব লাগে৷ এন ডি এফ বি(স)ৰ নেতাসকললৈ ‘আনলা’ৰ প্রশ্ণ কি কাৰণত ২০১৪ৰ নৰসংহাৰ কৰি ৮৭গৰাকী নিৰীহ আদিবাসীক নৃশংসভাৱে হত্যা কৰা হৈছিল৷ এয়া তেওঁলোকৰ সাংগঠনিক সংগ্রামীৰ আদর্শ নে ইয়াৰ পাছত কোনো বৃহৎ ৰাজনৈতিক শক্তিৰ মুনাফা জড়িত হৈ আছে৷

ইয়াৰ স্পষ্টীকৰণ আদিবাসী ৰাইজক দিব লাগিব বুলি ‘আনলা’ই দাবী কৰিছে৷ বাস্তৱত আদিবাসী নিৰীহ লোকৰ কেঁচা তেজেৰে ফাঁকু খেলি বডো চুক্তিৰ এক দীঘলীয়া ৰাজনৈতিক ষডযন্ত্রৰ ক’লা ইতিহাস নিহিত হৈ আছে৷ ১৯৯৬ চনৰ গোষ্ঠীগত সংঘর্ষত কেইবা সহস্রাধিক আদিবাসী নিৰীহ জনতাৰ তেজেৰে ফাঁকু খেলি বডো চুক্তি স্বাক্ষৰ কৰি বি টি চি গঠন হৈছিল৷ দুর্ভাগ্যৰ বিষয় যে শেহতীয়াভাৱে ৮৭জন নিৰীহ আদিবাসী লোকৰ তেজেৰে ফাঁকু খেলি তৃতীয় বডো চুক্তি সম্পাদন কৰি গঠন কৰা হ’ল বি টি আৰ৷ অঞ্চলটোত বসবাস কৰা আদিবাসী, অবডো লোকসকলক অন্ধকাৰত ৰাখি কৰা হ’ল নতুন বডো চুক্তি৷ ইপিনে একেখন বিবৃতিত ‘আনলা’ৰ শীর্ষ নেতৃত্বই কয়– ২০১২ চনৰ ২৪ জানুৱাৰীত ৰাজ্য আৰু কেন্দ্র চৰকাৰৰ আহ্বানত ‘আনলা’ই অস্ত্র সম্বৰণ প্রক্রিয়াৰে ত্রিপাক্ষিক যুদ্ধ বিৰাম চুক্তি স্বাক্ষৰ কৰি শান্তি আলোচনাৰ মেজলৈ উভতি আহিছিল৷ কিন্তু ৯ বছৰ অতি কষ্টৰে যুদ্ধবিৰতিত থকাৰ পাছতো আমাৰ দাবীসমূহ আলোচনাৰ মাজেৰে সমাধান কৰাৰ ইচ্ছা প্রকাশ কোনো চৰকাৰে নকৰিলে৷ বিগত কংগ্রেছ চৰকাৰৰ দিনত বিদ্রোহী সংগঠনটোৰ দাবীসমূহক যিদৰে ত্রিপাক্ষিক আলোচনাৰ বাবে গুৰুত্ব প্রদান কৰা হৈছিল, বিজেপি চৰকাৰৰ আমোলত আদিবাসী বিদ্রোহী সংগঠনৰ সমস্যা সমাধানৰ ক্ষেত্রত অকণো গুৰুত্ব দিয়া দেখা নগ’ল বুলি তেওঁলোকে ক্ষোভ প্রকাশ কৰে৷ বিবৃতিটোত আৰু উল্লেখ কৰি কয়– যদি চৰকাৰে আজি আদিবাসী হত্যাকাৰী এনডিএফবিৰ সৈতে বডো চুক্তি স্বাক্ষৰ কৰিব পাৰিলে, তেনেহ’লে আদিবাসী বিদ্রোহী সংগঠনৰ সৈতে বিজেপি চৰকাৰৰ এনে বৈষম্য নীতি কিয় বুলি লগতে প্রশ্ণ অৱতাৰণা কৰে৷ যুদ্ধ বিৰতিত থকা ‘আনলা’ সংগঠনৰ নেতাসকলৰ উপৰি দুখীয়া, শোষিত, অসহায় আদিবাসী চাহ শ্রমিক জনতায়ো বহু আশাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰে অসমৰ আদিবাসী লোকসকলৰ দীর্ঘদিনীয়া ৰাজনৈতিক, সাংবিধানিক, অর্থনৈতিক ,সামাজিক অধিকাৰৰ ন্যায় সপোন লৈ বিজেপি দলক সমর্থন দিয়াৰ পাছতো আদিবাসী সমস্যাৰ প্রতি গা এৰাই চলা নীতি কেতিয়াও মানি লোৱা নহ’ব বুলি বিবৃতিটোত উল্লেখ কৰে৷ বিবৃতিটোত ‘আনলা’ৰ যুদ্ধবিৰত গোটটোৱে দেশৰ প্রধানমন্ত্রী, গৃহমন্ত্রীক অসমৰ আদিবাসী বিদ্রোহী সমস্যা সমাধানৰ দ্বাৰা আদিবাসী–চাহ শ্রমিকসকলৰ জন্মগত অস্তিত্ব ঘূৰাই পোৱাৰ ক্ষেত্রত উচিত পদক্ষেপ লৈ জাতিটোৰ জ্বলন্ত সমস্যাৰাজি সমাধান কৰক অন্যথা ইয়াৰ প্রত্যুত্তৰ দিবলৈ আগন্তুক দিনত আদিবাসী ৰাইজ সাজু থাকিব বুলি বিবৃতিটোত উল্লেখ কৰে ‘আনলা’ৰ সেনাধ্যক্ষ পিটাৰ চাং, সভাপতি জোৱাকিম এক্কা আৰু সাধাৰণ সেনাপ্রধান ্বীপেন নায়কে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি