Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 9:10 am

Home » আঞ্চলিক » লখিমপুৰত কেন্দ্ৰিয় ভাবে উদযাপন মে ডাম মে ফি উদযাপন

লখিমপুৰত কেন্দ্ৰিয় ভাবে উদযাপন মে ডাম মে ফি উদযাপন

মে ডাম মে ফি  উৎসৱটি লখিমপুৰত কেন্দ্ৰিয় ভাবে উদযাপন কৰা হয় ত্যাগক্ষেত্ৰত। কালি সন্ধ্যা বান ফি পূজাৰে আৰম্ভ হোৱাৰ পাছত আজি পুৱা ডাম ফি আৰম্ভ হয়। ডাম ফি পূজা আৰম্ভ কৰে উদযাপন সমিতিৰ উপদেষ্টা চাওঁ ধৰ্মেশ্বৰ গগৈয়ে। পুৱা ৯-৩০ বজাত আনুষ্ঠানিক ভাৱে পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি চাওঁ বিনোদ গগৈয়ে। পুৱা ১০বজাত চাওলুং চুকাফাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে ৰুদ্ৰ কোঁৱৰে। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী মৈদাম তৰ্পণ কৰে ৰুদ্ৰ কোঁৱৰে।
দিনৰ ১১ বজাৰ পৰা মুকলি সভাৰ কায্যসূচী আৰম্ভ হয়। উদযাপন সমিতিৰ সভাপতি চাওঁ বিনোদ কুমাৰ গগৈয়ে সভাপতিত্ত্ব কৰা সভাখনিৰ উদ্বোধন কৰে উদযাপন সমিতিৰ মূখ্য উপদেষ্টা চাওঁ ঘন বুঢ়াগোহাঁইয়ে। মুকলি সভাত মে ডাম মে ফি উপলক্ষত প্ৰকাশ কৰি উলিওৱা স্মৃতি গ্ৰন্থ ‘ডাম ফি’ উন্মোচন কৰে লখিমপুৰ আৰক্ষী অধীক্ষক ৰাজবিয়ে। কিৰণ ফুকনে আঁত ধৰা মুকলি সভাখনিত নিদিষ্ট বক্তা হিচাপে অংশ গ্ৰহণ কৰি ভাষণ দিয়ে ধেমাজি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃবুধিন বৰুৱাই । সভাত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি ভাষণ দিয়ে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিমান চেতিয়াই।
সভাখনিত জিলা উন্নয়ন আয়ুক্ত মনোজ বৰুৱা, ধৰ্মেশ্বৰ গগৈ ,আদিয়ে অংশ গ্ৰহণ কৰে। অনুষ্ঠানত টাই গীত পৰিবেশন কৰে পিংকি কোৱৰে আৰু লীলাবাৰীৰ চেমনীয়া দলে দিহানাম পৰিবেশন কৰে। সভাৰ আৰম্ভণিতে আদৰণি ভাষণ দিয়ে সম্পাদক লক্ষ্যজিত কোৱৰে। আনহাতে লখিমপুৰৰ লাহনগাও ,আহু- চাউল গাঁও , বানটো, তেলাহী,লখিমপুৰ , সোণাপুৰ আদিতো মে ডাম মে ফি উদযাপন কৰা হয়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি