Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 11:12 am

Home » আঞ্চলিক » চুক্তিৰ পেকেজক লৈ সন্তুষ্ট নহয় এন ডি এফ বি

চুক্তিৰ পেকেজক লৈ সন্তুষ্ট নহয় এন ডি এফ বি

নতুন দিল্লীত ত্রিপাক্ষিক বৈঠকত বিগত ২৭ জানুৱাৰীত সম্পাদিত হোৱা ঐতিহাসিক বড়ো শান্তি চুক্তিখন আনুষ্ঠানিকভাৱে কার্যকৰী নোহোৱাৰ পূর্বে বোকা ছটিওৱাৰ ৰাজনীতিৰে উত্তাল হৈ পৰিছে বড়োভূমি৷ উল্লেখযোগ্য যে বড়ো জনগোষ্ঠীৰ জাতীয় সংগঠন এবছু আৰু বি টি এ ডিৰ ৰাজনৈতিক দল বি পি এফৰ মাজত বোকা ছটিওৱাৰ ৰাজনীতিৰে বর্তমান উত্তাল বড়োভূমি৷ তৃতীয়খন শান্তি চুক্তিত স্বাক্ষৰ কৰা এবছুৰ সভাপতি প্রমোদ বড়োৱে চুক্তিখনত হাগ্রামা মহিলাৰীৰ কোনো অৱদান নাই বুলি কোৱাৰ বিপৰীতে মহিলাৰীয়ে চুক্তিৰ হিৰ’ এবছু নহয় বুলি কটাক্ষ কৰিছে৷
এনে এক সময়তে আজি বি পি এফ দলৰ কোকৰাঝাৰ চহৰৰ তিতাগুৰিৰ বডোফা নগৰৰ নিউ গ্রীনফিল্ডত দলীয় সাধাৰণ সভাত বি টি চিৰ মুখ্য কার্যবাহী সদস্য হাগ্রামা মহিলাৰীয়ে পূর্বৰ সুৰ সলনি কৰি বি টি চি আৰু বি টি আৰ একেই, কেৱল নাম সলনিহে কৰিছে বুলি মন্তব্য কৰে৷ তেওঁ এইবাৰ বি টি আৰ চুক্তি এবছুৰ দ্বাৰা সম্পাদিত হোৱা বুলিও উল্লেখ কৰি বি টি আৰ চুক্তিক লৈ এন ডি এফ বি সন্তুষ্ট নহয় বুলি বিস্ফোৰক অভিযোগ তোলে৷
মহিলাৰীয়ে দলীয় সভাৰ ভাষণত বি টি আৰ চুক্তিত একো নাই বুলি উল্লেখ কৰি নিজকে চুক্তিৰ এজন ৰাজসাক্ষী হিচাপে চুক্তিখন সাধাৰণ ৰাইজে দলং বিচাৰি যেনেদৰে আৱেদনত সকলোৱে স্বাক্ষৰ কৰে তেনেদৰেই দহজনে স্বাক্ষৰ কৰা এখন সাধাৰণ চুক্তি বুলি মত ব্যক্ত কৰে৷ বি টি চিৰ দৰে বি টি আৰ কোনো উন্নত চুক্তি নহয় বুলি উল্লেখ কৰি চুক্তিখন পৰৱর্তী কালত চৰকাৰ সলনি হ’লে ৰূপায়ণ হ’বনে নহ’ব তাৰ গ্যেৰাণ্টি নাই বুলি ৰাজহুৱাকৈ সদৰী কৰে৷ তেওঁ এবছুৱে চুক্তিখন খৰখেদাকৈ কৰি অনা বুলিও গুৰুতৰ অভিযোগ তুলি চুক্তিখন ফলপ্রসূ চুক্তি নহয় বুলি দোহাৰি ভাষণত চুক্তিৰ পেকেজক লৈ এন ডি এফ বি সন্তুষ্ট নহয় বুলি চুক্তি স্বাক্ষৰৰ চাৰি দিনৰ পাছত আজি বিস্ফোৰক অভিযোগ কৰে৷
আজিৰ সভাত হাগ্রামা মহিলাৰীয়ে বি টি চিৰ চল্লিছটা সমষ্টিৰ সাধাৰণ নির্বাচন অহা মার্চ মাহৰ শেষার্ধত তথা বহাগ বিহুৰ পূর্বে অনুষ্ঠিত কৰা হ’ব বুলি দাবী কৰি পৰিষদ গঠন হোৱাৰ পাছত নতুন বড়ো চুক্তিৰ দফাক লৈ অসম চৰকাৰৰ কেবিনেট সিদ্ধান্তত কিছু সালসলনি কৰাৰ প্রতিশ্রুতি আগবঢ়ায়৷ বি টি আৰ চুক্তিত এবছুৱে নিজৰ ৰাজনৈতিক লাভালাভত গুৰুত্ব দি এন ডি এফ বিৰ নেতা-কেডাৰক গুৰুতৰ গোচৰৰ পৰা ৰেহাই দিয়াৰ ব্যৱস্থা নকৰা বুলি একাংশ এন ডি এফ বিৰ নেতা-সদস্যই তোলা অভিযোগৰ আঁত ধৰি হাগ্রামা মহিলাৰীয়ে তেওঁলোকৰ আইনী প্রক্রিয়াত বি পি এফ দলে সহায়-সহযোগ কৰাৰ উপৰি সদস্যৰ পুনৰ সংস্থাপনত গুৰুত্ব দি বি টি চিত একেলগে উন্নয়নৰ কাম কৰি যাব বুলি কয়৷
উল্লেখযোগ্য যে বি পি এফৰ সাধাৰণ সভাত উপস্থিত হোৱা দলীয় নেতা-কর্মীক বি টি আৰ চুক্তিৰ পর্যালোচনা কৰি বি টি চি চুক্তিতকৈ বি টি আৰখন এখন সাধাৰণ চুক্তি বুলি উল্লেখ কৰি চুক্তিৰ পৰা কি পালে সকলোৱে বুজি পোৱা প্রয়োজন বুলি মত ব্যক্ত কৰে উপমুখ্য কার্যবাহী সদস্য খাম্পা বৰগয়াৰীয়ে৷ এবছুৱে বি টি চি নির্বাচনৰ পূর্বে এখন উকা কাগজত চুক্তি কৰি ৰাজনৈতিক মুনাফাৰ অভিসন্ধি কৰা বুলি আন এক অভিযোগ তোলে খাম্পা বৰগয়াৰীয়ে৷
আনহাতে দলৰ অন্যতম সম্পাদক প্রবীণ বড়োৱে ভাষণত তৃতীয় বড়ো চুক্তিখনক লৈ বাক৲-বিতণ্ডা হোৱাৰ কথা স্বীকাৰ কৰি বি টি চিত নতুন কোনোবা দল গঠন কৰি চুক্তিক আৱেগ হিচাপে লৈ চৰকাৰ গঠন কৰিব খুজিলেও নোৱাৰে বুলি দাবী কৰে৷ একমাত্র বি পি এফ দলৰহে পৰিষদ সম্ভৱ বুলি প্রবীণ বড়োৱে চতুর্থবাৰৰ বাবে বি টি চিত বি পি এফৰ পৰিষদ গঠনৰ বাবে অংগীকাৰবদ্ধ হ’বলৈ দলৰ নেতা-কর্মীলৈ আহবান জনায়৷ আজিৰ সভাত মন্ত্রী প্রমীলাৰাণী ব্রহ্মই ভাষণ দিয়ে৷ আজিৰ সভাত বিধায়ক ৰবিৰাম নার্ৰী, ইমানুৱেল মুছাহাৰী, মাজেন্দ্র নার্ৰী, বিধায়িকা কমলী বসুমতাৰী আৰু বি টি চিৰ কার্যবাহী সদস্যৰ উপৰি বি পি এফৰ ভাতৃ দল বি এছ ইউ, মহিলা, সংখ্যালঘু কোষ আৰু অবড়ো দল-সংগঠনৰ নেতাসকলো উপস্থিত থাকে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি