Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 6:40 pm

Home » আঞ্চলিক » অসম বাঁহ-বেত শিল্প কাৰিকৰ সমিতিৰ অধিবেশন আৰু বাণিজ্য মেলাৰ বঁটা বিতৰণী সভা

অসম বাঁহ-বেত শিল্প কাৰিকৰ সমিতিৰ অধিবেশন আৰু বাণিজ্য মেলাৰ বঁটা বিতৰণী সভা

হাউলী : অসম বাঁহ-বেত শিল্প কাৰিকৰ সমিতৰ অধিবেৱশন আৰু বাণিজ্য মেলা যোৱা ২২জানুৱাৰীৰ পৰা ৩১ জানুৱাৰী লৈ দহ দিনীয়া বিস্তৃত কাৰ্যক্ৰমনিকাৰে বাক্সা জিলাৰ হটাপাৰা (শিমলাঝাৰ)ত অনুষ্ঠিত হয়। বাঁহ-বেত শিল্পৰ কাৰিকৰ সকলৰ শৈল্পিক প্ৰতিভাৰ প্ৰকাশ, প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ উদ্দেশ্য এই মেলাখনৰ আয়োজন কৰা হয়।
উক্ত মেলাত শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা সামগ্ৰীৰে চৰকাৰী “বিপণী আঁচনীৰ”অধিনত শতাধিক বিপণীৰ জৰিয়তে প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্তা কৰে আয়োজক সমিতিয়ে। উক্ত মেলাৰ সাংস্কৃতিক বিভাগৰ তত্বাৱধানত বিগত দিনত অনুষ্ঠিত কৰা হৈছিল বিভিন্ন ধৰণৰ ক্ৰীড়া, গীত, নৃত্য আদি প্ৰতিযোগিতা। আদৰণি সমিতিৰ সভাপতি শ্যামল চন্দ্ৰ বিশ্বাসৰ পৌৰহিত্যত অনুষ্ঠিত আজিৰ বঁটা বিতৰণী সভাত বিজয়ী প্ৰতিযোগী সকলক বটা আৰু মানপত্ৰৰ লগতে বাণিজ্য মেলাত অংশগ্ৰহণ কৰা শিল্পী সকলকো জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ তৰফৰ পৰা প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।
আজিৰ বঁটা বিতৰণী তথা সামৰনি অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে মথনগুৰীৰ এম, চি, এল, এ, গৌতম দাস, জি, এল, চি, কলেজৰ অধ্যাপক ৰমজান আলী, এম, কে, কলেজৰ অধ্যাপক আব্দুল ওৱাৰেশ, বি, এইচ কলেজৰ অধ্যাপিকা দিপালী খেৰকটাৰী আৰু ৰাশিদা খাতুন সভানেত্ৰী, পশ্চিম হাউলী গাওঁ পঞ্চায়ত। সভাত উপস্থিত অতিথ সকলে শিল্পীসকলৰ উন্নতি কল্পে বিভিন্ন পৰানৰ্শমূলক বক্তব্য আগবঢ়োৱাৰ লগতে এম,চি,এল গৌতম দাসে চৰকাৰী সুযোগ-সুবিধা কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে।সদৌ শেষত সসমিতিৰ সাধাৰণ সম্পাদক আইনুদ্দিন আলী আহমেদে শলাগৰ শৰাই আগবঢ়ায়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি