Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 1:44 pm

Home » আঞ্চলিক » ৰাজ্যিক মর্যাদাৰে শশী শর্মালৈ শেষ শ্রদ্ধাঞ্জলি

ৰাজ্যিক মর্যাদাৰে শশী শর্মালৈ শেষ শ্রদ্ধাঞ্জলি

গুৱাহাটী : ৰাজ্যৰ এগৰাকী বিশিষ্ট সাহিত্যিক-সমালোচক, শিক্ষাবিদ, বামপন্থী সংগ্রামী নেতা শশী শর্মাৰ মঙলবাৰে নিশা ৯১ বছৰ বয়সত ইয়াৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত বার্ধক্যজনিত ৰোগত মৃত্যু হোৱাত ৰাজ্যখনৰ লগতে সমগ্র নলবাৰীতে গভীৰ শোকৰ ছাঁ পৰিছে৷
উল্লেখযোগ্য যে মৃত্যুৰ পূর্বে শশী শর্মাই নিজৰ চকুযোৰ আৰু মৰণোত্তৰ দেহ দান কৰাৰ বাবে ইচছাপত্রত স্বাক্ষৰ কৰাৰ অন্তত যোৱা নিশা ১-৩০ বজাত গুৱাহাটীৰ শংকৰদেৱ নেত্রালয়ে প্রয়াত শশী শর্মাৰ চকু দুটি চমজি লয়৷ সেইদৰে সাহিত্যিকগৰাকীৰ মৰণোত্তৰ দেহ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেল কর্তৃপক্ষই চমজি লয়৷ ইপিনে, নলবাৰীৰ জাপাৰকুছিস্থিত তেওঁৰ নিজা বাসভৱন ‘লক্ষী কুটিৰ’ অর্পণ কৰা হৈছে চি পি আই (এম)ৰ নলবাৰী জিলা সমিতিক৷
এতিয়া এই ঘৰখনৰ দুটা কোঠাত সাক্ষী হৈ ৰ’ব তেওঁৰ পত্নী বীণাপাণি দেৱী৷ এইগৰাকী বৰেণ্য সাহিত্যিকৰ মৃত্যুৰ পাছত আজি পুৱা তেওঁৰ নশ্বৰ দেহ এখন পুষ্পসজ্জিত বাহনত উঠাই প্রথমে নলবাৰী মহাবিদ্যালয়লৈ অনা হয়৷ ইয়াৰ পাছতে চি পি আই (এম)ৰ জিলা কার্যালয়লৈ আনি গুণমুগ্ধই শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ইয়াৰ পাছতে নলবাৰীৰ শ্বহীদ ভৱন বাকৰিত ৰাজহুৱা শ্রদ্ধাঞ্জলি-অনুষ্ঠান আৰম্ভ হয়৷ ইয়াত সাংবাদিক, সাহিত্যিক, লেখক ক্রমে নিত্য বৰা, সীতানাথ লহকৰ, চি পি আই (এম)ৰ প্রাক্তন বিধায়ক হেমেন দাস, বিধানসভাৰ প্রাক্তন অধ্যক্ষ পুলকেশ বৰুৱা, শোণিত কুমাৰ গোস্বামী, নলবাৰীৰ বিধায়ক অশোক শর্মা, জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী, আৰক্ষী অধীক্ষক অমনজিৎ কৌৰ,
সদৌ অসম ছাত্র সন্থাৰ সাংগঠনিক সম্পাদক হিমান বর্মন, ৰাজ্যিক কার্যনির্বাহক ভৱজিৎ বেজবৰুৱা, সদৌ অসম সাংবাদিক সন্থাৰ কার্যকৰী সভাপতি ধ্রুৱজ্যোতি শর্মা, সাধাৰণ সম্পাদক নকুল তালুকদাৰ, নলবাৰী জিলা সাংবাদিক সন্থা, জিলা প্রেছ ক্লাব, নলবাৰী প্রেছ ক্লাব, আপজুৰ জিলা সমিতি, অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিকে ধৰি এশৰো অধিক বিভিন্ন দল-সংগঠন আৰু ব্যক্তিয়ে শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ নলবাৰীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে চৰকাৰৰ তৰফৰ পৰা নশ্বৰ দেহত ত্রিৰংগ পতাকা দি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ইয়াৰ পাছতে অসম আৰক্ষীয়ে ২১ জাঁই তোপধবনিৰে ৰাজ্যিক মর্যাদাৰে শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি