Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 3:48 am

Home » আঞ্চলিক » সমাধানহীনতাৰ দিশে গুৱাহাটীৰ দীর্ঘদিনীয়া সমস্যা : উন্নয়নৰ পৰা বঞ্চিত মহানগৰ

সমাধানহীনতাৰ দিশে গুৱাহাটীৰ দীর্ঘদিনীয়া সমস্যা : উন্নয়নৰ পৰা বঞ্চিত মহানগৰ

গুৱাহাটী : বিজেপি মিত্রজোঁটৰ চৰকাৰে  শাসনলৈ অহাৰ পাছতেই মহানগৰবাসীয়ে এক পৰিৱর্তনৰ সপোন দেখিছিল৷ আশা কৰিছিল মহানগৰখনৰ দ্রুত উন্নয়নৰ ক্ষেত্রত চৰকাৰখনে বিশেষ গুৰুত্ব দিব৷ বাস্তৱত মহানগৰবাসীৰ কেইবাটাও দীর্ঘদিনীয়া সমস্যা সমাধানহীনতাৰ দিশেহে গৈ আছে৷ চাৰিটা বছৰে চৰকাৰে মহানগৰবাসীক বিশুদ্ধ খোৱাপানীকেই যোগান ধৰিব নোৱাৰিলে৷জনস্বাস্থ্য কাৰিকৰী বিভাগে যোগান ধৰা পানীয়ে সমগ্র মহানগৰবাসীৰ চাহিদা পূৰণ কৰিব নোৱাৰে৷

প্রতিবছৰে বাৰিষা এজাক বৰষুণ দিলেই মহানগৰৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা কৃত্রিম বানত মহানগৰবাসীয়ে যমৰ যাতনা উপভোগ কৰিব লগীয়া হয়৷ সময়ত মহানগৰৰ নলা-নর্দমা আৰু নদীসমূহৰ আৱর্জনা নিষ্কাশন নকৰাৰ বাবেই সৃষ্টি হয় ভয়াৱহ কৃত্রিম বানৰ৷ গুৱাহাটীৰ মাজেৰে বৈ যোৱা ভৰলু আৰু বাহিনী নৈ দুখনৰ লগতে নদী দুখনৰ সংযোগী পানী পৰিবাহী নলাসমূহৰ উন্নয়ন আৰু সংৰক্ষণৰ ক্ষেত্রত চৰকাৰ তথা দায়িত্বশীল বিভাগসমূহে চৰম ব্যর্থতা গ্রহণ কৰি আহিছে৷
প্রতিবছৰে চৰকাৰে কোটি কোটি টকা মোকলাই দিয়াৰ পাছতো আজিলৈকে নদী আৰু নলাসমূহৰ উন্নয়ন কৰিব নোৱাৰিলে চৰকাৰী বিভাগসমূহে৷ গুৰুত্বপূর্ণভাৱে মহানগৰৰ আইন-শৃংখলাৰ উন্নয়নৰ বাবে নতুন চৰকাৰখনে গুৰুত্ব দিব লাগিছিল যদিও নিদিয়াত অধিক বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা৷ তেনেদৰে পাণবজাৰ-উত্তৰ গুৱাহাটী সংযোগী দলং নির্মাণ, ৰ’পৱে নির্মাণ, নাৰেংগী-বোন্দা-কুৰুৱা সংযোগী দলং নির্মাণ কৰা, গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং নির্মাণ আৰু মহানগৰৰ ৰাজপথত সৃষ্টি হোৱা যান-জঁট নিয়ন্ত্রণৰ লগতে ৰাস্তা-ঘাটৰ উন্নয়ন, পর্যটন ব্যৱস্থাৰ উন্নীতকৰণ,
পাহাৰ অঞ্চলৰ লোকসকলক ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰা, ষ্ট্রীট লাইট, নলা-নর্দমাৰ উন্নয়ন, ক্ষুদ্র ব্যৱসায়ীসকলৰ সমস্যা সমাধান কৰাৰ ক্ষেত্রতো চৰকাৰখনে বিফলতা গ্রহণ কৰিলে৷ অর্থাৎ পূর্বৰ চৰকাৰৰ দৰেই এইখন চৰকাৰেও প্রতিশ্রুতি দি আৰু ঘোষণা কৰিয়েই সামৰিছে দায়িত্ব৷ মহানগৰৰ উন্নয়নৰ বাবে কেইবাখনো গুৰুত্বপূর্ণ আঁচনি গ্রহণ কৰাৰ পাছতো আৰম্ভ কৰা নাই আঁচনিৰ কাম৷ যাৰ বাবে উন্নয়নৰ পৰা বঞ্চিত হৈছে ৰাজধানী মহানগৰ৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি