Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 3:10 am

Home » আঞ্চলিক » শান্তি চুক্তিৰ প্রকৃত নায়ক এবছু নহয় : হাগ্রামা

শান্তি চুক্তিৰ প্রকৃত নায়ক এবছু নহয় : হাগ্রামা

গুৱাবাটী : নতুন দিল্লীত যোৱা ২৭ জানুৱাৰীত সম্পাদিত ঐতিহাসিক বি টি আৰ চুক্তিখনক লৈ চুক্তি স্বাক্ষৰকাৰী সংগ্রামী বড়ো নেতাসকলক লৈ ভাগে ভাগে বড়োভূমিত চলিছে বিপুল আদৰণি পর্ব, ভাগে ভাগে বিশাল সভা৷ লক্ষণীয় যে কালি চিৰাং জিলাৰ কাজলগাঁৱত এবছুৱে চুক্তি স্বাক্ষৰকাৰী নেতাসকলক আদৰাৰ পাছতে আজি পুনৰ কোকৰাঝাৰ জিলাৰ অন্তর্গত তথা ভাৰত-ভূটান সীমান্তৱর্তী ঝাৰবাৰীত চুক্তি স্বাক্ষৰকাৰী এন ডি এফ বি (এছ)ৰ নেতাসকলক মুকলিভাৱে আদৰণি জনাবলৈ এখন বিশাল আদৰণী সভা অনুষ্ঠিত হয়৷
উক্ত আদৰণী সভাতে সহস্রাধিক জনতাৰ উপস্থিতিত বড়ো চুক্তি স্বাক্ষৰকাৰী নেতা এন ডি এফ বিৰ (এছ) সভাপতি বি ছাউৰাইগৌড়াৰ উপৰি সাধাৰণ সম্পাদক বি আৰ ফেৰেংগা, উপ-সভাপতি জি বিদাই আৰু সমাজ কল্যাণ সম্পাদক এম বাথাক একোখনকৈ আৰনাই আৰু ফুলৰ থোপাৰে আদৰণি জনায় বি টি চিৰ মুখ্য কার্যবাহী সদস্য হাগ্রামা মহিলাৰীয়ে৷ আদৰণী অনুষ্ঠানত বি টি চিৰ কার্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্রহ্ম, প্রাক্তন বি এল টি কল্যাণ পৰিষদৰ অধ্যক্ষ জনমোহন মুছাহাৰী উপস্থিত আছিল৷
আদৰণী সভাৰ অন্তত সাংবাদিকৰ আগত বি টি চিৰ মুখ্য কার্যবাহী সদস্য হাগ্রামা মহিলাৰীয়ে বড়োভূমিত সশস্ত্র সংগ্রামৰ অৱসানৰে সম্পাদিত বি টি আৰ চুক্তিখনক লৈ সন্তুষ্টি ব্যক্তি কৰি বি টি আৰত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীক সামৰি এই চুক্তি সম্পাদিত হোৱা বুলি দাবী কৰে৷ বি টি আৰ কেৱল বড়ো জনগোষ্ঠীৰে নহয় সকলো জাতি-জনগোষ্ঠীৰে সামগ্রিক বিকাশ সাধিব বুলি মন্তব্য কৰে৷ তেওঁ বি টি আৰ চুক্তিৰ সকলো দফা আখৰে আখৰে ৰূপায়ণত সফল হ’লে স্বাভাৱিকভাৱে পৃথক বড়ো ৰাজ্য হ’ব বুলি কয়৷
বি টি আৰ সন্দর্ভত কিছু দল-সংগঠনৰ বিৰোধিতা প্রসংগত তেওঁ বি টি আৰ চুক্তিত কি কি আছে লাহে লাহে বুজি পালে সকলো ঠিক হ’ব আৰু পূর্বৰ বি টি এ ডিৰ পৰা এ ডি অর্থাৎ এৰিয়া ডিষ্ট্রিক্ট কাটি কেৱল ৰিজিঅন কৰাত বি টি আৰ হ’বলৈ পালে বুলি ব্যাখ্যা আগবঢ়ায় মহিলাৰীয়ে৷ আনহাতে সাংবাদিকৰ আগত বি টি আৰ চুক্তিৰ অন্যতম ৰাজসাক্ষী হাগ্রামা মহিলাৰীয়ে আজি ছাত্র সংগঠন এবছুক পুনৰবাৰ উভতি ধৰি কয় যে বি টি আৰ চুক্তিৰ প্রকৃত নায়ক এন ডি এফ বিহে, এবছু নহয়৷
এবছুৱে চুক্তিখন হাইজেক কৰিব বিচাৰিছিল আৰু জীৱনত পৃথক ৰাজ্যৰ সংগ্রাম নকৰোঁ বুলি এবছুৰ নেতাসকলে চুক্তিত স্বাক্ষৰ কৰা বুলি তেওঁ ৰাজহুৱা কৰে৷ আনহাতে এন ডি এফ বিৰ সাধাৰণ সম্পাদক বি আৰ ফেৰেংগাই চুক্তিখনক লৈ যথেষ্ট আশাবাদী বুলি সদৰী কৰি এইক্ষেত্রত ভাৰত চৰকাৰ, অসম চৰকাৰে বড়ো চুক্তিখন যোগাত্মকভাৱে ৰূপায়ণ কৰিলে ভৱিষ্যৎ বড়োলেণ্ড মুভমেণ্ট নহ’ব বুলি জনায়৷ তেনেক্ষেত্রত সাংবাদিকৰ প্রশ্নোত্তৰত শীর্ষ নেতাজনে যদি সফল নহয় তেন্তে গণতান্ত্রিক আন্দোলনৰ পথ বাছি ল’ব বুলি ইংগিত দিয়ে৷
তেওঁ কাইলৈ গুৱাহাটীত হ’বলগীয়া অস্ত্র সম্বৰণত এন ডি এফ বিৰ পৰা ১৫০জন সদস্যই ভাগ ল’ব আৰু অহা ৭ ফেব্রুৱাৰীত প্রধান মন্ত্রীৰ সম্ভাব্য উপস্থিতিত কোকৰাঝাৰত হ’বলগীয়া বিশাল জনসভাত এন ডি এফ বিৰ আটাইকেইটা গোটৰে প্রায় ২,৮৫০জন সদস্যই অস্ত্র সম্বৰণ কৰিব বুলি জানিবলৈ দিয়ে৷ উক্ত অনুষ্ঠানত সভাপতি বি ছাউৰাইগৌড়াই বি টি আৰ চুক্তিক লৈ তেওঁ যথেষ্ট সুখী বুলিও কয়৷ এই চুক্তিৰ বাবে মূলসুঁতিলৈ অহাৰ আগতে স্থানীয় চৰকাৰ আৰু নর্থ-ইষ্ট হেৰিটেজ ফাউণ্ডেশ্যন এন জি অ’ৰ সঞ্চালক পৃথিৱীৰাজ দেৱ মেচৰ লগতে সাধাৰণ সম্পাদক থুলুংগা বসুমতাৰী আৰু নিজৰে শহুৰেক কর্মেশ্বৰ ব্রহ্মৰ সৈতে যোগাযোগ আছিল বুলি স্পষ্ট কৰি দিয়ে৷
উল্লেখযোগ্য যে কোকৰাঝাৰ জিলাৰ বিছমুৰীৰ দীঘিলীত স্থাপন কৰা এন ডি এফ বি (এছ)ৰ ডেজিগনেট শিবিৰৰ পৰা আজি এন ডি এফ বি (এছ)ৰ চুক্তি স্বাক্ষৰকাৰী নেতা সভাপতি বি ছাউৰাইগৌড়াসহ সংগঠনৰ সাধাৰণ সম্পাদক বি আৰ ফেৰেংগা, শীর্ষ নেতাদ্বয় জি বিদাই আৰু এম বাথাক আদৰণী সভাৰ মূল মঞ্চলৈ বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বাদ্যযন্ত্র আৰু বাগৰুম্বা নৃত্যৰে স্বাগতম জনাই আদৰি নিয়া হয়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি