প্ৰশান্ত কিশোৰক আৰ জে ডিত যোগ দিবলৈ আহ্বান

জনতা দল ইউনাইটেডৰ পৰা বহিষ্কাৰ কৰা নেতা প্ৰশান্ত কিশোৰক ৰাষ্ট্ৰীয় জনতা দল আৰ জে ডিত যোগ দিবলৈ আমন্ত্ৰণ জনাইছে। আৰ ডে ডিৰ নেতা লালু প্ৰসাদৰ পুত্ৰ তেজ প্ৰতাপ যাদৱে কয় যে আপুনি আমাৰ লগত আহিব পাৰে। আৰ জে ডিলৈ আপোনাক স্বাগতম। কিন্তু প্ৰশান্ত কিশোৰে কয় যে তেওঁ নিজৰ ভৱিষ্যতৰ কথা ১১ ফ্ৰেব্ৰুৱাৰীত পাটনাত জনাব। এতিয়ালৈকেএই সম্বন্ধে কাৰো সৈতে কথা নাপাতো।

|

আৰক্ষীৰ সন্মুখতে প্ৰতিবাদী সমদললৈ এজন যুৱকৰ গুলীবৰ্ষণ

 নাগৰিকত্ব সংশোধনি আইনৰ বিৰুদ্ধে তীব্ৰ আন্দোলন চলি থকাৰ মাজতে আজি ৰাজধানী দিল্লীত সংঘটিত হয় এক ভয়ংকৰ ঘটনা।জাতীৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু দিৱস উপলক্ষ্যে জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৰাজঘাটলৈ উলিওৱা এক সমদলক লক্ষ্য কৰি এজন যুৱকে গুলীবৰ্ষণ কৰে  য’ত গুলীবৰ্ষণত ছাদাব আলম নামৰ এজন যুৱক আহত হয়  ইপিনে আহত যুৱকজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । অৱশ্যে পাছত অভিযুক্ত যুৱকজনক আৰক্ষীয়ে আটক কৰে।উল্লেখ্য যে চাহিন বাগৰ পৰা ৰাজঘাটলৈ উলিওৱা হৈছিল এই প্ৰতিবাদী সমদল। ইফালে আৰক্ষীয়ে এই সমদল বাহিৰ কৰাৰ অনুমতি প্ৰদান কৰা নাছিল।

গুৱাহাটীত আজি ফুটবল খেলিব বাইচুং ভুটীয়াই

গুৱাহাটী : দীর্ঘদিনৰ মূৰত ফুটবল খেলাৰ উদ্দেশ্যে বুট পিন্ধিবলৈ সাজু হৈছে দেশৰ এসময়ৰ প্রসিদ্ধ খেলুৱৈ বাইচুং ভুটীয়া৷ভাৰতীয় ফুটবল দলৰ প্রাক্তন অধিনায়কজনে আজিৰে পৰা ইউনাইটেড ব্রাদার্ছ ক্লাবৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ইউ বি চি চেলেঞ্জ আন্তর্জাতিক প্রবীণ ফুটবলত অংশগ্রহণ কৰিব৷  নেপাল আৰু বাংলাদেশৰ লগতে ভাৰতৰ বিভিন্ন প্রান্তৰ মুঠ ১২ টা দলে অংশগ্রহণ কৰিবলগীয়া প্রতিযোগিতাখন কাইলৈ বিয়লি ৪ বজাত বাইচুং ভুটীয়াই উদ্বোধন কৰিব৷আজিৰ উদ্বোধনী মেচত আয়োজক দল ইউনাইটেড ব্রাদার্ছ ক্লাবৰ বিৰুদ্ধে অংশ ল’ব বাইচুং ভুটীয়া নেতৃত্বাধীন ইউনাইটেড ছিকিম ভেটার্ন দলে৷ প্রত্যেকটো দলৰ হৈ কেইবাগৰাকীকৈ প্রাক্তন আন্তর্জাতিক খেলুৱৈয়ে খিতাপ লাভৰ বাবে যুঁজিব৷ প্রতিযোগিতাৰ বিজয়ী দলে ৫০ হাজাৰ টকাৰ লগতে লাভ কৰিব কনক চন্দ্র বৰুৱা সোঁৱৰণী ট্রফী৷ ২ ফেব্রুৱাৰীত হ’বলগীয়া ফাইনেলৰ অন্তত মুখ্যমন্ত্রী সর্বানন্দ

|

মৃত্কৰ সংখ্যা ১৩০লৈ বৃদ্ধি : ক’ৰোনা ভাইৰাছক ‘চয়তান’ আখ্যা জিনপিঙৰ

বেইজিঙ : চীনৰ পৰা বিশ্বজুৰি বিস্তাৰ ঘটা ক’ৰোনা ভাইৰাছত এতিয়ালৈকে ১৩০গৰাকীতকৈ অধিক লোকৰ মৃত্যু হৈছে৷ বেইজিঙত চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীৰ সৈতে হোৱা বৈঠকত উল্লেখ কৰিছে যে ভাইৰাছবিধক প্রতিৰোধ কৰাৰ বাবে যুদ্ধকালীন প্রক্রিয়া চলাই থকা হৈছে৷ লক্ষণীয়ভাৱে প্রায় ১৫খন দেশলৈ বিস্তাৰ ঘটিছে এই ভাইৰাছৰ৷ ঝি জিনপিঙে এই ভাইৰাছবিধক ‘চয়তান’ আখ্যা দি কৈছে যে ইয়াক যিকোনো প্রকাৰে প্রতিৰোধ কৰিবই লাগিব৷  উল্লেখনীয় যে, বিভিন্ন বিদেশী ৰাষ্ট্রই নিজৰ নাগৰিকক চীনৰ পৰা ওভতাই নিয়াৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ পাঁচ সহস্রাধিক লোক বর্তমান চিকিৎসাধীন হৈছে চীনকে ধৰি অন্যান্য দেশবোৰত৷ এই ভাইৰাছবিধৰ সংক্রমণে বিশ্বজুৰি আতংকৰ সৃষ্টি কৰাৰ সময়তে আমেৰিকাই চীনলৈ বিমানৰ উৰণ বন্ধ কৰিছে৷ ভাৰত, জাপান, জার্মানীকে ধৰি বিভিন্ন দেশে চীনৰ পৰা ওভতা যাত্রীসকলৰ

বড়ো চুক্তিৰ দফা সমূহ ৰূপায়িত হ’লেই পৃথক ৰাজ্যলৈ পৰিণত হ’ব বড়োভূমি : মহিলাৰী

কোকৰাঝাৰ : বড়ো শান্তি চুক্তিক লৈ BTRত আনন্দ উল্লাস চলি থকাৰ সয়মতে পুনৰ বিস্ফোৰক মন্তব্য হাগ্ৰামা মহিলাৰীৰ। বড়ো শান্তি চুক্তিৰ দফা সমূহ ৰূপায়িত হ’লেই আপোনাআপুনি পৃথক ৰাজ্যলৈ পৰিণত হ’ব বড়োভূমি। কোকৰাঝাৰৰ পাটগাঁৱত মূলসুঁতিলৈ উভটি অহা NDFBৰ নেতৃবৰ্গক আদৰণি জনাবলৈ আয়োজন কৰা এখন সভাত এই মন্তব্য মহিলাৰীৰ। আনহাতে বড়ো চুক্তি দিনটো সমগ্ৰ বড়োসকলৰ বাবে ঐতিহাসিক দিন বুলি মন্তব্য কৰি NDFBৰ নেতা বি ফেৰেংগাই কয় যে এতিয়া আমি ৰাইজৰ লগত থাকি কাম কৰি যাম। ৭ ফেব্ৰুৱাৰীৰ দিনাও প্ৰায় ২৮০০ৰো অধিক NDFBৰ কেডাৰে অস্ত্ৰ সম্বৰণ কৰিব।

পুনৰ অস্ত্র লোৱাৰ হুংকাৰ ৫ আদিবাসী সংগঠনৰ

বঙাইগাঁও: বড়ো নেতৃত্বৰে কেন্দ্র–ৰাজ্য চৰকাৰৰ শান্তি চুক্তিত স্বাক্ষৰ হোৱাৰ পাছতে তৎপৰ হৈ পৰিছে যুদ্ধবিৰতিত থকা পাঁচ আদিবাসী সশস্ত্র সংগঠন৷ অকল তৎপৰ হোৱাই নহয়, শান্তি চুক্তিত স্বাক্ষৰৰ বাবে সংগঠনকেইটাই চৰকাৰক ১৫ দিনৰ সময়সীমা বান্ধি দিছে৷ ইয়াৰ অন্যথা পুনৰ হাতত অস্ত্র তুলি লোৱাৰ হুংকাৰ দিয়ে আটাইকেইটা সংগঠনৰ নেতৃত্বই৷ কালি বঙাইগাঁও প্রেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত দীর্ঘদিন ধৰি যুদ্ধবিৰতিত থকা কোব্রা মিলিটেণ্ট ফ’চ, বীৰছা কমাণ্ডো ফ’চ, আপা, এছ টি এফ আৰু আনলাৰ নেতৃত্বই চৰকাৰে তেওঁলোকক গুৰুত্ব নিদিয়াৰ অভিযোগ তোলে৷ এই সন্দর্ভত কোব্রা মিলিটেণ্ট ফ’চৰ উপ–সেনাধ্যক্ষ ৰতন টুডুৱে কয়– আমি ২০০১ চনৰ পৰা যুদ্ধবিৰতি ঘোষণা কৰি চৰকাৰৰ সৈতে শান্তি আলোচনা কৰি আহিছোঁ৷ কিন্তু প্রায় দুটা দশক অতিক্রম কৰাৰ পাছতো আলোচনাৰ ফলপ্রসূ সমাধান নোলাল৷

|

অসম এৰিব ক্ষুব্ধ ন্যায়াধীশ স্বাতী বিধান বৰুৱাই

ডিব্রুগড় : অসম এৰিব  ন্যায়াধীশ স্বাতী বিধান বৰুৱাই৷ তৃতীয় লিংগৰ অধিকাৰৰ বাবে দীর্ঘদিন ধৰি আইনী যুঁজ দি অহা তথা অসমৰ প্রথমগৰাকী তৃতীয় লিংগৰ ন্যায়াধীশ স্বাতী বিধান বৰুৱাই অসম এৰিব৷ তেওঁ চৰকাৰক তীব্র সমালোচনা কৰি কয় যে তৃতীয় লিংগৰ প্রতি কেৱল সমাজৰে নহয়, চৰকাৰৰো চৰম অৱহেলা৷ আমি তৃতীয় লিংগৰ ব্যক্তিসকল, প্রায়েই একাংশ মানুহৰ দ্বাৰা ৰাজহুৱাকৈ ঠাট্টা–মস্কৰাৰ সন্মুখীন হ’ব লগা হয়৷ সকলো লোকৰে সম অধিকাৰ আছে৷ তৃতীয় লিংগসকলো সমাজৰেই এজন৷ গতিকে তেওঁলোকৰো সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ আছে৷ কিন্তু বিগত ১০ বছৰে নেৰানেপেৰা প্রচেষ্টাৰ পাছতো সফল নহ’ল স্বাতী বিধান বৰুৱা৷ সমাজৰ লগতে চৰকাৰেও কোনো গুৰুত্ব নিদিলে তৃতীয় লিংগৰ লোকসকলক৷ ডিব্রুগডৰ মোহনবাৰী বিমানবন্দৰত‘Equality Awareness program’ শীর্ষক এক সজাগতা সভাত অংশগ্রহণ কৰি স্বাতী বিধান বৰুৱাই বৈদিক–পৌৰাণিক শাস্ত্রসমূহত

|

সমাধানহীনতাৰ দিশে গুৱাহাটীৰ দীর্ঘদিনীয়া সমস্যা : উন্নয়নৰ পৰা বঞ্চিত মহানগৰ

গুৱাহাটী : বিজেপি মিত্রজোঁটৰ চৰকাৰে  শাসনলৈ অহাৰ পাছতেই মহানগৰবাসীয়ে এক পৰিৱর্তনৰ সপোন দেখিছিল৷ আশা কৰিছিল মহানগৰখনৰ দ্রুত উন্নয়নৰ ক্ষেত্রত চৰকাৰখনে বিশেষ গুৰুত্ব দিব৷ বাস্তৱত মহানগৰবাসীৰ কেইবাটাও দীর্ঘদিনীয়া সমস্যা সমাধানহীনতাৰ দিশেহে গৈ আছে৷ চাৰিটা বছৰে চৰকাৰে মহানগৰবাসীক বিশুদ্ধ খোৱাপানীকেই যোগান ধৰিব নোৱাৰিলে৷জনস্বাস্থ্য কাৰিকৰী বিভাগে যোগান ধৰা পানীয়ে সমগ্র মহানগৰবাসীৰ চাহিদা পূৰণ কৰিব নোৱাৰে৷ প্রতিবছৰে বাৰিষা এজাক বৰষুণ দিলেই মহানগৰৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা কৃত্রিম বানত মহানগৰবাসীয়ে যমৰ যাতনা উপভোগ কৰিব লগীয়া হয়৷ সময়ত মহানগৰৰ নলা-নর্দমা আৰু নদীসমূহৰ আৱর্জনা নিষ্কাশন নকৰাৰ বাবেই সৃষ্টি হয় ভয়াৱহ কৃত্রিম বানৰ৷ গুৱাহাটীৰ মাজেৰে বৈ যোৱা ভৰলু আৰু বাহিনী নৈ দুখনৰ লগতে নদী দুখনৰ সংযোগী পানী পৰিবাহী নলাসমূহৰ উন্নয়ন আৰু সংৰক্ষণৰ ক্ষেত্রত চৰকাৰ তথা দায়িত্বশীল বিভাগসমূহে চৰম

|

শান্তি চুক্তিৰ প্রকৃত নায়ক এবছু নহয় : হাগ্রামা

গুৱাবাটী : নতুন দিল্লীত যোৱা ২৭ জানুৱাৰীত সম্পাদিত ঐতিহাসিক বি টি আৰ চুক্তিখনক লৈ চুক্তি স্বাক্ষৰকাৰী সংগ্রামী বড়ো নেতাসকলক লৈ ভাগে ভাগে বড়োভূমিত চলিছে বিপুল আদৰণি পর্ব, ভাগে ভাগে বিশাল সভা৷ লক্ষণীয় যে কালি চিৰাং জিলাৰ কাজলগাঁৱত এবছুৱে চুক্তি স্বাক্ষৰকাৰী নেতাসকলক আদৰাৰ পাছতে আজি পুনৰ কোকৰাঝাৰ জিলাৰ অন্তর্গত তথা ভাৰত-ভূটান সীমান্তৱর্তী ঝাৰবাৰীত চুক্তি স্বাক্ষৰকাৰী এন ডি এফ বি (এছ)ৰ নেতাসকলক মুকলিভাৱে আদৰণি জনাবলৈ এখন বিশাল আদৰণী সভা অনুষ্ঠিত হয়৷ উক্ত আদৰণী সভাতে সহস্রাধিক জনতাৰ উপস্থিতিত বড়ো চুক্তি স্বাক্ষৰকাৰী নেতা এন ডি এফ বিৰ (এছ) সভাপতি বি ছাউৰাইগৌড়াৰ উপৰি সাধাৰণ সম্পাদক বি আৰ ফেৰেংগা, উপ-সভাপতি জি বিদাই আৰু সমাজ কল্যাণ সম্পাদক এম বাথাক একোখনকৈ আৰনাই আৰু ফুলৰ থোপাৰে আদৰণি জনায় বি

|

ৰাজ্যিক মর্যাদাৰে শশী শর্মালৈ শেষ শ্রদ্ধাঞ্জলি

গুৱাহাটী : ৰাজ্যৰ এগৰাকী বিশিষ্ট সাহিত্যিক-সমালোচক, শিক্ষাবিদ, বামপন্থী সংগ্রামী নেতা শশী শর্মাৰ মঙলবাৰে নিশা ৯১ বছৰ বয়সত ইয়াৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত বার্ধক্যজনিত ৰোগত মৃত্যু হোৱাত ৰাজ্যখনৰ লগতে সমগ্র নলবাৰীতে গভীৰ শোকৰ ছাঁ পৰিছে৷ উল্লেখযোগ্য যে মৃত্যুৰ পূর্বে শশী শর্মাই নিজৰ চকুযোৰ আৰু মৰণোত্তৰ দেহ দান কৰাৰ বাবে ইচছাপত্রত স্বাক্ষৰ কৰাৰ অন্তত যোৱা নিশা ১-৩০ বজাত গুৱাহাটীৰ শংকৰদেৱ নেত্রালয়ে প্রয়াত শশী শর্মাৰ চকু দুটি চমজি লয়৷ সেইদৰে সাহিত্যিকগৰাকীৰ মৰণোত্তৰ দেহ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেল কর্তৃপক্ষই চমজি লয়৷ ইপিনে, নলবাৰীৰ জাপাৰকুছিস্থিত তেওঁৰ নিজা বাসভৱন ‘লক্ষী কুটিৰ’ অর্পণ কৰা হৈছে চি পি আই (এম)ৰ নলবাৰী জিলা সমিতিক৷ এতিয়া এই ঘৰখনৰ দুটা কোঠাত সাক্ষী হৈ ৰ’ব তেওঁৰ পত্নী বীণাপাণি দেৱী৷ এইগৰাকী