Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 9:37 am

Home » আঞ্চলিক » গহপুৰ, চতিয়া, লখিমপুৰ পর্যন্ত বি টি আৰ সম্প্রসাৰণ হোৱাৰ সম্ভাৱনা

গহপুৰ, চতিয়া, লখিমপুৰ পর্যন্ত বি টি আৰ সম্প্রসাৰণ হোৱাৰ সম্ভাৱনা

গুৱাহাটী : বড়ো উগ্রপন্থী সংগঠন এন ডি এফ বিৰ আটাইকেইটা গোটৰ লগতে নিখিল বড়ো ছাত্র সন্থা চমুকৈ এবছুৰ লগত আজি নতুন দিল্লীত কেন্দ্রীয় চৰকাৰে স্বাক্ষৰ কৰা শান্তি চুক্তিৰ পাছত বড়ো জনগোষ্ঠীৰ লোকসকল উৎফুল্লিত হৈ পৰিছে যদিও অবড়ো লোকসকলৰ মনত থকা শংকা নিৰসন হোৱা নাই৷

আজি স্বাক্ষৰিত চুক্তি অনুসৰি বর্তমানে বি টি এ ডিত অন্তর্ভুক্ত হৈ থকা অবড়ো লোক সংখ্যাগৰিষ্ঠ গাঁওসমূহ ওলাই আহিব আৰু বড়ো লোকৰ সংখ্যাগৰিষ্ঠতা থকা গাঁওসমূহ নতুনকৈ অন্তর্ভুক্ত হ’ব৷ বি টি এ ডিত অন্তর্ভুক্ত অবড়ো লোক থকা গাঁওসমূহ কর্তন কৰিবলৈ সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চই দাবী জনাই আহিছিল৷ উল্লেখযোগ্য যে বি টি এ ডিত ৯৬০খনৰো অধিক অবড়ো লোকৰ বসতি থকা গাঁও অন্তর্ুক্ত হোৱাত অবডো় লোকসকল অসন্তুষ্ট হৈ আছিল৷ সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চই বি টি এ ডিত অবড়ো লোকৰ সুৰক্ষাৰ দাবীক অগ্রাধিকাৰ দি সাংসদ নৱ শৰণীয়াৰ নেতৃত্বত গণ সুৰক্ষা নামৰ এটা দলো গঠন হৈছে৷
আজি স্বাক্ষৰিত চুক্তি অনুসৰি নতুনকৈ নামকৰণ হোৱা বডোলেণ্ড টেৰিটৰিয়েল ৰিজনৰ (বি টি আৰ) পৰা অবড়ো লোক সংখ্যাগৰিষ্ঠ গাঁওসমূহ কর্তন হ’ব আৰু বড়ো সংখ্যাগৰিষ্ঠ গাঁও নতুনকৈ অন্তর্ভুক্ত হ’ব৷ কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্ত মন্ত্রী হিমন্ত বিশ্ব শর্মা আৰু বি টি চিৰ মুৰববী হাগ্রামা মহিলাৰীৰ উপস্থিতিত স্বাক্ষৰিত নতুনচুক্তিয়ে আশ্বস্ত কৰিব পৰা নাই নৱ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা দলক৷ দলটোৰ নেতা ব্রজেন মহন্তই চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত প্রতিক্রিয়া ব্যক্ত কৰি কয় যে যদিও বড়ো লোক অধু্যষিত গাঁও নতুনকৈ বি টি আৰত অন্তর্ুক্ত কৰাৰ ফলত এই এলেকা গহপুৰ বা লখিমপুৰলৈ সম্প্রসাৰিত হোৱাৰ বাট মুকলি হোৱাৰ সম্ভাৱনা আছে৷ কাৰণ বি টি আৰত বডো় লোকৰ সংখ্যাগৰিষ্ঠতা থকা গাঁও অন্তর্ভুক্ত কৰিবলৈ যাওঁতে অবড়ো লোক থকা গাঁও অন্তর্ভুক্ত হোৱাৰ সম্ভাৱনা আছে৷
আজি স্বাক্ষৰিত চুক্তিৰ পৰা অবড়ো লোকসকল আশ্বস্ত হ’বলগীয়া একো নাই বুলি মন্তব্য কৰে গণ সুৰক্ষা দলৰ নেতাজনে৷ অবড়ো লোকক বি টি এ ডিত নেতৃত্ব দিয়া নৱ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা দলৰ নেতা ব্রজেন মহন্তই কয় যে গাঁও কর্তন আৰু অন্তর্ুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে গঠন কৰিবলগীয়া আয়োগে কেনেদৰে গাঁও অন্তর্ুক্ত কৰে তাৰ ওপৰতহে বি টি এ ডিৰ কাষৰীয়া অবড়ো লোকৰ সুৰক্ষাৰ কথা নির্ভৰ কৰিব৷
তেওঁ কয় যে দেখাত বড়ো চুক্তিয়ে অবড়ো লোক অধু্যষিত গাঁওসমূহক সকাহ দিছে যদিও চুক্তিখন কার্যকৰী কৰাৰ সময়ত কেনেদেৰে গাঁও অন্তর্ুক্ত কৰিব তাৰ ওপৰতহে অবড়ো লোকৰ ভৱিষ্যৎ নির্ভৰ কৰিব৷ গণ সুৰক্ষা দলৰ নেতাজনৰ মতে যদি বড়ো লোক সংখ্যাগৰিষ্ঠতা থকা দুই-তিনিখন গাঁও অন্তর্ভুক্ত কৰিবলৈ গৈ সেই গাঁৱৰ লগত থকা আন অবডো় লোকৰ গাঁও অন্তর্ভুক্ত হয় তেন্তে গহপুৰ, চতিয়া, লখিমপুৰ পর্যন্তপ্রস্তাৱিত বি টি আৰৰ সম্প্রসাৰণ হোৱাটোক নুই কৰিব নোৱাৰি বুলি কয় অবড়ো সুৰক্ষাৰ বাবে সংগ্রাম কৰি অহা গণ সুৰক্ষা দলৰ নেতা ব্রজেন মহন্তই৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি