তামাৰহাট : অসম-বংগ সীমান্ত ধুবুৰী জিলাৰ তামাৰহাট বৰজানস্থিত মানৱ সেৱা আশ্ৰম”ৰ খেলপথাৰত অনুষ্ঠিত উপেন্দ্ৰনাথ ৰাভা আৰু ছোঁবাহান মেমোৰিয়াল ট্ৰফী টুৰ্ণামেণ্টৰ ষোল্লদলীয় ক্ৰিকেট প্ৰতিযোগিতাৰ খনৰ আজি প্ৰথম খন ছেমি ফাইনেল মেচ অনুষ্ঠিত হয়। আজিৰ মেচ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও বি.এছ. ক্লাব আৰু ধুবুৰী জিলাৰ হাতীধুৰা বাজাৰ এলিভেন ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হয়। গোসাঁইগাঁও বি.এছ. ক্লাব ক্ৰিকেট দলে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু কুৰি অভাৰ খেলি আঠ ইউকেট হেৰুৱাই ১২৬ ৰাণৰ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। প্ৰতি উত্তৰত হাতীধুৰা বাজাৰ এলিভেন দলে ছয় ইউকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। হাতীধুৰা বাজাৰ এলিভেনৰ হৈ খেলা আবু হুছেইনে মেন অফ দা মেচ লাভ কৰে। উল্লেখ্য যে নৱজ্যোতি ফাৰ্মৰ দ্বাৰা আয়োজিত প্ৰতিযোগিতাত প্ৰথম পুৰুস্কাৰ গ্লেমাৰ বাইক আৰু দ্বিতীয় পুৰুস্কাৰ হিচাপে ৩২ ইঞ্চি এল.চি.ডি.টিভি দিয়া হব বুলি জানিবলৈ দিয়ে।