Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 7:07 pm

Home » দেশ-বিদেশ » ইউৰোপীয় সংসদত ‘কা’ৰ বিৰুদ্ধে উত্থাপন ছটাকৈ প্রস্তাৱ

ইউৰোপীয় সংসদত ‘কা’ৰ বিৰুদ্ধে উত্থাপন ছটাকৈ প্রস্তাৱ

ভাৰতত নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী প্রতিবাদে উত্তাল পৰিস্থিতি সৃষ্টি কৰি থকা সময়তে ইউৰোপীয় সংসদে এই বিষয়টো সন্দর্ভত প্রস্তাৱ গ্রহণৰ যো–জা চলাইছে৷ চলিত সপ্তাহত ‘কা’ বিৰোধী প্রস্তাৱৰ ওপৰত বিতর্ক চলোৱাৰ সিদ্ধান্ত লৈছে ইউৰোপীয় সংঘ (ইইউ)ৰ সংসদে৷ সংবাদ সংস্থা পিটিআইৰ প্রতিবেদন অনুসৰি ইউৰোপীয় সংসদৰ এই সিদ্ধান্তত ক্ষোভ প্রকাশ কৰিছে নতুন দিল্লীয়ে৷ গণতান্ত্রিকভাৱে নির্বাচিত দেশৰ সংসদে গৃহীত কৰা আইনৰ ওপৰত ইউৰোপীয় সংঘৰ সংসদে কোনো ধৰণৰ প্রশ্নৰ অৱতাৰণা কৰা নাই বুলি ক্ষোভ প্রকাশ কৰিছে ভাৰতে৷
উল্লেখনীয় যে ইউৰোপীয় সংঘৰ বিভিন্ন গোটে মুঠ ছটাকৈ প্রস্তাৱ দাখিল কৰিছে৷ প্রগ্রেছিভ এলায়েন্স অৱ ছ’চিয়েলিষ্ট, ডেমক্রেটছ ইন দ্য ইউৰোপিয়ান পার্লিয়ামেণ্ট আদিকে ধৰি ছটা গোটে দাখিল কৰা প্রস্তাৱৰ ওপৰত আগন্তুক বৃহস্পতিবাৰে বিতর্ক হ’ব৷ ইয়াৰ পৰৱর্তী দিনাখনেই এই প্রস্তাৱৰ ওপৰত গ্রহণ কৰা হ’ব ভোট৷ ইউৰোপীয় সংসদৰ এনে সিদ্ধান্তক লৈ ভাৰতৰ বিদেশ মন্ত্রণালয়ে ক্ষোভ প্রকাশ কৰা বুলি এক উচ্চস্তৰীয় সূত্রই সদৰী কৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি