গুৱাহাটী : সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী, ষ্টাৰ প্লাছৰ জনপ্ৰিয় ধাৰাবাহিক ‘দিল তোহ হেপ্পী হ্যে জী’ত চিমি খোচলাৰ চৰিত্ৰত অভিনয় কৰা ছেজল শৰ্মাই আত্মহত্যা কৰিলে। অভিনেত্ৰীগৰাকীয়ে নিজৰ ফ্লেটতে আত্মহত্যা কৰে।আৰক্ষীয়ে বিশেষ সন্দেহৰ ভিত্তিত আৰম্ভ কৰিছে তদন্ত। শুকুৰবাৰে আত্মহননৰ পথ বাচি লোৱা অভিনেত্ৰীগৰাকীয়ে আত্মহত্যাৰ আগত লিখি থৈ যোৱা ছুইচাইড নোট লাভ কৰাৰ পিছতে আৰক্ষীয়ে ৰুজু কৰিছে নিজাববীয়া গোচৰ।