Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:16 pm

Home » আঞ্চলিক » কি কি আছে বড়ো শান্তি চুক্তিত ?

কি কি আছে বড়ো শান্তি চুক্তিত ?

গুৱাহাটী : সোমবাৰে নতুন দিল্লীত স্বাক্ষৰিত হয় বড়ো শান্তি চুক্তি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে হোৱা বৈঠকত স্বাক্ষৰিত হয় এই চুক্তি। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত এনডিএফবৰ চাৰিওটা গোটে স্বাক্ষৰ কৰে এই শান্তি চুক্তিত। ৰঞ্জন দৈমাৰী, হাগ্ৰামা মহিলাৰী , বি চাওৰাইগ্ৰাৰ , প্ৰমোদ বড়ো আৰু গোবিন্দ বসুমতাৰীৰ লগতে ৰাজ্য চৰকাৰৰ হৈ এই চুক্তিত স্বাক্ষৰ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
শান্তি চুক্তি অনুসৰি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলক পৰিসৰ আৰু অধিকাৰ সম্প্ৰসাৰণ কৰি এতিয়াৰে পৰা জনা হ’ব বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন অৰ্থাৎ BTR ৰূপে। এই চুক্তি অনুসৰি ৩ বছৰত ১৫০০ কোটি টকাৰ বিশেষ পেকেজ দিয়া হ’ব বিটিআৰক। বড়োসকলৰ ভাষা-সংস্কৃতিৰ সুৰক্ষা দিয়াৰ লগতে জনজাতিৰ ভূমিৰ অধিকাৰ সংৰক্ষণ হ’ব। সংবিধানৰ ১২৫ সংশোধনীৰ জৰিয়তে বিটিচি বিধানপালিকাক বিত্ত কাৰ্যপালিকা আৰু প্ৰশাসনিক অধিকাৰ প্ৰদান কৰা হৈছে। বড়ো আন্দোলনৰ শ্বহীদসকললৈ ৫ লাখ টকাকৈ সাহাৰ্য প্ৰদান কৰিব।

বড়ো আন্দোলনৰ মুখ্য নেতা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ স্মৃতিত বড়োভূমিত গঢ়ি তোলা হ’ব সাংস্কৃতিক কেন্দ্ৰ। ইয়াৰোপৰি বৰমাত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ লগতে এখন ক্ৰীড়া বিশ্ববিদ্যালয়ো প্ৰতিষ্ঠা কৰা হ’ব। চিকিৎসাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি এখন কেন্দ্ৰীয় চিকিৎসালয়ো নিৰ্মাণ কৰা হ’ব বিটিআৰত। এনডিএফবিৰ চাৰিওটা গোটৰ স্বাক্ষৰৰ লগতে এই শান্তি চুক্তিত উত্তৰ-পূবৰ গৃহ সচিব আৰু ৰাজ্যৰ মুখ্য সচিব সঞ্জয় কৃষ্ণণেও স্বাক্ষৰ কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি