| |

সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰীৰ আত্মহত্যা

গুৱাহাটী : সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী, ষ্টাৰ প্লাছৰ জনপ্ৰিয় ধাৰাবাহিক ‘দিল তোহ হেপ্পী হ্যে জী’ত চিমি খোচলাৰ চৰিত্ৰত অভিনয় কৰা ছেজল শৰ্মাই আত্মহত্যা কৰিলে। অভিনেত্ৰীগৰাকীয়ে নিজৰ ফ্লেটতে আত্মহত্যা কৰে।আৰক্ষীয়ে বিশেষ সন্দেহৰ ভিত্তিত আৰম্ভ কৰিছে তদন্ত। শুকুৰবাৰে আত্মহননৰ পথ বাচি লোৱা অভিনেত্ৰীগৰাকীয়ে আত্মহত্যাৰ আগত লিখি থৈ যোৱা ছুইচাইড নোট লাভ কৰাৰ পিছতে আৰক্ষীয়ে ৰুজু কৰিছে নিজাববীয়া গোচৰ।

|

“বড়ো শান্তি চুক্তি সম্পন্ন হোৱাৰ ক্ষেত্ৰত হাগ্ৰামাৰ কোনো অৰিহণা নাই”

গুৱাহাটী : “হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বহু সময়ত কৈ আহিছে যে- বিটিএডিত সকলো শান্তি চুক্তিৰ কাম তেওঁৰ বাবেই সম্ভৱ হৈছে। লগতে উগ্ৰপন্থীসকলক তেওঁৰ নেতৃত্বতে পুনৰ ঘৰলৈ ঘূৰাই আনিছে। কিন্তু মই আজি ক’ব বিচাৰিছো যে যোৱা ২০১০ চনৰ পৰায়ে মই গৃহ মন্ত্ৰণালয়ৰ লগত, ভাৰত চৰকাৰৰ লগত বিভিন্ন সময়ত আলোচনা কৰি আহিছো। কিন্তু আজি যে এই সমস্যাৰ সমাধান হ’বলৈ গৈ আছে তাত হাগ্ৰামা মহিলাৰীৰ কোনো অৰিহণা নাই।”- সোমবাৰে শান্তি চুক্তিৰ প্ৰাক মুহূৰ্তত এই বিস্ফোৰক মন্তব্য এবছু সভাপতি প্ৰমোদ বড়োৰ। প্ৰমোদ বড়োৱে লগতে কয় যে হাগ্ৰামা মহিলাৰীয়ে মাজতে এই শান্তি চুক্তিৰ পক্ষত নাছিল। যাৰ বাবে তেওঁ বিভিন্ন সময়ত শান্তি চুক্তি নোহোৱাক লৈ উঠি পৰি লাগিছিল বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। এন ডি এফ বিৰ মাজতো

|

কি কি আছে বড়ো শান্তি চুক্তিত ?

গুৱাহাটী : সোমবাৰে নতুন দিল্লীত স্বাক্ষৰিত হয় বড়ো শান্তি চুক্তি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে হোৱা বৈঠকত স্বাক্ষৰিত হয় এই চুক্তি। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত এনডিএফবৰ চাৰিওটা গোটে স্বাক্ষৰ কৰে এই শান্তি চুক্তিত। ৰঞ্জন দৈমাৰী, হাগ্ৰামা মহিলাৰী , বি চাওৰাইগ্ৰাৰ , প্ৰমোদ বড়ো আৰু গোবিন্দ বসুমতাৰীৰ লগতে ৰাজ্য চৰকাৰৰ হৈ এই চুক্তিত স্বাক্ষৰ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। শান্তি চুক্তি অনুসৰি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলক পৰিসৰ আৰু অধিকাৰ সম্প্ৰসাৰণ কৰি এতিয়াৰে পৰা জনা হ’ব বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন অৰ্থাৎ BTR ৰূপে। এই চুক্তি অনুসৰি ৩ বছৰত ১৫০০ কোটি টকাৰ বিশেষ পেকেজ দিয়া হ’ব বিটিআৰক। বড়োসকলৰ ভাষা-সংস্কৃতিৰ সুৰক্ষা দিয়াৰ লগতে জনজাতিৰ ভূমিৰ অধিকাৰ সংৰক্ষণ হ’ব। সংবিধানৰ ১২৫ সংশোধনীৰ জৰিয়তে বিটিচি বিধানপালিকাক বিত্ত কাৰ্যপালিকা

|

পশ্চিমবংগ বিধানসভাত ‘কা’বিৰোধী প্ৰস্তাৱ

কলকাতা:  কেৰালা, পঞ্জাৱ, ৰাজস্থানৰ পাচত এইবাৰ পশ্চিমবংগ। সোমবাৰে পশ্চিমবংগ বিধানসভাত গ্ৰহণ কৰা হয় নাগৰিকত্ব সংশোধনী আইনবিৰোধী প্ৰস্তাৱ। সোমবাৰে দুপৰীয়া বিধানসভাত অনুষ্ঠিত আলোচনাৰ অন্তত গ্ৰহণ কৰা হয় এই প্ৰস্তাৱ। বিধানসভাত তৃণমূল কংগ্ৰেছৰ মহাসচিব পাৰ্থ চট্টোপাধ্যায়ে উত্থাপন কৰে এই বিশেষ প্ৰস্তাৱ। বিধানসভাৰ অধ্যক্ষই জনায় যে, সংশ্লিষ্ট আইনৰ বাবে দেশত বৰ্তমান অস্থিৰতাই বিৰাজ কৰিছে। বিধানসভাই ইয়াৰ পূৰ্বেও এনআৰচিক লৈ উত্থাপন কৰিছিল এক প্ৰস্তাৱ। ভাৰতীয় নাগৰিক সকলৰ সমস্যা তৈয়াৰ কৰাৰ অভিযোগ কা আৰু এনপিআৰ প্ৰত্যাহাৰৰ দাবী তুলিলে পশ্চিমবংগৰ ৰাজ্যচৰকাৰে।

এনডিফবিৰ মূল উদ্দেশ্য বড়োলেণ্ডৰ ক্ষেত্ৰ বিস্তাৰ কৰাঃ মহিলাৰী

গুৱাহাটী : বড়োলেণ্ডৰ শান্তি চুক্তি ক্ষেত্ৰত সন্দৰ্ভে বিপিএফৰ নেতা হাগ্ৰামা মহিলাৰীয়ে সংবাদিকৰ আগত মন্তব্য কৰি কয় যে নতুন জিলা, মহকুমা আমাৰ এই দাবী চুক্তিত আছে। কেন্দ্ৰীয় সকলো আঁচনি সমূহ আমি পোনপটীয়া ভাৱে লাভ কৰিম। আমি আমাৰ বড়োভূমিৰ পৰিসৰ বৃদ্ধিৰ কথা কৈছো কিন্তু এইটো দেখা যাব আমাৰ বড়োভূমিৰ পৰিসৰ বৃদ্ধি হ’ব নে নাই। এইবোৰ কথা মোৰ ওপৰত নিৰ্ভৰ নকৰে এনডিএফবিৰ নেতা সকলৰ ওপৰতহে এই ক্ষেত্ৰত নিৰ্ভৰ কৰিব।

বিজেপিক জয়ী কৰক, দিল্লীক আমি সম্পূৰ্ণৰূপে নিৰাপত্তা !

দিল্লী : দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত অংশ লৈ আম আদমী পাৰ্টী আৰু ছাজীন বাগৰ ‘কা’ বিৰোধী প্ৰতিবাদক তীব্ৰ সমালোচনা কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী অমিত শ্বাহে। অমিত শ্বাহে কয় যে, বিজেপিক ভোট দিয়ক নহ’লে দেশত ছাজীন বাগৰ দৰে ঘটনা ঘটি থাকিব। দেওবাৰে ৰাজধানী চহৰৰ বদৰপুৰত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে অমিত শ্বাহে। এই প্ৰচাৰ সভাত অমিত শ্বাহে কয় ৮ ফেব্ৰুৱাৰীৰ দিনী যদি আপোনালোকে বিজেপিক ভোটদান কৰে তেন্তে সেই ভোট হ’ব দেশৰ নিৰাপত্তাৰ পক্ষে।  দিল্লীক আমি সম্পূৰ্ণৰূপে নিৰাপত্তা দিয়াৰ লগতে পুনৰবাৰ দেশত ছাহীন বাগৰ দৰে ঘটনা সংঘটিত হ’বলৈ কেতিয়াও দিয়া নহ’ব বুলি উল্লেখ কৰে অমিত শ্বাহে। দেওবাৰৰ এই নিৰ্বাচনী সভাতে অমিত কাশ্মীৰৰ প্ৰসংগ উত্থাপন কৰি ৰাহুল গান্ধী, ছোনিয়া গান্ধী, মমতা বেনাৰ্জী আৰু

গণতন্ত্ৰ দিৱস উদযাপন আৰু ‘বাঁহ-বেত হস্ত শিল্পৰ বৰ্তমান আৰু ভৱিষ্যত’ সম্পৰ্কে আলোচনা চক্ৰৰ আয়োজন

হাউলী : দেশ-বিদেশত অসমৰ বাঁহ-বেতৰদ্বাৰা নিৰ্মিত বহু সমাদ্ৰিত সামগ্ৰী নিৰ্মাণ শিল্প কাৰিকৰ সমিতিৰ দহ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে হাউলীৰ হটাপাৰাত আৰম্ভ হোৱা অধিবেশন আৰু বাণিজ্য মেলাৰ লগত সংগতি ৰাখি কালি পুৱা ৯বজাত গণতন্ত্ৰ দিৱস উপলক্ষে জাতীয় পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে আদৰণি সমিতিৰ উপ-সভাপতি আনোৱাৰ হুছেইনে। আবেলি তিনি বজাত “বাঁহ-বেত হস্ত শিল্পৰ বৰ্তমান আৰু ভৱিষ্যত”শীৰ্ষক এখন আলোচনা চক্ৰ হাউলী বি.এইচ কলেজৰ সহ অধ্যাপক ৰবীনজ্যোতি খাটনীয়াৰৰ সঞ্চালনাত আধিবেশনস্থলীত অনুষ্ঠিত হয় | উক্ত আলোচনা চক্ৰত ,বৰপেটা জিলা উদ্যোগ বাণিজ্য কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কাৰ্যকৰী পৰিচালক হৰিশ বানুৱাৰী,বৰপেটা জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰধান পৰিচালক উত্তম শইকীয়া আৰু বৰপেটাৰোড বেংক অফ ইণ্ডিয়াৰ শাখা পৰিচালক পল্লৱ বৰকাকতীয়ে আলোচক হিচাপে উপস্থিত থাকি বাঁহ-বেত শিল্প আৰু শিল্পীৰ চৰকাৰী তথা

|

কেৰালাৰ প্ৰতিটো মছজিদত উৰিল ৰাষ্ট্ৰীয় পতাকা

কেৰালা :  ভাৰতবৰ্ষৰ ক্ষেত্ৰত এইটো প্ৰথমটি ঘটনা। গণৰাজ্য দিৱসৰ দিনা এখন বিশেষ ৰাজ্যৰ প্ৰতিটো মছজিদত উৰিল ৰাষ্ট্ৰীয় পতাকা। বৰ্তমানলৈকে ভাৰতবৰ্ষৰ কোনো ৰাজ্যৰ মছজিদত নেদেখা এই দৃশ্য দেওবাৰে দেখা গ’ল কেৰালাত। কেৰালাৰ ৱাকফ বৰ্ডৰ তৰফৰ পৰা প্ৰতিটো মছজিদলৈ প্ৰেৰণ কৰা হৈছিল পতাকা উত্তোলনৰ এই বিশেষ জাননী। এই নিৰ্দেশ অনুসৰি ৰাজ্যৰ প্ৰতিটো মছজিদে গণৰাজ্য দিৱসৰ দিনা ঐক্যৰ বাৰ্তা প্ৰেৰণ কৰি প্ৰতিটো মছজিদত উত্তোলন কৰিব লাগিব ত্ৰিৰংগা। ইয়াৰ লগতে পতাকা উত্তোলনৰ পাচতেই সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰিবলৈয়ো দিয়া হয় নিৰ্দেশ। এই নিৰ্দেশ অনুসৰিয়েই প্ৰতিটো মছজিদত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে পাঠ কৰা হয় সংবিধানৰ প্ৰস্তাৱনা। ‘কা’ৰ বিৰোধিতাৰে কেৰালা চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাচতেই দেশৰ সংবিধান ৰক্ষাৰ বাবে দেওবাৰে ৱাকফ বৰ্ডে জাৰি কৰা এই জাননীও যেন