Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 9:55 am

Home » আঞ্চলিক » ৰাজ্যজুৰি দুদিনীয়া আন্দোলন ঘোষণা

ৰাজ্যজুৰি দুদিনীয়া আন্দোলন ঘোষণা

গুৱাহাটী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰৰ সমৰ্থনত অবৈধ বাংলাদেশীৰ ৰক্ষণাবেক্ষণ দিয়া ঐতিহাসিক অসম চুক্তিক উলংঘা কৰা, খিলঞ্জীয়াবিৰোধী, সাম্প্ৰদায়িক, অসাংবিধানিক কা অসমৰ জনসাধাৰণৰ ওপৰত জাপি দিয়া কাৰ্যৰ প্ৰতিবাদত আৰু এই জাতিধ্বংসী ‘কা’ বাতিলৰ দাবীত ধাৰাবাহিকভাৱে ৰাজ্যজুৰি অব্যাহত থকা আন্দোলনক আগুৱাই নিবলৈ কালি সদৌ অসম ছাত্র সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনে পৰৱর্তী আন্দোলনৰ কার্যসূচী ঘোষণা কৰিছে৷ আন্দোলনৰ কার্যসূচী আগুৱাই নিবলৈ ছাত্র সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনে অসমৰ জনসাধাৰণৰ দিহা–পৰামর্শ আৰু অভিভাৱকত্ব বিচাৰিছে৷ পৰৱর্তী দিনত সমভাবাপন্নসকলৰ্ সৈতে সমন্বয় ৰক্ষা কৰি আন্দোলন আগুৱাই নিবলৈ পৰিকল্পনা কৰা হৈছে৷
সেই অনুসৰি সমগ্র অসমৰ প্রতিটো অঞ্চলে অঞ্চলে সভা, পদযাত্রা, বিক্ষোভ, প্রতিবাদী সভাৰ কার্যসূচী অব্যাহত থাকিব৷ অহা ২৭, ২৮ জানুৱাৰীত ৰাজ্যজুৰি প্রতিখন আঞ্চলিকৰ এলেকাত বিক্ষোভ প্রদর্শনেৰে প্রতিবাদ সাব্যস্ত কৰা হ’ব৷ ১ ফেব্রুৱাৰীত প্রতিখন আঞ্চলিকৰ এলেকাত মানৱ–শৃংখলেৰে বিক্ষোভ প্রদর্শন কৰি প্রতিবাদ সাব্যস্ত কৰা হ’ব৷ একে সময়তে ‘কা’ বাতিলৰ দাবীত অসমৰ ভিন্ন প্রান্তত ৰাইজৰ প্রতিবাদী সভা অব্যাহত থাকিব৷ ৩ ফেব্রুৱাৰীত উত্তৰ লখিমপুৰ, ৪ ফেব্রুৱাৰীত শিৱসাগৰত, তাৰ পাছতেই গোৱালপাৰা জিলা, নলবাৰী জিলা, বৰপেটা জিলাৰ পাঠশালাত ৰাইজৰ প্রতিবাদী সভা অনুষ্ঠিত হ’ব৷ সমন্বয় ৰক্ষা কৰি অসমৰ বিভিন্ন অঞ্চলত ৰাইজৰ প্রতিবাদী এই সভাসমূহ অনুষ্ঠিত হ’ব৷ লগতে জনপ্রতিনিধিৰ ওপৰত হেঁচা প্রদানৰ কার্যসূচী অব্যাহত থাকিব বুলি সদৰী কৰি এক বিবৃতিত ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কেন্দ্রীয় আৰু অসম চৰকাৰক সকীয়াই দি কয় যে ‘কা’ বাতিলৰ দাবীত নিৰৱচ্ছিন্ন, অহিংস আন্দোলন অব্যাহত থাকিব৷ অসম আন্দোলনৰ লগত জড়িত সকলো জাতীয় সংগঠনৰ সৈতে একেলগে আৰু ‘কা’বিৰোধী যিসমূহ সংগঠনৰ সৈতে চিন্তা আৰু আন্দোলনৰ পন্থা সমভাবাপন্ন হয়, সকলোৰে সৈতে সমন্বয় ৰক্ষা কৰি আন্দোলন আগুৱাই নিবলৈ পৰিকল্পনা কৰা হৈছে৷
ইফালে ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই কয় যে কেন্দ্রীয় আৰু অসম চৰকাৰৰ অন্যায়ৰ বিৰুদ্ধে শৃংখলাবদ্ধ, অহিংস ৰাইজৰ আন্দোলন অব্যাহত থাকিব৷ আনহাতে, গণৰাজ্য দিৱসৰ দিনটোত সদৌ অসম ছাত্র সন্থা আৰু উত্তৰ–পূর্বাঞ্চল ছাত্র সংগঠনে কেন্দ্রীয় চৰকাৰৰ সংবিধানৰ প্রস্তাৱনাৰ পৱিত্রতা অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনাইছে৷
এই সন্দর্ভত আছুৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, মুখ্য উপদেষ্টা তথা নেছ’ৰ উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য আৰু নেছ’ৰ অধ্যক্ষ ছেমুৱেল জেৰৱা, সম্পাদক প্রধান চিনাম প্রকাশে এটা বিবৃতিত কয়– ‘কাই সংবিধানৰ এই প্রস্তাৱনাক উলংঘা কৰিছে৷ সংবিধানৰ পৱিত্রতাক অপৱিত্র কৰিছে৷ দেশৰ সংবিধানৰ ধর্মনিৰপেক্ষ কাঠামোটোত আঘাত হানিছে৷ সংবিধানৰ প্রস্তাৱনা উলংঘন কৰা বাবে গোটেই পৃথিৱীতে নৰেন্দ্র মোদীৰ চৰকাৰ সমালোচিত হৈছে৷ প্রধানমন্ত্রীৰ দায়িত্ব লওঁতে প্রধানমন্ত্রীয়ে সংসদত সেৱা কৰি সংসদত প্রৱেশ কৰিছিল৷ এতিয়া ‘কা’ জাপি দি সংসদে গ্রহণ কৰা সংবিধানৰ প্রস্তাৱনাক উলংঘন কৰিছে৷ গণৰাজ্য দিৱসত আছু, নেছ’ৱে সংবিধানৰ প্রস্তাৱনা সোঁৱৰাই দি সংবিধানৰ প্রস্তাৱনা উলংঘন কৰা ‘কা’ বাতিল কৰিবলৈ দাবী জনাইছে৷’

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি