Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 6:27 pm

Home » দেশ-বিদেশ » মুছলমান যাত্ৰী : ডেল্টা এয়াৰলাইনছ্ক জৰিমনা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ

মুছলমান যাত্ৰী : ডেল্টা এয়াৰলাইনছ্ক জৰিমনা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ

আমষ্টাৰদাম : তিনিগৰাকী মুছলমান যাত্ৰীক বিমানৰ পৰা নমাই দিয়াৰ পাচতেই এতিয়া ডেল্টা এয়াৰলাইনছ্ক জৰিমনাৰ নিৰ্দেশ দিলে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰিবহণ বিভাগে। একেটা বছৰতে দুটা এনে ধৰণৰ কাণ্ড সংঘটিত কৰিছে ডেল্টা এয়াৰলাইনছে। ঘটনাটি আছিল ২০১৬ চনৰ পেৰিছৰ। এগৰাকী বিমান যাত্ৰীয়ে ফ্লাইট এটেনডেণ্টক কয় যে, অন্য দুজন যাত্ৰক দেখি তেওঁৰ মনত শংকা হৈছে। কাৰণ এই দুজনৰ এগৰাকী মহিলাই কাপোৰেৰে ঢাকি ৰাখিছে মুখমণ্ডল। আৰু মহিলা যাত্ৰীগৰাকীয়ে নিজৰ মোবাইলত একাধিক বাৰ টাইপ কৰিছে আল্লাহ। 
এই ঘটনাটি জানিব পাৰি বিমানৰ পাইলট ছিকিউৰিটি অফিচাৰ আহি দুয়োজন যাত্ৰীকে বিমানৰ পৰা নমাই দিয়াৰ লগতে পুনৰবাৰ বিমানত উঠিবলৈও দিয়া নহয়। ঘটনাৰ পাচতেই দুয়োগৰাকী যাত্ৰীয়ে মাৰ্কিন পৰিবহণ বিভাগক অভিযোগ দাখিল কৰে।এই ঘটনাৰ পাঁচোটা দিন পাচত পুনৰ একেই ঘটনা সংঘটিত হয় আমষ্টাৰদামত। এজন মুছলমান যাত্ৰীৰ চাল-চলন দেখি ফ্লাইট এটেনডেণ্টৰ লগতে আপত্তি প্ৰকাশ কৰা অন্য যাত্ৰীয়ে। তাৰ পিচতেই এইগৰাকী যাত্ৰীকো নিজৰ মালবস্তুৰ সৈতে নমাই দিয়া হয় বিমানৰ পৰা। এই ঘটনাৰ পাচত যাত্ৰীগৰাকীয়ে অন্য এখন বিমানত পুনৰ উভতি আহিব লগা হয় নিউয়ৰ্কলৈ।
এই দুয়োটা বৈষম্যমূলক ঘটনাৰ পাচতেই মাৰ্কিন পৰিবহণ বিভাগে ডেল্টা এয়াৰলাইনছৰ ভাৰতীয় মূল্য অনুসৰি ৩৫,৬৬,৫০০ টকাৰ জৰিমনা বিহিছে। মাৰ্কিন পৰিবহণ বিভাগৰ মতে দুয়োটা ঘটনাতেই বৈষম্যমূলক আচৰণ কৰা হৈছে ডেল্টা এয়াৰলাইনছত।অৱশ্যে চৰকাৰী বিভাগৰ এই বৈষম্যৰ অভিযোগৰ পাচতো নিজৰ ভুল স্বীকাৰ কৰা নাই ডেল্টা এয়াৰলাইনছে। বিমান সংস্থাৰ পৰা জানিবলৈ দিয়া হৈছে যে, দুয়োটা ঘটনাই তেওঁলোকৰ ধৰ্মৰ বাবে সংঘটিত হোৱা নাই বৰঞ্চ তেওঁলোকৰ সন্দেহজনক আচৰণৰ বাবে বিমানৰ পৰা নমাই দিয়া হৈছে তিনিওজন যাত্ৰীক।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি