ভাৰতে এছিয়া কাপ প্রত্যাহাৰ কৰিলে পাকিস্তানে নেখেলে বিশ্বকাপ

ইছলামাবাদ : পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপ টি–২০ৰ পৰা ভাৰতে নাম প্রত্যাহাৰ কৰিলে পাকিস্তানে ২০২১ৰ টি–২০ বিশ্বকাপত অংশ নোলোৱাৰ ভাবুকি দিছে৷ পাকিস্তান ক্রিকেট ব’ডৰ মুখ্য কার্যবাহী বিষয়া ৱাছিম খানে কালি প্রকাশ কৰে যে ভাৰতে পাকিস্তান আহিব নিবিচৰাৰ বাবে তেওঁলোকে টি–২০ এছিয়া কাপ আয়োজনৰ স্বত্ব ত্যাগ নকৰে৷ পাকিস্তানে পূর্বনির্ধাৰিত সূচী অনুসৰি এছিয়া কাপ টি–২০ আয়োজন কৰিব আৰু ভাৰতে প্রতিযোগিতাখন প্রত্যাহাৰ কৰিলে পাকিস্তানে ২০২১ত ভাৰতত অনুষ্ঠিত হ’বলগীয়া টি–২০ বিশ্বকাপৰ পৰা আঁতৰি থাকিব৷ উল্লেখ্য যে বাংলাদেশ ক্রিকেট ব’র্ডে শেহতীয়াকৈ পাকিস্তানত টি–২০ শৃংখলা আৰু দুখন টেষ্ট খেলিবলৈ দল প্রেৰণ কৰিবলৈ সন্মত হোৱাৰ বিনিময়ত পাকিস্তান ক্রিকেট ব’র্ডে বাংলাদেশক এছিয়া কাপ টি–২০ আয়োজনৰ স্বত্ব দিব বুলি বাতৰি প্রকাশ পাইছিল৷ কিন্তু পি চি বিয়ে কালি এছিয়া কাপ

|

অত্যাধুনিক ৰাফেল-তেজাছ, বিধ্বংসী ক্ষেপনাস্ত্ৰ, টেংকাৰৰ প্ৰদৰ্শনেৰে মুখৰিত দিল্লীৰ ৰাজপথ

গুৱাহাটী :  সমগ্ৰ দেশে আজি  পালন কৰিছে ৭১ সংখ্যক গণৰাজ্য দিৱস। এই উপলক্ষে ৰাজধানী দিল্লীৰ ৰাজপথত পুৱা ৯ বজাৰ পৰা আৰম্ভ হয় পেৰেড।আজিৰ এই পেৰেডত প্ৰথমবাৰৰ বাবে আপাচি হেলিকপ্টাৰ প্ৰদৰ্শন কৰা হয়। ইপিনে ভাৰতীয় বায়ুসেনাই আজি প্ৰদৰ্শন কৰে ভাৰতীয় বায়ুসেনাক ন কৈ সংযোজন হোৱা ৰীফেল যুদ্ধবিমান, যুদ্ধবিমান তেজাছ, লগতে বায়ুসেনাৰ আন ৪১ খন বিমান আৰু ৪ খন হেলিকপ্টাৰ। ইয়াৰোপৰি অত্যাধুনিক ৫ খনকৈ জাগুৱেৰ যুদ্ধ বিমানে ঘণ্টাত ৭৮০ কিলোমিটাৰ গতিত উৰে। এই জাগুৱেৰ কেইখনৰ নেতৃত্ব দিয়ে গ্ৰুপ কেপ্টেইন পাৰিজাত সৌৰভে।ইফালে ভাৰতীয় বায়ুসেনাৰ ছুখয়-৩০ এম কে আই যুদ্ধ বিমানৰ দ্বাৰা ‘ত্রিশুল’ আকৃতিৰ যুদ্ধভ্যাস প্ৰদৰ্শন কৰা হয়।এই দলটোৰ নেতৃত্ব দিয়ে গ্ৰুপ কেপ্টেইন নিছিত ওহৰিয়ে। লগতে এই ঘণ্টাত ছুখয়-৩০ এম কে আই যুদ্ধ বিমানখনে

|

ৰাজ্যজুৰি দুদিনীয়া আন্দোলন ঘোষণা

গুৱাহাটী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰৰ সমৰ্থনত অবৈধ বাংলাদেশীৰ ৰক্ষণাবেক্ষণ দিয়া ঐতিহাসিক অসম চুক্তিক উলংঘা কৰা, খিলঞ্জীয়াবিৰোধী, সাম্প্ৰদায়িক, অসাংবিধানিক কা অসমৰ জনসাধাৰণৰ ওপৰত জাপি দিয়া কাৰ্যৰ প্ৰতিবাদত আৰু এই জাতিধ্বংসী ‘কা’ বাতিলৰ দাবীত ধাৰাবাহিকভাৱে ৰাজ্যজুৰি অব্যাহত থকা আন্দোলনক আগুৱাই নিবলৈ কালি সদৌ অসম ছাত্র সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনে পৰৱর্তী আন্দোলনৰ কার্যসূচী ঘোষণা কৰিছে৷ আন্দোলনৰ কার্যসূচী আগুৱাই নিবলৈ ছাত্র সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনে অসমৰ জনসাধাৰণৰ দিহা–পৰামর্শ আৰু অভিভাৱকত্ব বিচাৰিছে৷ পৰৱর্তী দিনত সমভাবাপন্নসকলৰ্ সৈতে সমন্বয় ৰক্ষা কৰি আন্দোলন আগুৱাই নিবলৈ পৰিকল্পনা কৰা হৈছে৷ সেই অনুসৰি সমগ্র অসমৰ প্রতিটো অঞ্চলে অঞ্চলে সভা, পদযাত্রা, বিক্ষোভ, প্রতিবাদী সভাৰ কার্যসূচী অব্যাহত থাকিব৷ অহা ২৭, ২৮ জানুৱাৰীত ৰাজ্যজুৰি প্রতিখন আঞ্চলিকৰ

মুছলমান যাত্ৰী : ডেল্টা এয়াৰলাইনছ্ক জৰিমনা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ

আমষ্টাৰদাম : তিনিগৰাকী মুছলমান যাত্ৰীক বিমানৰ পৰা নমাই দিয়াৰ পাচতেই এতিয়া ডেল্টা এয়াৰলাইনছ্ক জৰিমনাৰ নিৰ্দেশ দিলে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰিবহণ বিভাগে। একেটা বছৰতে দুটা এনে ধৰণৰ কাণ্ড সংঘটিত কৰিছে ডেল্টা এয়াৰলাইনছে। ঘটনাটি আছিল ২০১৬ চনৰ পেৰিছৰ। এগৰাকী বিমান যাত্ৰীয়ে ফ্লাইট এটেনডেণ্টক কয় যে, অন্য দুজন যাত্ৰক দেখি তেওঁৰ মনত শংকা হৈছে। কাৰণ এই দুজনৰ এগৰাকী মহিলাই কাপোৰেৰে ঢাকি ৰাখিছে মুখমণ্ডল। আৰু মহিলা যাত্ৰীগৰাকীয়ে নিজৰ মোবাইলত একাধিক বাৰ টাইপ কৰিছে আল্লাহ।  এই ঘটনাটি জানিব পাৰি বিমানৰ পাইলট ছিকিউৰিটি অফিচাৰ আহি দুয়োজন যাত্ৰীকে বিমানৰ পৰা নমাই দিয়াৰ লগতে পুনৰবাৰ বিমানত উঠিবলৈও দিয়া নহয়। ঘটনাৰ পাচতেই দুয়োগৰাকী যাত্ৰীয়ে মাৰ্কিন পৰিবহণ বিভাগক অভিযোগ দাখিল কৰে।এই ঘটনাৰ পাঁচোটা দিন পাচত পুনৰ একেই ঘটনা সংঘটিত হয় আমষ্টাৰদামত।

গণৰাজ্য দিৱস : নেপালক উপহাৰ ৩০ এম্বুলেন্স আৰু ৬ খন বাছ

গুৱাহাটী :  সমগ্ৰ দেশতে আজি পালন কৰা হৈছে ৭১ সংখ্যক গণৰাজ্য দিৱস। এই বিশেষ দিনটোত ভাৰতে নেপাললৈ আগবঢ়াইছে এক গুৰুত্বপূৰ্ণ উপহাৰ। দেওবাৰে ভাৰতে দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে নেপালৰ বিভিন্ন হাস্পতাল, স্বেচ্ছাসেৱী সংস্থা আৰু শিক্ষাপ্রতিষ্ঠানক ৩০ খন এম্বুলেন্স আৰু ছখন বাছ উপহাৰ দিয়ে।  আজি নেপালত কাঠমাণ্ডুস্থিত ভাৰতীয় দূতাবাসত ভাৰতৰ গণৰাজ্য দিৱস পালন কৰা হয়। এই অনুষ্ঠানতে চার্জ ডি এফায়াৰ অজয় ​​কুমাৰে ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰৰণ কৰা এই বাৰ্তাটো পাঠ কৰে। উল্লেখ্য যে চুবুৰীয়া দেশখনৰ সৈতে আর্থ-সামাজিক উন্নয়নৰ যাত্রাত সহযোগ কৰি ভাৰতে এই এম্বুলেন্স আৰু বাছকেইখন আজি উপহাৰ দিছে বুলি বাৰ্তাটোত প্ৰকাশ পাইছে। ইপিনে গণৰাজ্য দিৱসৰ এই অনুষ্ঠানত নেপাল সেনাৰ বেণ্ডে এক সুন্দৰ অনুষ্ঠান পৰিবেশন

বৰপেটাত ভোটাৰ তালিকাৰ বিসংগতি শীঘ্ৰে আতৰোৰ নিৰ্দেশ উপায়ুক্তৰ

বৰপেটা : দেশৰ অন্যান্য অংশৰ লগতে বৰপেটা জিলাতো আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। এই উপলক্ষে জিলা পৰিষদৰ সভাকক্ষত অনুষ্ঠিত হোৱা এখন সজাগতা সভা উদ্ধোধন কৰি দিয়া ভাষণত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই ভোটদানৰ উচ্চ হাৰ আৰু মানদণ্ড্ই গণতন্ত্ৰৰ সফলতা নিশ্চিত কৰে বুলি মন্তব্য কৰে। তেওঁ কয় যে অসমৰ ৰাইজ ভোটদানৰ প্ৰতি যথেষ্ট আগ্ৰহী হৈ উঠিছে। সেয়া অতি ভাল লক্ষণ। কিন্তু কেবল ভোট দিলেই নহ’ব, যিকোনো প্ৰভাৱৰ পৰা মুক্ত হৈ দেশ আৰু দহৰ স্বাৰ্থত বিবেক ভোট প্ৰদান কৰাটোহে গুৰুত্বপূৰ্ণ কথা। ভোটাৰ সকল সজাগ হ’লেই নিৰ্বাচনী আসোৱাহবোৰ আতৰি যাব বুলিও উপায়ুক্তগৰাকীয়ে মত প্ৰকাশ কৰে।  সভাত নিৰ্বাচন বিষয়াৰ দায়িত্বত থকা মিৰ্ণাভা আব্ৰাম দেবী আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাও উপস্থিত