Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:01 am

Home » আঞ্চলিক » ভাষাবিদ, সাহিত্যাচার্য, শিক্ষাবিদ ড০ গোলোক চন্দ্র গোস্বামী আৰু নাই

ভাষাবিদ, সাহিত্যাচার্য, শিক্ষাবিদ ড০ গোলোক চন্দ্র গোস্বামী আৰু নাই

গুৱাহাটী :  ভাষাবিদ, সাহিত্যাচার্য, শিক্ষাবিদ ড০ গোলোক চন্দ্র গোস্বামী আৰু নাই৷ অসমীয়া ভাষা আৰু সাহিত্যৰ চিৰন্তন প্রৱাহিত সুঁতি বোৱাই নিয়াত অধ্যয়নশীলতাৰে আজীৱন অপৰিসীম সেৱা আগবঢ়োৱা গোলোক চন্দ্র গোস্বামীদেৱে আজি পুৱা এখন ব্যক্তিগত চিকিৎসালয়ত ৯৭ বছৰ বয়সত শেষনিশ্বাস ত্যাগ কৰে৷ আবেলি নৱগ্রহ শ্মশানত ৰাজ্যিক মর্যাদাৰে ভাষাবিজ্ঞানীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ বার্ধক্যজনিত কাৰণত ইহলীলা সম্বৰণ কৰা গোলোক চন্দ্র গোস্বামীৰ শূন্যতা অসমীয়া ভাষা-সাহিত্যৰ জগতখনত সদায় অপূৰণীয় ক্ষতি হৈ ৰ’ব৷
উল্লেখযোগ্য যে অবিভক্ত নগাঁও জিলাৰ (বর্তমান মৰিগাঁও জিলাৰ) অন্তর্গত মায়াং মৌজাৰ দৈপৰা সত্রত ১৯২৩ চনত গোলোক চন্দ্র গোস্বামীৰ জন্ম হৈছিল৷ পিতৃ পৰমানন্দ দেৱ গোস্বামী আৰু মাতৃ দময়ন্তী দেৱী৷ জাগী হাইস্কুলত দশম শ্রেণীত পঢ়ি থাকোঁতে ১৯৪২ চনত স্বাধীনতা আন্দোলনত গোলোক চন্দ্র গোস্বামী জঁপিয়াই পৰিছিল৷ পশ্চিম নগাঁও চার্কুলৰ শান্তিসেনাৰ সহঃ অধিনায়ক হিচাপে যোগ দিয়াত এটা শিক্ষা বর্ষৰ পৰা গোস্বামী বঞ্চিত হৈছিল৷ ১৯৪৪ চনত ৰহা হাইস্কুলৰ পৰা প্রৱেশিকা পৰীক্ষাত ষ্টাৰ নম্বৰসহ প্রথম বিভাগত উত্তীর্ণ হয়৷
১৯৪৮ চনত কটন কলেজৰ পৰা কলা শাখাত স্নাতক ডিগ্রী অর্জনৰ পাছত এটা বছৰ গুৱাহাটীৰ কামৰূপ একাডেমিত শিক্ষকতা কৰিছিল৷ ১৯৫৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া ভাষা বিষয়ত কৃতিত্বৰে স্নাতকোত্তৰ ডিগ্রী অর্জন কৰা গোস্বামীয়ে ইয়াৰ পূর্বে দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ পৰা বেছিক এডুকেশ্যনৰ স্নাতকোত্তৰ প্রশিক্ষণ লাভ কৰিছিল৷ গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত অৱস্থাত গোস্বামীয়ে ‘নতুন অসমীয়া’ কাকতত জ্যেষ্ঠ উপ-সম্পাদক হিচাপেও কার্যনির্বাহ কৰিছিল৷
১৯৫৪ চনত গোলোক চন্দ্র গোস্বামী গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া ভাষা বিষয়ত প্রবক্তা হিচাপে যোগদান কৰে৷ বিশ্ববিদ্যালয়ত প্রথম অৱস্থাত গোস্বামী শিক্ষা বিষয়ৰ প্রতিহে আকর্ষিত আছিল যদিও অধ্যাপক বাণীকান্ত কাকতি আৰু বিৰিঞ্চি কুমাৰ বৰুৱাই গোস্বামীক অসমীয়া (ভাষা-বিজ্ঞান) বিষয়টো ল’বলৈ বাধ্য কৰোৱাত এই বিষয়ৰ ছাত্র হৈ পৰে৷ এই কাৰণতে তেওঁৰ জীৱনযাত্রা সলনি হৈ পৰে৷ ১৯৫৫ চনৰ পৰা ১৯৫৬ চনৰ শেষভাগলৈ তেওঁ পুনেৰ ডেক্কান কলেজত ভাষা-বিজ্ঞানৰ গৱেষক ছাত্র হিচাপে প্রশিক্ষণ লয়৷
১৯৫৬ চনতেই গোলোক চন্দ্র গোস্বামীয়ে কেলিফর্নিয়া বিশ্ববিদ্যালয়ৰ বার্কলি টোলত ভাষা-বিজ্ঞান বিভাগত যোগদান কৰে৷ ১৯৬৭ চনত ড০ গোলোক চন্দ্র গোস্বামী গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ৰীডাৰ আৰু ১৯৭৮ চনত বিভাগটোৰ মুৰববী হিচাপে কার্যভাৰ গ্রহণ কৰে৷ ১৯৮১ চনত এই বিভাগৰ জ্যেষ্ঠ প্রাধ্যাপক আৰু মুৰববী হৈ ১৯৮৫ চনত অৱসৰ গ্রহণ কৰে৷ ড০ বাণীকান্ত কাকতিৰ আদর্শেৰে অনুপ্রাণিত গোস্বামীয়ে হাইস্কুলত পঢ়ি থাকোঁতেই ‘পাৰিজাত’ নামৰ হাতেলিখা আলোচনীত সাহিত্য চর্ কৰিছিল৷ গোলোক চন্দ্র গোস্বামীয়ে ভাষা-সম্পর্কীয় কেইবাখনো অমূল্য গ্রন্থ প্রণয়ন কৰি অসমীয়া ভাষা-সাহিত্যলৈ উল্লেখনীয় অৱদান আগবঢ়াইছে৷
গোস্বামীদেৱৰ ভাষাতত্ত্বৰ প্রকাশিত গ্রন্থসমূহ হ’ল– ধবনিবিজ্ঞানৰ ভূমিকা (১৯৬৬), অসমীয়া বর্ণ-প্রকাশ (১৯৬৯), অসমীয়া গোলক ব্যাকৰণ (১৯৭২), অসমীয়া আখৰ জোঁটনি (১৯৭২), অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ (১৯৮৭), ভাষা-ভাষনিকা (১৯৯২)৷ সম্পাদনা গ্রন্থসমূহ হ’ল সুধর্মাৰ উপাখ্যান (পদ্মাৱতী দেৱী ফুকননী), ধর্মনাথ বৰঠাকুৰ ঃ শতবর্ষৰ স্মৃতি-অর্ঘয, ভাৰতৰ মুক্তিযুদ্ধত পাণবাৰীত ৰে’ল গাড়ী বগৰোৱাৰ ইতিবৃত্ত (মহানন্দ দেৱ গোস্বামী), আছামিজ ইটছ ফ’র্মেশ্যন এণ্ড ডেভেলপমেণ্ট (ড০ বাণীকান্ত কাকতি)৷
এন আছামিজ গ্রামাৰ আদি৷ তিনিখন অভিধান ক্রমে হিন্দী-অসমীয়া-ইংৰাজী ত্রিভাষী অভিধান (১৯৮৫), হিন্দী-অসমীয়া লঘুকোষ (১৯৮৫) আৰু ভাৰতীয় ভাষাকোষ (১৯৮৫) প্রণয়ন কৰিও গোস্বামীয়ে অনবদ্য অৰিহণা আগবঢ়াইছে৷ ড০ গোলোক চন্দ্র গোস্বামীৰ আন কেইখনমান উল্লেখযোগ্য গ্রন্থ হ’ল– মায়া প্রসংগ, ঠাকুৰ হৰিদাস চৰিত, আনন্দ সাগৰ শ্রীকৃষ্ণ পৰমার্থ কথা৷ অনুবাদ গ্রন্থ ক্রমে– ঈশ্বৰৰ বাণী, ব্যাকৰণ-মহাভাষ্য, পস্পশক্তিক (মহর্ষি পতঞ্জলী)৷ অসমীয়া ভাষাৰ বাবে অহৰহ কাম কৰি যোৱা ড০ গোস্বামীক বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে সন্মান, সম্বর্ধনা আৰু উপাধি প্রদান কৰিছে৷
অসম ভাষা-বিজ্ঞান সমিতিয়ে ‘ভাষাচার্য’ আৰু অসম সাহিত্য সভাই গোস্বামীক ‘সাহিত্যাচার্য’ সন্মানেৰে বিভূষিত কৰিছে৷ ২০০১ চনত আনন্দৰাম বৰুৱা ভাষা কলা-সংস্কৃতি সংস্থাই আনন্দৰাম বৰুৱা বঁটাৰে সন্মানিত কৰে৷ সাত ভনী মিত্র মঞ্চই ‘ভাষাগুৰু’ উপাধি প্রদান কৰে ২০০৮ চনত৷ গুৱাহাটী বিশ্ববিদ্যালয়ে ২০১০ চনৰ ২৩সংখ্যক সমাৱর্তনত ‘প্রফেছৰ এমেৰিটাছ’ বঁটাৰে সন্মানিত কৰে গোস্বামীদেৱক৷ ড০ গোস্বামীৰ মহাপ্রয়াণৰ বাতৰি পাই অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী, মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামীকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে ঘৰলৈ গৈ শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি