Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 5:33 pm

Home » আঞ্চলিক » পুনৰ ন্যায়িক জিম্মালৈ অখিল গগৈক

পুনৰ ন্যায়িক জিম্মালৈ অখিল গগৈক

গুৱাহাটী : ১৪ দিনৰ ন্যায়িক জিম্মাৰ অন্তত অখিল গগৈক আজি ‘নিয়া’ৰ বিশেষ আদালতত হাজিৰ কৰোৱা হৈছিল৷ নিয়াই আদালতত হাজিৰ কৰাবলৈ আনোতে আদালত চৌহদত উপস্থিত হৈ অখিল গগৈয়ে কা-বিৰোধী আন্দোলন জোৰদাৰ কৰিবলৈ আহবান জনায়৷ অখিল গগৈৰ ভাষ্য– ‘প্রতীকী আন্দোলন নহয়, চৰকাৰক বাধ্য কৰাব পৰা আন্দোলন লাগে৷’
উল্লেখযোগ্য যে আদালত চৌহদত উপস্থিত হৈ অখিল গগৈয়ে কাৰাগাৰতে লিখি অনা এখন পত্র বিতৰণ কৰে৷ আন্দোলনত নামি পৰা অসমৰ জাতীয় সংগঠনসমূহৰ নেতৃত্বক উদ্দেশ্যি লিখি অনা ৭ পৃষ্ঠাৰ এখন দীঘলীয়া পত্র বিতৰণ কৰে৷ আন্দোলনকাৰী সংগঠনসমূহক উদ্দেশ্যি পত্রখনত অখিল গগৈয়ে কয়– ‘বর্তমানৰ আন্দোলনটো সাংঘাতিক ধৰণে দীঘলীয়া, লেহেম আৰু লক্ষ্যহীন হৈছে৷ সাংঘাতিক ধৰণে আন্দোলনটো প্রতীকধর্মিতাই গ্রাস কৰিছে৷ গণ সমাৱেশ, সাংস্কৃতিক প্রতিবাদ, গণ গর্জন, ক’লা পতাকা প্রদর্শন আদিৰ দৰে আন্দোলনৰ প্রতি সম্পূর্ণ শ্রদ্ধা প্রদর্শন কৰিও আমি ক’ব খোজোঁ যে বর্তমান সময়খিনিত এইসমূহ কার্যসূচীয়ে চৰকাৰক এটা নীতিগত সিদ্ধান্ত বদলি কৰিবলৈ বাধ্য নকৰে৷
‘কেব’ৰ বিৰুদ্ধে এইবোৰ আন্দোলন নিশ্চয় ফলপ্রসূ আছিল৷ কিন্তু কা-ৰ বিৰুদ্ধে আন্দোলনৰ ৰূপ সলনি কৰাৰ প্রয়োজন৷ এখল বলৱৎ হোৱা আইন বাতিল কৰোৱাৰ বাবে হোৱা আন্দোলন অভূতপূর্ব ধৰণে জোৰদাৰ আৰু প্রবল হোৱাৰ প্রয়োজন বুলি আমি ভাবোঁ৷’ আন্দোলনৰ ৰূপৰেখা কেনে হোৱা উচিত সেই সন্দর্ভত ব্যাখ্যা আগবঢ়াই গগৈয়ে কয়– ‘আন্দোলনৰ ৰূপৰেখা ১০, ১১, ১২ ডিচেম্বৰত অসমৰ ৰাইজে অংকন কৰি দিছিল৷ সেই তিনি দিনৰ আন্দোলনৰ পৰা হিংসাত্মক কার্যকলাপ বিয়োগ কৰি দিলে সঠিক আন্দোলনৰ ৰূপৰেখা এটা ওলাই পৰে৷
বর্তমান আন্দোলনৰ সূচীৰ নেতৃত্ব প্রতিষ্ঠিত সংগঠনসমূহৰ হাতলৈ গুচি যোৱাত আন্দোলনটো শৃংখলিত হ’ল, কিন্তু পূর্বৰ চোক কমিল আৰু চৰকাৰৰো আন্দোলনটোৰ প্রতি ভয় নোহোৱা হ’ল৷ বৰং চৰকাৰে এই আন্দোলনটোৰ প্রতি পূর্ণ আস্থাহে পোষণ কৰিলে৷’ গগৈয়ে আৰু কয়– ‘চৰকাৰক কৃত্রিমভাৱে ভয় খুৱাবলৈ আন্দোলনকাৰী নেতৃবর্গই বিকল্প ৰাজনৈতিক দল গঠনৰ শ্ল’গান সঘনে আওৰাব লগা হ’ল আৰু ৰাইজক আশ্বস্ত কৰিবলৈ উচচতম ন্যায়ালয়ৰ ওচৰত মাত্রাধিক গুৰুত্ব দিব লগা হ’ল৷
আমি ভাবোঁ বিকল্প ৰাজনৈতিক দল গঠনৰ কথাটো সময়তকৈ আগেয়ে ঘোষণা কৰা হ’ল৷ এনে ঘোষণাই প্রকৃত সংগ্রামী অংশটোক সন্দিহান কৰি তোলে৷ ৰাইজৰ মাজত বু বু-বা বাৰ সৃষ্টি কৰে আৰু আন্দোলনকাৰী নেতৃবর্গৰ বিশ্বাসযোগ্যতাৰ বিৰুদ্ধে শাসকবর্গই অপপ্রচাৰ অনাৰ সুযোগ লাভ কৰে৷ ফলত আন্দোলনটোৰ মর্মস্থলীত আঘাত হয়৷’ বিশ্বাসঘাতকতাৰ বলি নহ’বলৈ এই জাতীয় সংগ্রামখনক প্রকৃত অর্থত এক সন্মিলিত সংগ্রামত পৰিণত কৰিব লাগিব বুলি মন্তব্য কৰি গগৈয়ে আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ আৰু অসমৰ শিল্পী সমাজ যেনেদৰে একত্রিত হৈছে তেনেকৈ কৃষক মুক্তি সংগ্রাম সমিতি, নাগৰিকত্ব আইন সংশোধন-বিৰোধী মঞ্চ, অসম নাগৰিক সমাজ, মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্র সমাজ, জনগোষ্ঠীয়-জনজাতীয় সংগঠন, সংগ্রামী লেখক-বুদ্ধিজীৱী সকলোকে ঐক্যবদ্ধ কৰাৰ আহবান জনায়৷
এনে ঐক্যবদ্ধ প্রচেষ্টা অবিহনে লক্ষ্যপ্রাপ্তি অসম্ভৱ বুলি গগৈয়ে পত্রখনত উল্লেখ কৰে৷ গগৈয়ে এইবুলিও কয় যে অসমৰ এই সন্ধিক্ষণত চৰকাৰৰ সুপৰিকল্পিত ষড়যন্ত্রৰ বলি হৈ ভুৱা গোচৰত বন্দী হৈ থাকিব লগা হৈছে৷ উল্লেখযোগ্য যে ১২ ডিচেম্বৰত অখিল গগৈক গ্রেপ্তাৰ কৰা হৈছিল৷ তাৰ পৰৱতী সময়ত ১০ দিন নিয়াৰ জিম্মাত আছিল৷ নিয়াৰ জিম্মাৰ অন্তত ১৪ দিন ন্যায়িক জিম্মাত দি কাৰাগাৰলৈ প্রেৰণ কৰা হৈছিল৷ আজি আদালতে অখিল গগৈক পুনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷ অখিল গগৈৰ উপৰি কৃষক মুক্তিৰ ধৈর্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰক গ্রেপ্তাৰ কৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি