মাজুলী : মাজুলী জিলা জলসম্পদ সংমণ্ডলৰ অধীনত নামনি মাজুলীৰ কাকৰিকটা গোৱাল গাঁও মথাউৰিত নির্মাণ কৰিছিল দুখন শ্লুইচ গে’ট৷ এখন শ্লুইচ গে’ট নাডুৱা জানত আৰু আন এখন শ্লুইচ গে’ট দলঙাহোলাৰ মণিপুৰী জানত৷ উক্ত দুয়োখন শ্লুইচ গে’ট যথেষ্ট বিসংগতিৰে ঠিকাদাৰে নির্মাণ কৰিলে৷
নাডুৱাজানৰ শ্লুইচ গে’টখনৰ ওপৰত ছাইড বান্ধ নির্মাণত যথেষ্ট অনিয়ম হৈছে৷ নাডুৱাজানৰ উক্ত শ্লুইচ গে’টখনৰ তলৰ আৰু ওপৰৰ অংশত বিশৃংখলভাৱে জধে-মধে মাটি দ’মাই থোৱাত পথচাৰীৰ অসুবিধা হৈছে৷
আনহাতে, নামনি মাজুলীৰ দলঙাহোলাৰ মণিপুৰী জানত নির্মাণ কৰা শ্লুইচ গে’টখনৰ জিঅ’বেগ আৰু জিঅ’মেট দিয়াটো যথেষ্ট অনিয়ম হৈছে৷ শ্লুইচ গে’টখনৰ বহু অংশত তলত জিঅ’মেট নিদিয়াকৈ জিঅ’বেগ দিলে৷
উক্ত মণিপুৰী জানৰ শ্লুইচ গে’টখনৰ নদীৰ ভিতৰৰ ফালে বহু কম সংখ্যক জিঅ’বেগ দিলে৷ গে’টখনৰ নদীৰ দিশত শ্লুইচ গে’টৰ তলত দুটা শাৰী কৰি বগা আৰু ক’লা জিঅ’বেগ দিলে যদিও নদীৰ অন্তঃভাগৰ দিশ দুটা শাৰীত মাত্র চাৰিটাকৈ মুঠ আঠটাহে ক’লা জিঅ’বেগ দিয়েই ঠিকাদাৰে কাম সামৰিলে৷ গে’টখনৰ ক’লা জিঅ’বেগ অন্তঃভাগত মাত্র আঠটা বেগ দিয়েই অসম্পূর্ণভাৱেই ঠিকাদাৰে কাম সম্পন্ন কৰিলে৷ মাজুলী জলসম্পদ সংমণ্ডল বিষয়াবর্গৰ অকর্মণ্যতাৰ সুযোগ লৈয়ে ঠিকাদাৰে গে’টৰ তলত মাটিৰ মাত্র আঠটা জিঅ’বেগহে দিয়ে৷