কামপুৰ : ‘জাতিৰ সংকটৰ সময়ত অসমীয়াই সংগ্রাম চলাবই৷ জাতিধবংসী আইন (কা) বাতিল নকৰা পর্যন্ত আন্দোলন অব্যাহত থাকিব৷ মাতৃভূমিক বচাবৰ বাবেহে গণতান্ত্রিক আন্দোলন কৰা হৈছে৷ জাতীয় অস্তিত্ব ৰক্ষাৰ গণ আন্দোলনক মষিমূৰ কৰিবলৈ শাসকীয় দল বিজেপিয়ে খিলঞ্জীয়া ভূমিপুত্র জনগণ-সংগঠনৰ নেতৃত্বক অসমবাসীৰ ওচৰত হেয় প্রতিপন্ন কৰাৰ অপচেষ্টা চলাইছে৷ আমি জাতিধবংসী নাগৰিকত্ব সংশোধনী আইন নামানো৷
খিলঞ্জীয়া অসমীয়াৰ স্বাভিমানক কুঠাৰাঘাত কৰা শাসকীয় বিজেপি নেতৃত্বাধীন চৰকাৰক ২০২১ত অসমৰ ৰাইজে ওফৰাব লাগিব৷’ –এই মন্তব্য বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাৰ৷ আজি কামপুৰত খিলঞ্জীয়া সংগ্রামী ঐক্যমঞ্চৰ উদ্যোগত কামপুৰ কেন্দ্রীয় ৰাসপথাৰত অনুষ্ঠিত বিশাল ৰাজহুৱা সভাত অংশগ্রহণ কৰি বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই কা-ৰ বিৰুদ্ধে আন্দোলনত নামি শ্বহীদ হোৱা পাঁচজন বীৰ শ্বহীদৰ প্রতি শ্রদ্ধা জনাই কয় যে অসমীয়াৰ ওপৰত দিল্লী-দিছপুৰে দমনমূলক নীতিৰে জাপি দিয়া নাগৰিকত্ব সংশোধনী আইন অসমে কেতিয়াও নামানে৷
চৰকাৰৰ কোনো ভয়-ভাবুকি- দমনমূলক নীতিক ভয় নকৰোঁ বুলি কৈ সাংবাদিকগৰাকীয়ে চৰকাৰে মিছা গোচৰ জাপি দি গ্রেপ্তাৰ কৰা অখিল গগৈকে ধৰি কা আন্দোলনকাৰীসকলক বিনাচর্তে মুক্তি দিবলৈ চৰকাৰক দাবী জনায়৷ বিজেপিয়ে অসমখনত সাম্প্রদায়িক বিষবাষ্প বিয়পাই হিন্দু-মুছলমানক ভাগ ভাগ কৰি টুকুৰা-টুকুৰ কৰিবলৈ ওলাইছে বুলি কৈ ভূঞাই কয় যে আমাৰ এই সংগ্রাম অসমীয়া ভাষা হেৰাই যোৱাৰ বিৰুদ্ধে সংগ্রাম৷ আমি সমস্ত ত্যাগ কৰি হ’লেও এই সংগ্রাম আগুৱাই নিব লাগিব৷
একেখন মঞ্চত সকলো সংগঠন প্রথমতে এক হওক৷ তাৰ পিছতহে সেই সংগ্রাম ৰাজনৈতিক দল গঠনলৈ ৰূপান্তৰ হওক বুলি কৈ বুদ্ধিজীৱীগৰাকীয়ে সঠিক প্রস্তুতি নোহোৱাকৈ ৰাজনৈতিক দল গঠন কৰিলে আমাৰ ক্ষতি হ’ব বুলি কয়৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী হিমন্ত বিশ্ব শর্মা, মন্ত্রী অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী, সাংসদ বীৰেন্দ্র প্রসাদ বৈশ্যকে ধৰি বিজেপি-অগপৰ নেতাসকলে অসমীয়া জাতিক বিশ্বাসঘাতকতা কৰিছে, তেনেক্ষেত্রত এইসকল ক্ষমতাৰ বাবে জাতি বিক্রী কৰা নেতাক ভালকৈ চিনি থ’বলৈ ৰাইজলৈ অজিত কুমাৰ ভূঞাই আহবান জনায়৷ ভূঞাই লগতে অসমখনক দ্বিতীয় ত্রিপুৰা কেতিয়াও হ’বলৈ দিয়া নহ’ব বুলি কৈ সর্বানন্দ সোণোৱালক আজিৰ তাৰিখত চাবি দিয়া এক পুতলা বুলিও অভিহিত কৰে৷