Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 6:13 pm

Home » আঞ্চলিক » অসম সাহিত্য সভাৰ এলানি বঁটা ঘোষণা

অসম সাহিত্য সভাৰ এলানি বঁটা ঘোষণা

গুৱাহাটী :  অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে শুৱালকুছিত অনুষ্ঠিত হ’ব লগা অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম অধিৱেশন। এই অধিৱেশনতে সভাই কেইবাগৰাকীও কবি-সাহিত্যিক-সাংবাদিকক এলানি বঁটা প্রদান কৰিব ৷ শুকুৰবাৰে এখন সংবাদ মেলযোগে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে বঁটাপ্রাপকসকলৰ নাম ঘোষণা কৰে৷ ঘোষণা অনুসৰি অসম সাহিত্য সভাৰ ২০১৮–২০ বর্ষৰ অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা আগবঢ়োৱা হৈছে অসমৰ বিশিষ্ট কবি অনুভৱ তুলসী আৰু বিশিষ্ট গল্পকাৰ ডাঃ অপূর্ব কুমাৰ শইকীয়ালৈ ৷ 
অনুভৱ তুলসীৰ ‘বানান কৰি পঢ়া লুইতৰ পানী’ আৰু অপূর্ব কুমাৰ শইকীয়াৰ ‘চ’তৰ উৰহী’ গল্প সংকলনৰ কাৰণে এই বঁটাটো আগবঢ়োৱা হৈছে৷ একেদৰে অসম সাহিত্য সভাৰ কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট কবি ডাঃ প্রয়াগ শইকীয়া আৰু লেখক নীলোৎপল বৰুৱালৈ৷ প্রয়াগ শইকীয়াৰ ‘সবাক চিত্র নির্বাক কবিতা’ আৰু নীলোৎপল বৰুৱাৰ ‘শুক্রাচার্য ৰাভা যাত্রা আৰু মাত্রা’ গ্রন্থৰ কাৰণে এই বঁটাটো আগবঢ়োৱা হৈছে ৷ সীতানাথ ব্রহ্মচৌধুৰী সোঁৱৰণী বঁটা আগবঢ়োৱা হৈছে লেখক নগেন বৰা আৰু নগেন্দ্রনাথ শর্মালৈ৷ ‘একে অসম একে গীত’ গ্রন্থৰ বাবে নগেন বৰালৈ আৰু ‘এনে মৃত্যু শিল্প নহয়’ গ্রন্থৰ বাবে নগেন্দ্রনাথ শর্মালৈ অসম সাহিত্য সভাই যুটীয়াভাৱে সীতানাথ ব্রহ্মচৌধুৰী বঁটা আগবঢ়াইছে৷ তদুপৰি হেম বৰুৱা সোঁৱৰণী সাহিত্য বঁটা ‘ইউৰোপৰ আঠখন সুকীয়া দেশ ভ্রমণ’ গ্রন্থৰ কাৰণে লেখক ইন্দ্রজিৎ দত্তলৈ আগবঢ়াইছে৷ সংবাদ মেলত বাসন্তী বৰদলৈ বঁটাও ঘোষণা কৰা হয়৷ এই বঁটা লাভ কৰিছে ‘ৰোদন’ গ্রন্থৰ বাবে মনীষা শর্মা আৰু ‘ছায়াছবি’ গ্রন্থৰ বাবে নিবেদিতা বৰপূজাৰীয়ে৷ ভৰত চন্দ্র বৰুৱা স্মাৰক বঁটা লাভ কৰিছে ‘সুজন কাণ্ডাৰ’ গ্রন্থৰ বাবে বিজয়শংকৰ শর্মা আৰু ‘নিশব্দ বার্তালাপ’ গ্রন্থৰ বাবে তপন দত্তই৷ বুদুৰাম পাংগিং স্মাৰক বঁটা লাভ কৰিছে ‘বড়ো উত্তৰণৰ ইতিহাস’ গ্রন্থৰ বাবে মুনীন্দ্র দাস আৰু ‘তিৱা সমাজ আৰু সংস্কৃতিৰ এচেৰেঙা’ গ্রন্থৰ বাবে ড০ ৰূপা ডেকা পাটৰে৷ কবি অমূল্য বৰুৱা বঁটা আগবঢ়োৱা হৈছে ‘ছ্যেং’ গ্রন্থৰ বাবে কুসুমাঞ্জলি আৰু ‘জুনুকা পিন্ধা বৰষুণ’ৰ বাবে মানসী গগৈলৈ৷ ফণী তালুকদাৰ–ডলী তালুকদাৰ ব্যংগ সাহিত্য বঁটা ধেমাজিৰ ব্যংগ সাহিত্যিক বিমল ৰাজখোৱালৈ আগবঢ়াইছে অসম সাহিত্য সভাই৷ উত্তম চন্দ্র বৰুৱা সোঁৱৰণী বঁটা আগবঢ়াইছে ডিফুৰ নীলোৎপল শর্মালৈ৷ এই বঁটাসমূহ ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব লগা শুৱালকুছি অধিৱেশনত প্রদান কৰা হ’ব৷ অসম সাহিত্য সভাই এইবেলি প্রথমবাৰৰ বাবে আন এটি বঁটা ঘোষণা কৰিছে৷ সেই বঁটাটো হ’ল অসম সাহিত্য সভাৰ যুৱ সাংবাদিকতা বঁটা৷ বঁটাটো লাভ কৰিছে প্রতিদিন টাইমৰ সাংবাদিক বশিষ্ঠ দেৱফুকন, ডি ৱাই ৩৬৫ৰ সাংবাদিক তপন কুমাৰ বৰা আৰু দৈনিক জনমভূমি কাকতৰ সাংবাদিক মনোৰঞ্জন বৰিয়ে৷ এই বঁটাটো শুৱালকুছি অধিৱেশনৰ অৰুণোদই সন্মিলনত প্রদান কৰা হ’ব বুলি সংবাদ মেলত সভাপতি ড০ পৰমানন্দ ৰাজবংশী আৰু প্রধান সম্পাদক পদুম ৰাজখোৱাই ঘোষণা কৰিছে৷ আন কেইটিমান বঁটাও দুই–এদিনতে প্রদান কৰা হ’ব বুলি সংবাদ মেলত প্রকাশ কৰে সভাপতি–প্রধান সম্পাদকে৷ সংবাদ মেলত অধিৱেশনৰ বিভিন্ন কার্যসূচীও ঘোষণা কৰা হয়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি