হাউলী : হাউলীত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দূৰ্ঘটনায়৷ ট্ৰাকৰ খুন্দাত দুই বাইক আৰোহী যুৱকৰ থিতাতে মৃত্যু৷ মৃত দুই যুৱকৰ এজনৰ নাম নৰেন দাস (৪৫)৷আনজন যুৱকৰ নাম ধনীৰাম দাস৷ দুয়োৰে ঘৰ বৰপেটাৰ সৰভোগৰ শুকানজানি গাৱত৷
বৰপেটাৰোডৰ পৰা পাঠশালা অভিমুখী চাউল ভৰ্তি ট্ৰাকৰ খুন্দাত মৃত্যুমুখত পৰে দুই মটৰ চাইকেল আৰোহী৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাজকন্যা ঢাবাৰ সন্মুখত সংঘটিত হয় দূৰ্ঘটনাতো৷দূৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS 17 2345. আনহাতে বাইকখনৰ নম্বৰ AS 01 AQ 3275 . দূৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকৰ চালকজনে পলায়ন কৰে৷ ঘটনাস্থলীত তাতালিকে উপস্থিত হাউলী আৰক্ষী৷কি পৰিস্থিতিত দূৰ্ঘটনাটো সংঘটিত হ’ল এতিয়াও সবিশেষ জানিবপৰা হোৱা নাই৷এই ঘটনাটোক লৈ হাউলী আৰু সৰভোগ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে৷