Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 6:21 pm

Home » আঞ্চলিক » শ্ৰীশ্ৰীগোপাল আতা স্থাপিত ধূপগুৰি সত্ৰৰ বাৰ্ষিক উৎসৱ সম্পন্ন

শ্ৰীশ্ৰীগোপাল আতা স্থাপিত ধূপগুৰি সত্ৰৰ বাৰ্ষিক উৎসৱ সম্পন্ন

ভৱানীপুৰ: ঐতিহ্যমণ্ডিত ভৱানীপুৰৰ নিকটৱৰ্তী ধূপগুৰিত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত শ্ৰীশ্ৰীগোপাল দেৱ আতাৰ স্থাপিত ধূপগুৰি সত্ৰত আজি ধৰ্মীয় পৰম্পৰা তথা বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে সত্ৰৰ বাৰ্ষিক উৎসৱ উদযাপন কৰে। এই বাৰ্ষিক উৎসৱৰ লগত সংগতি ৰাখি দিনৰ ভাগত সত্ৰৰ মূল গৃহটোৰ দ্বাৰ উদঘাটন তথা শুভ উদ্বোধন কৰে বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ শৰ্মাই। 
গৃহ উদ্বোধন হোৱাৰ পাছতেই গুৰু আসনত বন্তি প্ৰজ্বলন কৰে সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ দেৱ অধিকাৰীয়ে। ইয়াৰ পাছতেই এখন উদ্বোধনী সভা অনুষ্ঠিত হয়। ধূপগুৰি সত্ৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰসেনজিত মেধি আৰু সম্পাদক ধনজিৎ দাসে আঁত ধৰা সভাখনত উপায়ুক্ত মুনীন্দ্ৰ নাথ শৰ্মাই ভাষণত কয় যে, বৰ্তমানৰ চৰকাৰখনে অসমৰ সত্ৰ, নামঘৰ, মন্দিৰ, মছজিদ আদিৰ উন্নয়ন-সংৰক্ষণৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমত চৰকাৰ গঠনৰে পৰা সত্ৰ, নামঘৰ, মন্দিৰ, মছজিদৰ উন্নয়ন আৰু সংৰক্ষণৰ ধাৰাবাহিকতা অব্যাহত আছে।
 অসমৰ বিভিন্ন স্থানত থকা সত্ৰ, নামঘৰ, মন্দিৰ, মছজিদৰ লগতে বৰপেটা জিলাৰ বিভিন্ন স্থানত থকা ৩৩ খন সত্ৰ, নামঘৰ, মন্দিৰ, মছজিদৰ উন্নয়ন আঁচনি গ্ৰহণ কৰিছে অসম চৰকাৰে আৰু আগন্তুক ১ ফেব্ৰুৱাৰীৰ পৰা উন্নয়ন প্ৰক্ৰিয়া আৰম্ভ হ’ব। সভাত উপস্থিত অতিথিৰ ভাষণত জ্যেষ্ঠ আইনজ্ঞ-লেখিকা ড° মঞ্জুশ্ৰী পাঠকে শ্ৰীশ্ৰীগোপাল আতা স্থাপিত ধূপগুৰি সত্ৰৰ ইতিহাস বাখ্যা কৰাৰ লগতে সত্ৰখনক পৰৱৰ্তী সময়ত পৰ্যটকৰ আকৰ্ষণস্থলীৰূপে গঢ় দিয়াৰ বাবে চৰকাৰলৈ মুকলি আহ্বান জনায়। উল্লেখ্য যে, আজিৰ এই উদ্বোধনী সভাত সৰুপেটা ৰাজহ চক্ৰ বিষয়া শান্তনা বৰা, সুন্দৰীয়াদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ দেৱ অধিকাৰীয়েও অতিথিৰূপে বক্তৃতা প্ৰদান কৰাৰ লগতে বি:এইচ্ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভূষণ চন্দ্ৰ পাঠক, সমাজকৰ্মী কুমাৰ কৃষ্ণ ডেকা, ভৱনীপুৰ আঞ্চলিক পঞ্চায়তৰ সদস্য নিতুল দাস, সমাজকৰ্মী লুনকৰণ শ্যামসুখা, ৰকিবুল ইছলামেও অতিথিৰূপে উপস্থিত থাকে। বাৰ্ষিক উৎসৱ উপলক্ষে আজি পুৱাৰে পৰা ধূপগুৰি সত্ৰত ভকত-আয়তীয়ে নাম-প্ৰসংগ কৰে আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা অগণন ভক্তৰ সমাৱেশ ঘটে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি