Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 3:11 am

Home » আঞ্চলিক » বিজেপি চৰকাৰৰ সুমতি কামনাৰে তিনিচুকীয়াত মংগল ধবনি

বিজেপি চৰকাৰৰ সুমতি কামনাৰে তিনিচুকীয়াত মংগল ধবনি

 তিনিচুকীয়া : অসমৰ ৰাইজে নিবিচৰা কা বলপূর্বক জাপি দিব বিচৰা বিজেপি চৰকাৰৰ সুমতি কামনা কৰি তিনিচুকীয়াৰ সমীপৱর্তী বৰগুৰিত আজি মংগল ধবনি নামেৰে এক ধর্মীয় তথা আধ্যাত্মিক কার্যসূচী তিনিচুকীয়াৰ মায়ামৰা কলা-কৃষ্টি সমন্বয় সমাজ, বৰগুৰি উপ-শাখা ছাত্র সন্থা আৰু বৰগুৰি আঞ্চলিক যুৱ সংঘৰ আহবান মর্মে কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠন আৰু স্থানীয় ৰাইজৰ সহযোগিতাত সম্পন্ন হয়৷
নাগৰিকত্ব সংশোধনী আইন ২০১৯ (কা) জাপি দি অসম তথা অসমীয়াৰ অস্তিত্ব সংকটৰ ফালে ঠেলি ভাষা-কৃষ্টি-সংস্কৃতি-পৰম্পৰা নিঃশেষ কৰিব বিচৰা বিজেপি চৰকাৰৰ সুমতি আৰু বিজেপিৰ অধঃপতন কামনা কৰি এই মংগলধবনি কার্যসূচী ৰূপায়ণ কৰে৷ কার্যসূচীৰ জৰিয়তে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ চকু মুকলি হ’বলৈ তথা অসমীয়াৰ আৱেগ-অনুভূতিক শ্রদ্ধা, ভক্তি প্রদর্শন কৰিবলৈ প্রার্থনা জনায়৷ মায়ামৰা ধর্মীয় ৰীতি-নীতি, পৰম্পৰাৰে অনুষ্ঠিত কৰা মংগলধবনি কার্যসূচীত ভকত-বৈষ্ণৱসকলে শৰাই স্থাপন কৰি ভাগৱত পাঠ আৰু গায়ন-বায়ন কৰে৷
ইফালে আইসকলে হাতে হাতে কা-বিৰোধী প্লেকার্ড, ফেষ্টুন আদি লৈ আইনখনৰ বিৰুদ্ধাচৰণ কৰে৷ ইপিনে বৰগুৰি আঞ্চলিক যুৱ সংঘৰ প্রেক্ষাগৃহত কা-বিৰোধী প্রতিবাদী সভাও অনুষ্ঠিত কৰে৷ সভাত সদৌ অসম মটক যুৱ-ছাত্র সন্মিলনৰ সাধাৰণ সম্পাদক ধৰণী গোহঁায়ে সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰক বিশ্বাসঘাতক বুলি উল্লেখ কৰি তীব্র সমালোচনা কৰে৷ প্রতিবাদী সভাখনত সদৌ তিনিচুকীয়া জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোহঁাই, ভাৰপ্রাপ্ত সভাপতি ৰাজা বালিমৰা, সদৌ মৰাণ ছাত্র সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্রতাপ মৰাণ, অসম চাহ জনজাতি ছাত্র সন্থাৰ কনক কুর্মি আদিয়েও কা সন্দর্ভত সর্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ স্থিতিক চোকা ভাষাৰে সমালোচনা কৰে৷ মংগলধবনি কার্যসূচীৰ অন্তত প্রতিবাদী ৰাইজে ভকত-বৈষ্ণৱৰ ওচৰত সেৱা লৈ উচচতম ন্যায়ালয়ত আইনখন খাৰিজ হোৱাৰ আশাৰে আৰু আন্দোলনসমূহ সফল হ’বলৈ প্রার্থনা জনোৱা হয়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি