গুৱাহাটী : নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা প্ৰায় ১৪০ গোচৰৰ আজি মহামান্য উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰে। তিনিজনীয়া বিচাৰপীঠে নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা গোচৰৰ লগতে দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ত বিচাৰাধীন গোচৰ সমূহ মহামান্য উচ্চতম ন্যায়ালয়লৈ স্থানান্তৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে। চাৰি সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ কেন্দ্রীয় চৰকাৰক নিৰ্দেশনা প্ৰদান কৰাৰ লগতে দেশৰ বিভিন্ন উচ ন্যায়ালয়ত বিচাৰাধীন গোচৰ সমূহত কোনো সিদ্ধান্ত গ্রহণ নকৰিবলৈ আদেশ জাৰি কৰে তিনিজনীয়া বিচাৰপীঠে। চাৰি সপ্তাহ পিছত গোচৰ সমূহৰ পৰৱৰ্তী শুনানি গ্ৰহন কৰিব। অসম আৰু ত্ৰিপুৰাৰ পৰা দাখিল কৰা গোচৰ সমূহৰ শুনানি সুকীয়াকৈ গ্রহণ কৰিবলৈ মহামান্য ন্যায়ালয়ে সন্মতি প্ৰদান কৰে।