পিছে ইয়াতকৈ অধিক ভাল খেল দাঙি ধৰিব পাৰিলোঁহেঁতেন৷ হ’লেও ইয়াত দাঙি ধৰা প্রদর্শনক লৈ সন্তুষ্টি লাভ কৰিছোঁ৷’ ভাৰোত্তোলক গোলাপে সদ্যহতে কমনৱেলথ চেম্পিয়নশ্বিপৰ বাবে ট্রায়েলত উন্নত প্রদর্শনৰ আশাৰে অনুশীলনত ব্যস্ত আছে৷ ২০১৪ চনৰ পৰা ভাৰোত্তোলনৰ অনুশীলন আৰম্ভ কৰা গোলাপে আৰম্ভণিতে আর্থিক সংকটৰ সন্মুখীন হোৱাৰ কথাও ব্যক্ত কৰে৷
য়ুথ ৰাষ্ট্রীয় আৰু জুনিয়ৰ ৰাষ্ট্রীয় প্রতিযোগিতাত ক্রমে ব্রঞ্জ আৰু ৰূপৰ পদক পোৱা গোলাপে কয় ঃ ‘মোৰ পিতৃ অসম আৰক্ষীত কর্মৰত৷ আৰম্ভণিৰ সময়ছোৱাত আমাৰ পৰিয়ালে খেলবিধ সম্পর্কত জ্ঞাত নাছিল৷ আর্থিক সংকটৰ মাজতে অনুশীলন চলাই গৈছিলোঁ৷ খেলবিধৰ বিষয়ে অধিক জ্ঞান আহৰণৰ চেষ্টা অব্যাহত ৰাখিছিলোঁ৷ ভূপালত হোৱা ট্রায়েলত দাঙি ধৰা প্রদর্শনৰ সুবাদতে ভাৰতীয় সেনাত ৪ মাহৰ আগেয়ে যোগদানৰ সুযোগ পালোঁ৷ পৰিয়ালৰ লগতে ভাৰতীয় সেনাৰ সাহচর্যৰ বাবেই এই পর্যায়ত উপনীত হ’ব পাৰিছোঁ৷’