Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:31 am

Home » আঞ্চলিক » গণৰাজ্য দিৱসত দেশপ্ৰেমিক-শ্বহীদৰ পৱিত্ৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি যাচিবলৈ আহ্বান ‘পিপিএফএ’ৰ

গণৰাজ্য দিৱসত দেশপ্ৰেমিক-শ্বহীদৰ পৱিত্ৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি যাচিবলৈ আহ্বান ‘পিপিএফএ’ৰ

গুৱাহাটী : অহা ২৬ জানুৱাৰীত ত্ৰিৰংগ জাতীয় পতাকা উত্তোলনেৰে ‘গণৰাজ্য দিৱস’ পালনৰ লগতে দেশৰ হেজাৰ-বিজাৰ স্বাধীনতা সংগ্ৰামী শ্বহীদ দেশপ্ৰেমিকসকলৰ পৱিত্ৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি যাচিবলৈ ৰাইজক আহ্বান জনাইছে ‘পেট্ৰিয়টিক পিপলছ্ ফ্ৰন্ট অসম’ (পিপিএফএ)এ৷ 
এক প্ৰেছ বিবৃতিযোগে পিপিএফএই কয় যে ১৯৫০চনৰ পৰা ২৬ জানুৱাৰীক আনুষ্ঠানিকভাবে আমাৰ ‘গণৰাজ্য’ বা ‘গণতন্ত্ৰ দিৱস’ৰ মৰ্যাদা দিয়া হ’লেও ১৯৪৭ৰ ১৫ আগষ্ট অৰ্থাৎ ‘স্বাধীনতা দিৱস’ৰ পূৰ্বে বহু বছৰ ধৰি পৰাধীন ভাৰতত ২৬ জানুৱাৰীৰ দিনটোৱেই আছিল স্বাধীনতা-সংগ্ৰামীসকলৰ বাবে প্ৰতীকী স্বাধীনতা দিৱস৷
পৰাধীন ভাৰতত এই দিনটোতেই দেশপ্ৰেমিকসকলে সংগ্ৰামৰ ন-ন কাৰ্যসূচী আৰু শপত গ্ৰহণ কৰিছিল আৰু পূৰ্ণ স্বাধীনতা অৰ্জনৰ বাবে সংগ্ৰামত জঁপিয়াই পৰিছিল৷ গতিকে আমাক স্বাধীনতা আনি দিবলৈ আমাৰ যিসকল পূৰ্বপুৰুষে কাৰাগাৰৰ যন্ত্ৰণা ভোগ কৰিছিল, গুলী খাই, ফাঁচীকাঠত প্ৰাণ বিসৰ্জন দি শ্বহীদ হৈছিল৷ সেইসকল মহান বীৰ-বীৰাংগনাক দেশৰ জাতীয় দিৱসত কৃতজ্ঞচিত্তে স্মৰণ কৰা আৰু শ্ৰদ্ধাঞ্জলি যঁচাটো আমাৰ নৈতিক কৰ্তব্য৷ আমাৰ অসমতো স্বাধীনতা সংগ্ৰামৰ ইতিহাস ৰঞ্জিত হৈ আছে কনকলতা বৰুৱা, মুকুন্দ কাকতী, কুশল কোঁৱৰ, ভোগেশ্বৰী ফুকননী, তিলক ডেকা, কমলা মিৰি, নিধানু ৰাজবংশী, লেৰেলা বড়ো, মদন বৰ্মন, ৰাউতা বড়ো, মংগল কুৰ্মি, লক্ষী হাজৰিকা, ঠগী সূত, বলোৰাম সূত, গুণাভি বৰদলৈ প্ৰমুখ্যে অলেখ শ্বহীদ বীৰ-বীৰাংগনাৰ আত্মত্যাগৰ স্মৃতিৰে৷ 
আজিকালি বহু ব্যক্তি-দল-সংগঠনে ২৬ জানুৱাৰী বা ১৫ আগষ্টৰ দৰে ‘জাতীয় দিৱস’ত ত্ৰিৰংগ পতাকা উত্তোলন কৰাৰ সলনি নানা প্ৰতিবাদ-দাবী সাব্যস্ত কৰাৰ দৰে দেশদ্ৰোহমূলক কথা কয়৷ অকৃতজ্ঞৰ দৰে এইসকলে পাহৰি যায় যে যিসকল দেশপ্ৰেমিক শ্বহীদৰ সংগ্ৰাম আৰু ত্যাগৰ বিনিময়ত আমি স্বাধীনতা আৰু গণতান্ত্ৰিক দেশৰ নাগৰিক হোৱাৰ অধিকাৰ লাভ কৰিছোঁ, সেইসকলৰ স্মৃতিত বছৰৰ ৩৬৫ দিনৰ অন্ততঃ দুটা দিনত শ্ৰদ্ধা তৰ্পন কৰাটো আমাৰ নৈতিক কৰ্তব্য আৰু দায়িত্ব৷ 
আচৰিত কথাটো হ’ল এইসকলে সাংবিধানিক অধিকাৰৰ দাবীত আন্দোলন কৰাৰ কথা কয়, অথচ ‘জাতীয় দিৱস’ত ত্ৰিৰংগ পতাকা উত্তোলন নকৰি সংবিধানক অপমান কৰাৰ কামত লিপ্ত হয়৷ যিয়ে দেশ বা ৰাষ্ট্ৰক মৰ্যাদা দিব নোখোজে, তেওঁ সেই ৰাষ্ট্ৰৰে অন্তৰ্গত সংবিধানৰ অধিকাৰ বিচাৰি আন্দোলন কৰাটো উদ্ভট আৰু হাস্যকৰ কথা বুলিও পিপিএফএই মন্তব্য কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি