Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 1:22 pm

Home » ক্ৰীড়া » খেলো ইণ্ডিয়াত নগৰবেৰাৰ দৰিদ্ৰ পৰিয়ালৰ দুই ভাতৃৰ সাফল্য

খেলো ইণ্ডিয়াত নগৰবেৰাৰ দৰিদ্ৰ পৰিয়ালৰ দুই ভাতৃৰ সাফল্য

গুৱাহাটী : গুৱাহাটীত অনুষ্ঠিত Khelo India ত অংশ গ্ৰহণ কৰিছে নগৰবেৰাৰ এখন অখ্যাত গাঁৱৰ দুগৰাকী সহোদৰ ভাতৃয়ে। আমি কব বিচাৰিছো নগৰবেৰাৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰত্বৰ অতি পিছপৰা ৰূপহাৰা গাঁৱৰ নুৰ আলম আৰু তেওঁৰ কণিষ্ঠ ভাতৃ আব্দুল কৰিমৰ কথা। 

বোকাত পদুম ফুলাৰ দৰেই দুই ভাতৃৰ সাফল্যৰ কাহিনী। অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান নুৰ আলমে খেতি পথাৰত কাম কৰাৰ উপৰি পৰিয়ালৰ দৰিদ্ৰতাৰ বাবে দৰ্জী হিচাপে কাম কৰিছিল। কামৰ মাজতে সময় উলিয়াই নুৰ আলমে নিয়মিতভাৱে খেলিছিল ভলীবল। গাঁওৰ সাধাৰণ টিমৰ পৰাই এদিন মিৰ্জালৈ খেলিবলৈ গৈ এগৰাকী ৰেফাৰীৰ দৃষ্টিত পৰে নুৰ আলম। আৰু ইয়াৰ পৰাই আৰম্ভ হৈছিল সফলতাৰ যাত্ৰা। 
অসম বিদ্যুৎ পৰিষদৰ হৈ খেলা নুৰ আলমৰ পথকে অনুসৰণ কৰি কণিষ্ঠ ভাতৃ আব্দুল কৰিমো ভলীবলত আৰম্ভ কৰিল যাত্ৰা। আৰু এতিয়া কষ্টৰ ফল পাইছে দুয়ো ভাতৃয়ে৷ গুৱাহাটীত অনুষ্ঠিত Khelo India ৰ অনুৰ্ধ ২১ বছৰ ভলীবল টিমক অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছে দুই ভাতৃয়ে। দুয়োগৰাকী ভাতৃৰ এনে সফলতাত উৎফুল্লিত পৰিয়াল, গাঁওবাসী। বুধবাৰে এদিনৰ ছুটি পাই গাঁওখনলৈ অহাত দুই ভাতৃক লৈ গাঁওবাসী, পৰিয়ালৰ ব্যাপক উছাহ। গাড়ীৰ পৰা নামিয়েই পিতৃ-মাতৃক সেৱা জনাই সকলো কৃতিত্বৰ অধিকাৰী হিচাপে স্বীকৃতি দিলে জ্যেষ্ঠ ভাতৃ নাছিৰ আলীক। 
ইয়াৰ পূৰ্বে দুই ভাতৃক বিভিন্ন দল সংগঠনে আদৰণি জনায়। জুপুৰি সদৃশ ঘৰৰ লৰা আজি অঞ্চলবাসীৰ লগতে অসমৰ গৌৰৱ। পৰিয়ালটোৰ দৰিদ্ৰতাৰ প্ৰতি সুদৃষ্টি দিবলৈ চৰকাৰক আহ্বান জনালে সকলোৱে। প্ৰশ্ন হয়, চৰকাৰে শুনিবনে দৰিদ্ৰ পৰিয়ালটোৰ এই আহ্বান?

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি