Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:24 pm

Home » আঞ্চলিক » কৃষক মুক্তিৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক শশী শেনচোৱাক গ্রেপ্তাৰ : শীঘ্ৰে মুক্তিৰ দাবী

কৃষক মুক্তিৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক শশী শেনচোৱাক গ্রেপ্তাৰ : শীঘ্ৰে মুক্তিৰ দাবী

গণতান্ত্রিক আন্দোলন ভীতিগ্রস্ত কৰাৰ চেষ্টা বিজেপি চৰকাৰৰ

গুৱাহাটী : সমগ্ৰ অসমজুৰি নাগৰিকত্ব সংশােধনী আইন বিৰােধী আন্দোলন তুংগত উঠি থকাৰ সময়তে এই আন্দোলনক ধ্বংস কৰিবলৈ তথা ভীতিগ্রস্ত কৰিবলৈ উঠি পৰি লাগিছে বিজেপি চৰকাৰ। বিশেষকৈ কৃষক মুক্তি সংগ্রাম সমিতিৰ কণ্ঠৰূদ্ধ কৰিবলৈ তথা কৃষক মুক্তিৰ নেতৃত্বত গঢ় লৈ উঠা কা’ বিৰােধী গণতান্ত্রিক আন্দোলন মষিমূৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে সর্বানন্দ সােণােৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে।
অখিল গগৈ, ধৈর্য কোঁৱৰ, বিতু সােণােৱালকে ধৰি কেইবাজনাে নেতাকর্মীক বিজেপি চৰকাৰে জেলত আবদ্ধ কৰাৰ পিছতাে তেওঁলােকে কৃষক মুক্তিৰ নেতাকর্মীৰ ওপৰত দমন নিপীড়ন অব্যাহত ৰাখিছে। আজি পুৱা ৬ বজাত ডিব্ৰুগড় জিলা কৃষক মুক্তি সংগ্রাম সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক শশী শেনচোৱাক তেওঁৰ ৰাজগড়ৰ নাচনীস্থিত নিজ বাসগৃহৰ পৰা ডিব্ৰুগড় আৰক্ষীয়ে গ্রেপ্তাৰ কৰে।
জানিব পৰা মতে কা’ বিৰােধী আন্দোলনৰ সময়ত হােৱা হিংসাত্মক কার্যত জড়িত বুলি সন্দেহকৰি ডিব্ৰুগড় থানা আৰু টিংখাং থানাত পঞ্জীয়ন হােৱা দুটা গােচৰৰ আধাৰত তেওঁক গ্রেপ্তাৰ কৰে। শশী শেনচোৱাক গ্রেপ্তাৰৰ খবৰ পােৱাৰ পিছত তেওঁৰ মুক্তিৰ দাবীত শতাধিক লােকে ৰাজগড়ত পথ অৱৰােধ কৰে।
প্রতিবাদকাৰীসকলে চৰকাৰৰ কৃষক মুক্তি সংগ্রাম সমিতিৰ ওপৰত এনে দমন নীতিৰ তীব্ৰ বিৰােধিতা কৰাৰ লগতে অতি শীঘ্ৰে শশী শেনচোৱাক মুক্তি দিবলৈ দাবী জনায়। আজি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি ৰাজু বৰা, ভাস্কো ডি শইকীয়া, কার্যকৰী সভাপতি অনিল বড়াে আৰু সাধাৰণ সম্পাদক মুকুট ডেকাই কয় যে— কৃষক মুক্তিৰ নেতৃত্বত ‘কা’ বিৰােধী আন্দোলনে তীব্র ৰূপ ধাৰণ কৰাৰ কাৰণেই চৰকাৰে কৃষক মুক্তিৰ নেতা-কর্মীসকলক বাচি বাচি গ্রেপ্তাৰ কৰিছে। যিমানেই কৃষক মুক্তিৰ ওপৰত চৰকাৰে দমন চলাব কৃষক মুক্তি আন্দোলন সিমানেই দৃঢ় হ’ব বুলিও তেওঁলােকে কয়। প্ৰেছ বিবৃতিৰ জৰিয়তে তেওঁলােকে কৃষক মুক্তিৰ সকলাে বন্দী নেতাকর্মীৰ মুক্তিৰ দাবী জনায়।।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি