হাউলী : ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে হাউলীতো আজি ভোগালী বিহু পালন কৰা হয়৷ বিহুৰ লগত সংগতি ৰাখি আজি পুৱা হাউলী গাৱত অনুষ্ঠিত হয় এখনি ভেশছন প্ৰতিযোগিতা৷ সচৰাচৰ হোৱা ভেশচন প্ৰতিযোগিতাৰ সলনি জাতীয় জীৱনক প্ৰতিফলিত কৰি অনুষ্ঠিত হয় এই ভেশছন প্ৰতিযোগিতা৷ সাম্প্ৰতিক পৰিস্থিতিত সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলন, অসমীয়া শিপিনী, জ্যেষ্ঠসকলক বিহুৰ সেৱা জনোৱা, নামতি আদি বিভিন্ন ৰূপৰ প্ৰতিকীৰ লগতে অসমীয়া জন জীৱনৰ বিভিন্ন দিশ আৰু ৰাজনৈতিক ঘটনাসমুহৰ উপস্থাপনেৰে এই ভেশছন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷