Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:18 pm

Home » আঞ্চলিক » কা’ বিৰোধী আন্দোলনৰ লক্ষ্য কাঁড়ৰ দৰে একমুখী আৰু তীব্ৰ হব লাগিব : অখিল গগৈ

কা’ বিৰোধী আন্দোলনৰ লক্ষ্য কাঁড়ৰ দৰে একমুখী আৰু তীব্ৰ হব লাগিব : অখিল গগৈ

আছু, কৃষক মুক্তিকে ধৰি সকলোকে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান
গুৱাহাটী-‘কা’ বিৰোধী আন্দোলনৰ লক্ষ্য কাঁড়ৰ দৰে একমুখী আৰু তীব্ৰ হব লাগিব। প্ৰতীকী আন্দোলনৰ সময় শেষ হৈছে। এতিয়া কা বাতিল কৰাৰ বাবে চৰকাৰক বাধ্য কৰিব পৰা উত্তাল গণ আন্দোলন কৰিব লাগিব আৰু ইয়াৰ বাবে আছু, কৃষক মুক্তি, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি সকলো জাতীয়-জনগোষ্ঠীয় সংগঠনকে ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তুলিব লাগিব

আগতে ‘কা’ বাতিল তাৰ পিছতহে বিকল্প ৰাজনীতিৰ বাবে প্ৰস্তুতি গ্ৰহণ কৰিব লাগিব। কা আন্দোলনৰ নেতৃত্ব গ্ৰহণ কৰি চৰকাৰৰ ৰোষত পৰি কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈয়ে ভোগালী বিহুৰ পূৰ্বে এইদৰে নিজৰ মনৰ কথা প্ৰকাশৰ জৰিয়তে অসমবাসী ৰাইজলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে ‘কা’ বিৰোধী আন্দোলনৰ নেতৃত্ব গ্ৰহণ কৰি এক ষড়যন্ত্ৰমূলক গোচৰত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈৰ লগত ভোগালী বিহুৰ পূৰ্বে সাক্ষাৎ কৰিবলৈ যোৱা জ্যেষ্ঠ সাংবাদিক মঞ্জিৎ মহন্ত, সাংবাদিক-লেখক দিব্যজ্যোতি শৰ্মা, অধিবক্তা হোমেন বৰা আৰু মিৰা বৰঠাকুৰে সাক্ষাৎ কৰিছিল বুলি জানিব পৰা গৈছে। কাৰাগাৰত সাক্ষাৎৰ সময়তেই কৃষক নেতা অখিল গগৈ সাম্প্ৰতিক কা বিৰোধী আন্দোলনৰ গতি-প্ৰকৃতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি এইদৰে নিজৰ মনৰ কথা ব্যক্ত কৰিছিল বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে। ছাত্ৰ মুক্তিৰ নেতাগৰাকীয়ে জনোৱামতে জ্যেষ্ঠ সাংবাদিক মঞ্জিৎ মহন্ত, সাংবাদিক-লেখক দিব্যজ্যোতি শৰ্মা, অধিবক্তা হোমেন বৰা আৰু মিৰা বৰঠাকুৰৰ জৰিয়তে অসমবাসী ৰাইজলৈ কৃষক নেতা অখিল গগৈয়ে আহ্বান জনাই এইদৰে কয়”, কা’ বিৰোধী আন্দোলনৰ লক্ষ্য কাঁড়ৰ দৰে একমুখী আৰু তীব্ৰ হব লাগিব।

‘কা’ বলবৎ হোৱাৰ খবৰে মোক অস্থিৰ কৰি তুলিছে আৰু মই কাৰাগাৰৰ পৰা বাহিৰলৈ ওলাই গৈ প্ৰতিবাদী আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে অধিৰ আগ্ৰহী হৈ পৰিছো। ‘কা’ৰ বিৰুদ্ধে প্ৰতীকী আন্দোলনৰ সময় শেষ হৈছে। এতিয়া চৰকাৰক বাধ্য কৰিব পৰা উত্তাল গণ আন্দোলন কৰিব লাগিব। আন্দোলন হব শান্তিপূৰ্ণ, গণতান্ত্ৰিক অথচ আপোচবিহীন। আন্দোলন ঐক্যবদ্ধ হব লাগিব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি