Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 6:38 pm

Home » সম্পাদকীয় » ‘‘পুহ গ’ল মাঘ হ’ল, আমাৰ মেজি জ্বলি গ’ল’’

‘‘পুহ গ’ল মাঘ হ’ল, আমাৰ মেজি জ্বলি গ’ল’’

জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখিছে। বিহুৰ সকলো কামেই হয় সমুহীয়াভাৱে যি মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে। বিহুৰ জৰিয়তে মানুহৰ মাজত বয়ন শিল্প, খেল-ধেমালি আদিৰো উন্নতি সাধন হয়। বিহুৰ জৰিয়তে অসমীয়া জাতিয়ে এক নিজস্ব পৰিচয় বহন কৰিছে।
মাঘ বিহু আদিম যুগৰ পৰাই সমগ্ৰ অসমত এক গুৰুত্বপূৰ্ণ উৎসৱ হিচাপে পালন কৰি আহিছে। মাঘ বিহু আদিম যুগৰ বড়ো মূলীয় লোক সকলৰ প্ৰধান উৎসৱ আছিল। পাছৰ পৰ্যায়ত কামৰূপ ৰাজ্যৰ দিনত আৰ্য ব্ৰাহ্মণ সকলে হিন্দু ৰীতি মতে তিথি নিৰ্ধাৰিত কৰি দিছিল।
পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু পালন কৰা হয়। এই বিহু তিনিদিন পালন কৰা হয়। পুহত শালি ধান, মাহ, তিল, মগু, আদি শস্য চপাই মানুহে ভঁৰাল ভৰায়। এই সময়ত কৃষকসকলে খেতি চপাই ভঁৰাল উপচাই ৰাখে বাবে এই বিহু ভোগালী বিহু ৰূপে প্ৰচলিত৷ এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে। সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ, চিৰা, নানা ধৰণৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। মাঘ বিহুৰ মূল আকৰ্ষণ হ’ল মেজি পোৰা। এই বিহুক ধৰ্মীয় ৰূপ দিবৰ কাৰণে মকৰ সংক্ৰান্তিও বোলে৷ এই সময়ত সূৰ্য্য মকৰ ক্ৰান্তিৰ ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তি বোলা হয়৷
আহোমৰ ৰাজত্বকালত ৰাজকীয় পৃষ্ঠপোষকতাৰে এই বিহু পালন কৰা হয় বুলি জনা যায়৷ বিহুৰ দিনা ৰংঘৰৰ বাকৰিত বিভিন্ন খেল-ধেমালি, ৰং-ৰহইচৰ আয়োজন কৰা হৈছিল৷ স্বৰ্গদেউসকলে ডা-ডাঙৰীয়াসকলৰ সৈতে উপস্থিত থাকি এই উৎসৱ উপভোগ কৰিছিল৷ আকাশত শেন-কণুৱা আদি চৰাইক প্ৰশিক্ষণ দি ৰণ লগোৱা হৈছিল৷ সেইদৰে হাতী যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ, মল্ল যুঁজ, ম’হ যুঁজ, বুলবুলি চৰাইৰ যুঁজ আদিৰো সেইসময়তে প্ৰচলন হয় বুলি জানিব পৰা যায়৷ এই সমূহ কাৰ্যৰ সুষমতাৰ বাবে ৰজাঘৰীয়া খেল আৰু বিষয়বাব আছিল৷ যেনে- হাতীবৰুৱা, শেনচোৱা ফুকন, কুকুৰাচোৱা বৰুৱা ইত্যাদি৷ সেইদিশৰ পৰা ৰংঘৰ আৰু ইয়াৰ সৈতে সংলগ্ন বাকৰি ৰোমান কলছিয়ামৰ সমতুল্য৷
গাঁৱৰ ডেকা সকলে নৰা কাটি পুহতে ভেলাঘৰ প্ৰস্তুত কৰে। উৰুকাৰ দিনা তেওঁলোকে লগ লাগি ভোজ ভাত খাই নাচি বাগি উজাগৰে থাকে। খেৰৰ নৰাৰে ভেলাঘৰ সাজি গাৱঁৰ ৰাইজে ভেলাঘৰত ভোজভাত খায়৷ তাৰোপৰি গাঁৱৰ ৰাইজে মিলি একেলগে জুই পুৱাই নাম-কীৰ্তন কৰে৷ ভেলাঘৰৰ কাষতে কাঠ-বাঁহৰে সজা মেজিত অগ্নিসংযোগ কৰা হয়৷ মেজি সাধাৰণতে প্ৰতিযোগিতামূলকভাৱে ওখ হোৱা দেখা যায়৷ মেজিৰ ব্যৱহাৰ উজনি অসমত তুলনামূলকভাৱে বেছি৷ মেজিৰ জুইত বাঁহৰে সজা পানীহিলৈ ফুটোৱাটো এক পৰম্পৰা৷ পানী জমা হোৱা কোনো বাঁহক মেজিৰ জুইত ভৰাই দি দাৰে আঘাত কৰা হয়৷ মেজিৰ জুই জ্বলাই গোৱা হয় “পুহ গ’ল মাঘ হ’ল, আমাৰ মেজি জ্বলি গ’ল”৷ মেজিৰ তলত আশীৰ্বাদ ল’লে ব্যক্তিৰ মনৰ আকাংক্ষা পূৰণ হয় বুলি জনবিশ্বাস আছে৷
সাধাৰণতে খেৰ-নৰাৰে সজা ভেলাঘৰৰ দীঘ-প্ৰস্থ সমান হয়, কিন্তু ঠাইভেদে ইয়াৰ আকাৰ ভিন্ন হোৱা দেখা যায়৷ কোনো কোনো ঠাইত দুচলীয়া শংকু আৰু আয়তাকাৰ আকৃতিৰ মেজিঘৰৰ নিৰ্মাণ কৰাও দেখা যায়৷ তাৰোপৰি কামৰূপ-নলবাৰীৰ কিছু কিছু অঞ্চলত কলপাতেৰেও ভেলাঘৰ সজা হয়৷ উজনি অসমত ভেলাঘৰক হাৰলি ঘৰ বুলিও জনা যায়৷ ভেলাঘৰক কলাত্মক ৰূপ দিয়াটো এক আধুনিক ৰীতি৷ একো একোটা ভেলাঘৰ তিনি তলা পৰ্যন্ত ওখ হোৱা দেখা যায়৷ ই একো প্ৰকাৰৰ শিল্প৷ মেজিৰ নিৰ্মাণ কৰোতে দুটা কলগছৰ গাত সমান্তৰালকৈ কাঠ আৰু বাঁহ জাপি দিয়া হয় (“=” আৰু “৷৷” ধৰণে )৷ মেজিটোৰ একেবাৰে ওপৰত আগলি বাঁহ আৰু কলপাত এখিলা দিয়া হয়৷ মেজি এক প্ৰকাৰৰ শৈৱ আচাৰৰ phallic symbol প্ৰভাৱ পৰা প্ৰতীক৷ ই আদিম মানৱ সমাজৰ ধাৰণাৰ দ্বাৰা প্ৰভাৱিত৷ ঠাই বিশেষে আৰু জনগোষ্ঠীভেদে মেজিৰ আকাৰ-আকৃতিৰ ভিন্নতা দেখা যায়৷ যেনে- খামতি জনগোষ্ঠীৰ মেজি আন মেজিৰ তুলনাত গগণচুম্বী৷
আদিতে উৰুকাত ভেলাঘৰ বা মেজি সাজি জ্বলোৱা কামটো গৰখীয়াসকলে কৰিছিল৷ নৃতাত্বিক দিশৰ পৰা চাবলৈ গ’লে ই চিকাৰ যুগৰ পৰা কৃষিযুগৰ আৰম্ভণিৰ সমাজখনক সূচায়, যেতিয়া মানুহে জীৱ-জন্তুক পোহ মনাইছিল আৰু শস্য চপাই আনন্দ কৰিছিল৷ এফালৰ পৰা চাবলৈ গ’লে ই মানৱ সমাজৰ বুদ্ধি-বৃত্তিকো সূচায়, য’ত খেতি কৰাৰ সামৰ্থ কেৱল মানৱ Homo Sapiens সমাজেহে আয়ত্ব কৰিলে৷ ভেলাঘৰ বা মেজিৰ জুইকুৰাই মানুহক প্ৰাণীসমাজৰ পৰা পৃথক কৰে আৰু মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে৷ সেইদিশৰ পৰা মাঘ বিহুৰ উৰুকা একমতে হাজাৰ বছৰৰো অধিক প্ৰাচীন উৎসৱ৷ সামাজিকস্তৰত বা লোকাচাৰৰ দিশৰ পৰা অনুসন্ধান কৰিলে বুজা যায়, খেতি চপোৱাৰ সময়ত বন্য পশুৰ উপদ্ৰৱ বৃদ্ধি পায়৷ হাতী-মহে আহি জনপদ সমূহত অত্যাচাৰ কৰে আৰু পকা ধান আৰু শস্য বিনষ্ট কৰে৷ যাৰ ফলত গৰখীয়া বা খেতিয়কে জুই জ্বলায় আৰু পানীহিলৈ ফুটায় ধাননি আৰু পথাৰসমূহ ৰক্ষা কৰে৷ পিছলৈ ইয়ে বিৱৰ্তন বা ৰূপান্তৰ ঘটি উৰুকাৰ নাম পায়৷
উপৰত উল্লেখ কৰি অহাৰ দৰে, মানৱ সমাজৰ চিকাৰ যুগৰ পৰা কৃষিযুগলৈ উত্তৰণ ঘটিল যদিও সমূহীয়াভাৱে চিকাৰ কৰাৰ প্ৰথা একেবাৰে নাইকীয়া নহ’ল৷ যাৰ ফলত সমূহীয়া চিকাৰৰ ঠাইত আধুনিকযুগ বা মধ্যযুগৰ শেষৰ ফালে মৎস্য চিকাৰ কৰাৰ পৰম্পৰা হ’ল৷ বিহুৰ উৰুকাৰ দিনা বিল, নদী, পুখুৰী, জান জলাশয় আদিত একোটা চুবুৰি বা একোখন গাঁৱৰ ৰাইজে সমূহীয়াকৈ মাছ ধৰে৷ জাতি-ধৰ্ম নিৰ্বিশেষে সকলো লোকে এই মাছ ধৰা উৎসৱত অংশগ্ৰহণ কৰে৷ এই প্ৰথা অনুসৰি, বিল, নদী, পুখুৰী আদিত জাল, পল, জুলুকিলৈ মাছ মাৰি ৰাইজে সেই মাছেৰে উৰুকাৰ ভোজ খায়৷
উৰুকাৰ নিশাৰ পৰম্পৰা :
পুহ মাহৰ শেষৰ দিন টোত উৰুকা উদযাপন কৰা হয়। উৰুকাৰ ৰাতি চেমনীয়া ল’ৰাবোৰে গাঁৱৰ মানুহৰ বাৰীৰ পৰা খৰি, শাক-পাচলি আদি চুৰি কৰি আনে৷ কাৰোবাৰ ঘৰত দুজনমান ল’ৰাই পিঠা খোৱাৰ চলেৰে সোমায় আৰু বাকী দুজনমানে বাৰীৰ পৰা কুকুৰা-পাৰ, জেওৰা-জপনা, আলু-কবি আদি চুৰি কৰি লৈ যায়৷ এই প্ৰথাৰ বাবেই গৃহস্থয়ো সাধাৰণতে ওৰে ৰাতি ঘৰৰ বাৰী, চৌহদ আদিৰ চকু ৰাখে৷ সেইবাবে এই বিহুক চোৰ বিহু বুলিও কয়৷
ৰাতি পুওৱাৰ লগে লগে গা-পা ধুই মেজিত জুই লগাই দিয়ে৷ জুই জ্বলি উঠিলে মন্ত্ৰ মাতি মাহ, মগু, পিঠা, চাউল, ঘিউ আদি দি অগ্নিক সেৱা কৰে। মেজি পোৰাৰ শেষত তাৰ ছাঁইৰে সকলোৱে ফোঁট লয়। অৱশ্যে নৰাৰ সুবিধা নথকা ঠাইত কাঠ-বাঁহ আদিৰেই মেজি বনায়। এই বিহুৰ মেজি পোৰা অগ্নি পুজাৰেই নামান্তৰ বুলিব পাৰি। মেজি ঘৰ দাহনৰ পিছত আধাপোৰা বাঁহচালি লাগনী গছত ওলোমাই দি উদ্ভিদৰ বৃদ্ধিৰ কামনা কৰা হয়৷
মেজিত জুই লগাই অগ্নি দেৱতাক শ্ৰদ্ধা নিবেদন কৰোঁতে তলৰ মন্ত্ৰ ফাঁকিগোৱা হয়-
অগ্নিং প্ৰজ্জ্বলিতং বন্দে চতুৰ্ব্বেদং হুতাশনং৷
সুবৰ্ণ-বৰ্ণমমলং জ্যোতি ৰূপায় তে নম:৷৷
ইয়াৰ পাছত ভোজ-ভাত খোৱা হয়৷ গুৰু-ভকতক ঘৰলৈ মাতি আনি ন ধানৰ ন মুঠি জা-জলপান খুৱাই আশীৰ্বাদ লোৱা হয়৷
ফোন নং- 9435983235
ই-মেইল : jamanur786@gmail.com

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি